মহিলাই বছৰি পাব ১ লাখকৈ টকা, ৰাহুল গান্ধীয়ে দিলে ভৰষা
নিৰ্বাচন মানেই সকলো দলৰ সকলো প্ৰাৰ্থীৰে বহু আশা ভৰা প্ৰতিশ্ৰুতি। নিৰ্বাচন যিমানে কাষ চাপি আহিছে সিমানেই প্ৰতিশ্ৰুতিবোৰো বাাঢ়ি আহিবলৈ ধৰিছে। অসমতো এতিয়া সকলোফালে কেৱল নিৰ্বাচনী জ্বৰ। তাৰে মাজতে ৰাহুল গান্ধীয়ে আজি ১৩ মাৰ্চ বুধবাৰে কৰা এক টুইটে তোলপাৰ লগাই দিছে।
প্ৰকাশিত টুইট অনুসৰি, কিছু সংখ্যক বিশেষ মহিলাই বছৰি লাভ কৰিব ১ লাখকৈ টকা। নাৰী শক্তিক প্ৰণাম জনাই কংগ্ৰেছৰ অন্যতম নেতাগৰাকীয়ে এই কথা সদৰি কৰে। সদৰি কৰা কথা অনুসৰি মহালক্ষ্মী নামৰ এই প্ৰতিশ্ৰুতিত অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকীকৈ মহিলাই গ্যাৰাণ্টী সহিতে বছৰি লাভ কৰিব ১ লাখ টকা।
কেৱল এটাই নহয় ৫টাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাহুল গান্ধীয়ে। দেশৰ মুঠ জনসংখ্যাৰ যদি আধা মহিলা হ’ব পাৰে তেন্তে সংৰক্ষণৰ ক্ষেত্ৰতো কিয় আধা হ’ব নোৱাৰে বুলি কেন্দ্ৰীয় চৰকাৰৰ সকলো ধৰণৰ নিয়োগৰ ক্ষেত্ৰত সমানে আধা পদ মহিলাৰ বাবে সংৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতি।
আশা কৰ্মী, অংগনবাদী, মধ্যাহ্ন ভোজনৰ ৰান্ধনী আদিৰো দৰমহা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দুগুণ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি। অধিকাৰ মৈত্ৰী বুলি সকলো পঞ্চায়ততে এগৰাকীকৈ মহিলা নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি, যাতে সেই মহিলাগৰাকীয়ে সজাগতা আনি আইনী ভাৱে ন্যায় পোৱাত সহায় কৰে অন্য মহিলাক।
দেশৰ প্ৰথমগৰাকী মহিলা শিক্ষয়ত্ৰী সাবিত্ৰী বাই ফুলেৰ নামেৰে সমগ্ৰ দেশতে, প্ৰতি ৰাজ্যৰ প্ৰতিখন জিলাতে দুগুণ অধিক ছাত্ৰীবাস মুকলি কৰাৰ প্ৰতিশ্ৰুতি। এই ছাত্ৰীবাসসমূহ কৰ্মোদ্যমী মহিলাৰ বাবে সুবিধা হোৱাকৈ মুকলি কৰাৰ কথা সদৰি কৰে ৰাহুল গান্ধীয়ে।
যদি এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰি শাসনলৈ আহে তেন্তে সমৃদ্ধিৰ দ্বাৰ নামেৰে এই ৫টাকৈ প্ৰতিশ্ৰুতি সফলভাৱে ৰূপায়িত কৰিব বুলি টুইট কৰে ৰাহুল গান্ধীয়ে।
https://x.com/RahulGandhi/status/1767827657675137373?s=20
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ