অসম লাইভ২৪ঃ পাহৰণিৰ বুকুত আৰক্ষী বিষয়া জোনমণি ৰাভা। সময়ে গঢ়ে, সময়েই মচি নিয়ে। এগৰাকী মাতৃয়ে বুজে, সন্তানক হেৰুওৱাৰ দুখে কেনেদৰে হৃদয় ভাঙে? জোনমণিৰ মাতৃৰ বুকুত জ্বলি আছে একুৰা ক্ষোভৰ জুই। মাতৃয়ে বিস্ফোৰক মন্তব্য কৰি কৈছিল, ‘মই জানো, জোনমণিক তেওঁলোকেই হত্যা কৰিছে৷’ কিন্তু সময় বাগৰিলে সেই ক্ষোভৰ জুইকুৰাও লাহে লাহে নুমাই আহিছে। এদিন ক্ষোভত ফাটি পৰা মাতৃয়ে অৱশেষত উঠাই ল’লে জোনমনিক হত্যা কৰা হৈছে বুলি তদন্ত বিচাৰি দিয়া সকলো গোচৰ।
মাতৃ সুমিত্ৰা ৰাভাই দিয়া গোচৰ নম্বৰ দুটা ক্ৰমে ৮৪/২০২৩ আৰু ৮৭/২০২৩। কলিয়াবৰ ন্যায়িক আদালতত উপস্থিত হৈ জোনমণিৰ মাতৃয়ে উঠাই লয় সকলো গোচৰ। কলিয়াবৰ ন্যায়িক আদালতত উপস্থিত হোৱাৰ সময়ত মাতৃৰ সৈতে আছিল CBIৰ বিষয়া কৰ্মচাৰী।
উল্লেখ্য যে কন্যা জোনমণিক হেৰুৱাই ভাঙি পৰা মাতৃয়ে জোনমণিৰ মৃত্যুক লৈ আঙুলি টোৱাইছিল কেইবাজনো আৰক্ষী বিষয়াৰ বিৰুদ্ধে৷ মাতৃয়ে কৈছিল, ‘মই মোৰ ছোৱালীক হেৰুৱালো৷ তাই গছ হৈ পৰিয়ালটোক ছাঁ দি আছিল৷ তাই নিজেই এক্সিডেণ্ট হৈ মৰিলে এই মৃত্যুক মানি ল’লোহেতেন৷ বেমাৰ হৈ মৰিলেও এই মৃত্যুক স্বীকাৰ কৰিলোহেতেন৷ তেওঁলোকে মাতি নি বুদ্ধি কৰি মাৰি পেলালে৷’
মাতৃয়ে লীনা দলেৰ উপৰিও আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে উত্থাপন কৰিছিল কেইবাটাও অভিযোগ৷ কিয় নিশা ১০ বজাত আভাজ্যোতিয়ে সেইদিনা মাতি নিছিল জোনমণি ৰাভাক? ইয়াৰোপৰি মাতৃৰ প্ৰশ্ন আছিল, ‘মোৰ ছোৱালীক হত্যা কৰি মোৰ ঘৰত ৰেড মাৰিবলৈ আহিল? মই হাতে ভৰিয়ে ধৰি সেইদিনা জোনমণি ক’ত আছে সুধিছিলো৷ জোনমণিৰ মৃত্যু হোৱাৰ কথা মোক কিয় কোৱা নাছিল? জোনমণিৰ নামত কেছ ৰেজিষ্টাৰ হোৱাৰ খবৰ দিলে কিন্তু এক্সিডেণ্টৰ কথা নক’লে৷ জোনমণিক এৰেষ্ট কৰিব, লকআপত ৰাখিব, আকৌ জে’ল হ’ব ক’লে৷ ডে’ডবডী চমজাই দিওতেওঁ অন্যৰ ছহী লৈ ডে’ডবডী কিয় দিয়া হ’ল?’ এটা এটাকৈ বহুকেইটা প্ৰশ্ন আনিছিল মাতৃয়ে৷ সেইগৰাকী মাতৃ এতিয়া নিমাত। নিৰৱে তেওঁ কলিয়াবৰ ন্যায়িক আদালতত উপস্থিত হৈ উঠাই ল’লে কন্যাৰ মৃত্যুত তেওঁ তৰা আটাইবোৰ গোচৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ