ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ কথা ইৰাণে ভাৰতক অৱগত কৰিছিল নে, কেনে সম্পৰ্ক ইৰাণ-ভাৰতৰ
ইৰাণৰ ৰাষ্ট্ৰদূত ইৰাজ ইলাহীয়ে কয় যে যাত্ৰীবাহী বিমানৰ সুৰক্ষা বজাই ৰাখিবলৈ ইৰাণে ইতিমধ্যে ইজৰাইলৰ ওপৰত ১৩ এপ্ৰিলত হোৱা বিমান আক্ৰমণৰ বিষয়ে কিছু চুবুৰীয়া দেশক অৱগত কৰিছিল। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে ‘আক্ৰমণ চলোৱাৰ পূৰ্বে আমি যাত্ৰীবাহী বিমানৰ সুৰক্ষা বজাই ৰাখিবলৈ ক্ষেপণাস্ত্ৰৰ পথত অহা চুবুৰীয়া দেশসমূহলৈ তথ্য প্ৰেৰণ কৰিছিলোঁ।’ ইলাহীয়ে আৰু কয় যে ইজৰাইলত চলোৱা অভিযানৰ পিছত ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হোছেইন আমিৰ-আব্দুল্লাহিয়ানে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে কথা পাতিছিল।
প্ৰকাশিত প্ৰতিবেদন অনুসৰি ইলাহীয়ে কয় যে ‘অপাৰেচনৰ পিছত ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ সৈতে টেলিফোনযোগে কথা পাতিছিল আৰু অভিযানৰ সবিশেষ অৱগত কৰিছিল .
উল্লেখযোগ্য যে ১৩ এপ্ৰিলৰ নিশা ইৰাণে ইজৰাইলক পোনপটীয়াকৈ লক্ষ্য কৰি প্ৰথমটো আক্ৰমণ চলাইছিল। ইৰাণৰ পৰা নিক্ষেপ কৰা ৩০০টা ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নৰ অধিকাংশই বাধা দিছিল আৰু কোনো লোকৰ মৃত্যু হোৱা নাছিল।
ডামাস্কাছৰ আক্ৰমণৰ প্ৰতিশোধ হিচাপে এই আক্ৰমণ কৰা হৈছিল। য’ত দুজন জেনেৰেলকে ধৰি ইৰাণৰ সাতজন ৰিভল্যুচনেৰী গাৰ্ড নিহত হয়। পিছত ১৯ এপ্ৰিলত শুকুৰবাৰে পুৱাৰ ভাগত ইৰাণৰ ইছফাহান চহৰত বিস্ফোৰণৰ খবৰ পোহৰলৈ আহে। আমেৰিকাৰ সংবাদ মাধ্যমে বিষয়াসকলৰ উদ্ধৃতি দি কয় যে ইজৰাইলে প্ৰতিশোধ লয়।
ইজৰাইল-ইৰাণৰ আক্ৰমণত ভাৰতৰ ভূমিকা
ইৰাণৰ ৰাষ্ট্ৰদূত ইলাহীয়ে কয় যে ইজৰাইলৰ আগ্ৰাসন বন্ধ কৰাত ভাৰতে সক্ৰিয় ভূমিকা ল’ব পাৰে। ইজৰাইলে যোৱা সাত মাহত গাজাৰ জনসাধাৰণৰ বিৰুদ্ধে সকলো ধৰণৰ অপৰাধ সংঘটিত কৰি গাজাত ৩৫ হাজাৰৰো অধিক নিৰীহ লোকক হত্যা কৰিছে।
এনে অপৰাধৰ সন্মুখত মৌন হৈ থকাটো উচিত নহয়, লগতে ইয়াকো কয় যে ইৰাণ-ভাৰতৰ সম্পৰ্কও ভাল অৱস্থাত আছে আৰু শক্তিকে ধৰি সকলো ক্ষেত্ৰতে এই সম্পৰ্ক বিকশিত কৰিবলৈ ইৰাণ সাজু।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ