জানেনে ৰাৱণৰ কেইগৰাকী পত্নী আছিল, এগৰাকীক নিজে হাতে *ত্যা কৰিছিল
ৰাৱণ আছিল লংকাৰ ৰজা। ৰামায়ণত লংকা স্বামী ৰাৱণৰ বিবাহৰ বৰ্ণনা পোৱা যায়। কেৱল ৰাৱণৰেই নহয়, লংকা পাতিৰ ৰাণীৰ বৰ্ণনাও আছে ৰামায়ণত।
কিন্তু ৰামায়ণত ৰাৱণৰ কেৱল এগৰাকী পত্নীৰ কথা সদায় উল্লেখ আছে, যাৰ নাম আছিল মন্দদৰী। মন্দোদৰীৰ উপৰিও ৰাৱণৰ আৰু দুগৰাকী ৰাণীৰ কথাও উল্লেখ পোৱা যায়। এই পত্নী দুগৰাকীৰ কথা খুব কমকৈ জানিব পৰা যায়।
ৰাৱণৰ দ্বিতীয় পত্নীৰ নাম ধন্যমালিনী , পাছে তৃতীয় পত্নীৰ নাম জনা নাযায়। তৃতীয়গৰাকী পত্নীক লংকাৰ ৰজা ৰাৱণে নিজেই হত্যা কৰা বুলি মান্যতা আছে। কিন্তু তেওঁৰ নাম আৰু তেওঁক হত্যা কৰাৰ আঁৰৰ কাৰণ সম্পৰ্কে শাস্ত্ৰত জনা নাযায় যদিও তৃতীয় পত্নীৰ বিষয়ে বিভিন্ন কথা উপলব্ধ।
ৰাৱণৰ তিনিওগৰাকী পত্নীৰ এক সাদৃশ্য হ’ল যে তিনিওগৰাকী পত্নীয়েই ভগৱান বিষ্ণুৰ উগ্ৰ ভক্ত আছিল আৰু সত্য আৰু ধৰ্মৰ পথ অনুসৰণ কৰাত বিশ্বাস কৰিছিল।
কিন্তু ৰাৱণৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত মন্দোদৰী আৰু ধন্যমালিনীয়ে ভগৱান বিষ্ণুৰ প্ৰতি ভক্তি ত্যাগ কৰিছিল, আনহাতে তেওঁৰ তৃতীয় পত্নীয়ে বিয়াৰ পাছতো পূজা অব্যাহত ৰাখিছিল। বিশ্বাস কৰা হয় যে ইয়াৰ বাবেই ৰাৱণে খং কৰি তৃতীয় পত্নীক হত্যা কৰিছিল।
শাস্ত্ৰত উল্লেখ থকা অনুসৰি ৰাৱণৰ প্ৰথমা আৰু দ্বিতীয় পত্নী বাই-ভনী আছিল। মায়া অসুৰৰ কন্যা আছিল দুয়ো। পাছে তৃতীয় পত্নী সন্দৰ্ভত তথ্য পোৱা নাযায়। কিন্তু সন্তানৰ বিষয়ে উল্লেখ আছে শাস্ত্ৰত।
ৰাৱণৰ সন্তান-
মন্দোদাৰীৰ ফালৰ পৰা মেঘনাদ, আতিকাই, অক্ষয়কুমাৰ নামেৰ তিনি পুত্ৰ।
ধন্যমালিনীৰ আতিক্য আৰু ত্ৰিশিৰৰ নামেৰ দুজন পুত্ৰ।
তৃতীয় পত্নীৰ ফালৰ পৰা প্ৰহস্ত, নৰন্তক আৰু দেৱটক ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ