বিদ্যালয়ৰ নলাত উদ্ধাৰ ছাত্ৰৰ নিথৰ দেহ, হাহাকাৰ পৰিস্থিতি, লণ্ডভণ্ড বিদ্যালয়
পুৱাই এখন বিদ্যালয়ত হাহাকাৰ পৰিস্থিতি। বিদ্যালয়ৰ নলাত উদ্ধাৰ এগৰাকী ছাত্ৰৰ নিথৰ দেহ। যি ঘটনাক লৈয়ে এতিয়া হাহাকাৰ । উত্তপ্ত হৈ পৰিছে বিদ্যালয় চৌহদ। ছাত্ৰৰ পৰিয়ালৰ লোকৰ অভিযোগ, হত্যা কৰি তেনেদৰে কোনোৱে পেলাই দিছে নলাত।
এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে পাটনাৰ দীঘাত অৱস্থিত এখন ব্যক্তিগত বিদ্যালয়ত। বিদ্যালয়ৰ নলাত উদ্ধাৰ হৈছে নিৰীহ শিশুৰ মৃতদেহ। পৰিয়ালৰ অভিযোগ অনুসৰি বিদ্যালয়খনতেই শিশুটিক হত্যা কৰি মৃতদেহটো নালাত পেলাই দিয়া হৈছে।
ঘটনাত ক্ষুব্ধ হৈ ৰাজপথলৈ ওলাই আহিছে মানুহ। ক্ষুব্ধ ৰাইজে অৱৰোধ কৰে দনাপুৰ-গান্ধী ময়দান পথ। পথত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদো আৰম্ভ কৰে। ক্ষুব্ধ লোকেও বিদ্যালয়খনত প্ৰৱেশ কৰি ভাঙি লণ্ডভণ্ড কৰে।
কেৱল এয়াই নহয়, বিদ্যালয়খনৰ বহু কোঠাতো জুই লগাই দিয়া হয়। বিদ্যালয়ৰ বাহনসমূহো ক্ষতিগ্ৰস্ত হয় যাৰ ফলত যান-বাহন ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হয়। ৰাতিপুৱা এই পথেৰে পাৰ হৈ যোৱা লোকসকল, আন বিদ্যালয়ৰ ল’ৰা-ছোৱালী আৰু শিক্ষকসকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়।
আনহাতে আৰক্ষীয়ে ৰাইজক বুজাই শান্ত কৰিবলৈ চেষ্টা কৰিছে যদিও হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত সকলোৱে অটল। আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জনোৱা মতে, এটি চাৰি বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে পথত শ শ লোকৰ সমাগম ঘটে।
নিহত শিশুটি দীঘাৰ ৰামজী চক নিবাসী শৈলেন্দ্ৰ ৰায়ৰ পুত্ৰ আয়ুষ কুমাৰ (৪) বুলি জানিব পৰা গৈছে। ষ্টেচন ইনচাৰ্জে কয় যে বিষয়টোৰ তদন্ত চলি আছে। বিদ্যালয় পৰিচালনা সমিতিক জেৰা অব্যাহত আছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ কাৰণ স্পষ্ট হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ