নৰেন্দ্ৰ মোদীৰ এইবাৰ পাৱাৰ কমিব নেকি? বিগত ১০ বছৰীয়া কাৰ্যকালত বিশ্বৰ শক্তিশালী নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ মোদীৰ এই সফলতাৰ মূল চাবি-কাঠি আছিল দেশৰ জনসাধাৰণৰ শক্তি আৰু সমৰ্থন৷ ২০১৪ চনত মোদীৰ হাতত আছিল নিৰংকুশ সংখ্যাগৰিষ্ঠতা৷ ২০১৯ চনত ২৮২ ৰ পৰা এই শক্তি ৩০৩ আসনলৈ বৃদ্ধি পালে৷
ইন্দিৰা গান্ধীৰ পাছত জনসাধাৰণৰ এই অভূতপূৰ্ব সমৰ্থন লাভ কৰিছিল একমাত্ৰ নৰেন্দ্ৰ মোদীয়ে৷ মোদীৰ আঁৰত আছিল ৰাইজৰ শক্তি৷ আৰু সেই শক্তিকে আধাৰ কৰি বিশ্বৰ শক্তিশালী নেতা হৈছিল নৰেন্দ্ৰ মোদী৷ ছুপাৰ পাৱাৰ আমেৰিকাই হওক বা মহাশক্তিধৰ ৰাছিয়াই হওক, ইজৰাইলেই হওক কিম্বা আৰৱৰ দেশসমূহেই হওক, সকলোতে নৰেন্দ্ৰ মোদীৰ স্থান সূকীয়া আৰু গুৰুত্বপূৰ্ণ৷ দেশৰ ভিতৰতে মোদী অপ্ৰতিদ্বন্দী নেতা৷
পিছে, ৪জুনৰ ফলাফলৰ পাছত মোদীৰ শক্তি একেই হৈ থাকিবনে? মোদীৰ হাতত এইবাৰ মেজিক নম্বৰ ২৭২ নাই৷ মেজিক নম্বৰ নাই মানে জনসাধাৰণৰ পূৰ্ণ সমৰ্থন নাই৷ আৰু জনসাধাৰণ নাই মানে শক্তিও নাই৷ তেনেক্ষেত্ৰত বিশ্বৰ শক্তিশালী দেশসমূহে মোদীক পূৰ্বৰ দৰে বলবান বুলি ভাৱি সমীহ কৰিবনে? ১০ বছৰীয়া কাৰ্যকালত মোদীয়ে যি বিচাৰিছিল সেয়াই হৈছিল৷ মন গ’লেই বাতিল কৰি দিব পাৰিছিল আৰ্টিকল ৩৭০৷
হাজাৰ প্ৰতিবাদ স্বত্ত্বেও বলবৎ কৰি দিব পাৰিছিল কা’ আইন৷ নিশাটোৰ ভিতৰতে বিমুদ্ৰাকৰণ চলাই দিব পাৰিছিল৷ কৃষকক নুশুধাকৈ ৩খন কৃষি আইন আনি দিব পৰা ক্ষমতা আছিল৷ য’তেই মন যায় তাতেই জিএছটি বঢ়াই দিয়াৰ শক্তি আছিল মোদীৰ৷ মোদীয়ে বিচাৰিলে দেশৰ সম্পত্তি ব্যক্তিগত কোম্পানীৰ হাতত গতাইয়ো দিব পাৰিছিল৷ ইচ্ছা কৰিলেই সনাতনী ধৰ্মৰ পৰিপন্থী হৈ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল ৰামলালাৰ৷ তেওঁৰ আঙুলিৰ ঠাৰত জে’লত ভৰাই দিব পাৰিছিল ৰাজ্যৰ একোজন মুখ্যমন্ত্ৰীক৷ কোনোবা ৰাজ্য প্ৰচণ্ড হিংসাৰ জুইত জ্বলি থাকিলেও তেওঁ নিমাতে আৰু ডেমকেয়াৰ হৈ থাকিব জানিছিল৷
কোনেও মাত নামাতিছিল৷ জীৱনদায়িনী ঔষধৰ বজাৰতো তেওঁ জুই লগাই দিব পাৰিছিল৷ গেছৰ চিলিণ্ডাৰৰ ৰাজ সাহাজ্য হ্ৰাস কৰা, টেক্সৰ নামত মধ্যবিত্তক টেঁটুচেপা আদিবোৰ বাওহাতৰ খেলা৷ কাৰণ মোদীৰ লগত আছিল দেশৰ জনতা৷ মোদীৰ হাতত আছিল, ২৭২৷ কিন্তু এইবাৰ সেই একেই পাৱাৰ, সেই একেই এটিটিউড কনটিনিউ হ’বনে? মোদী ১.০, মোদী ২.০ৰ দৰে মোদী ৩.০ জৱৰদস্ত হ’বনে? মোদীৰ হাতত আজি সংখ্যা নাই৷
মিত্ৰদলৰ সহায় নোহোৱাকৈ মোদী এখন অচল ডিজেল গাড়ী৷ চন্দ্ৰবাবু নাইডুৱে না ক’লেই মোদী ৰৈ যাব লাগিব৷ নীতিশ কুমাৰে ফোন কৰিলে একেকোবে ৰিছিভ কৰিব লাগিব মোদীয়ে৷ সদনত বিৰোধীৰ শব্দৰ প্ৰাবল্যও তীব্ৰতৰ হ’ব৷ আপ বৈঠিয়ে বুলি বিৰোধীক এতিয়াৰ পৰা বহাই দিব পাৰিবনে মোদীয়ে? আমেৰিকাক আগৰ দৰে ৰঙা চকু দেখুৱাব পাৰিবনে? ইউ এনত আগৰ ভয়েছ থাকিবনে? এখন দেশৰ বাবে এখন শক্তিশালী চৰকাৰ অপৰিহাৰ্য৷ কিন্তু শক্তিশালী মানে অহংকাৰ আৰু দম্ভক নুবুজায়৷
ৰাইজে বেয়া পোৱা কথাবোৰ মোদীয়ে এইবাৰ নিশ্চয় হৃদয়ঙ্গম কৰিব৷ মোদীৰ সুৰতে সুৰ মিলাই ৰাজ্যৰ বিজেপি নেতা মন্ত্ৰীসকলৰ বডী লেংগুৱেজ এতিয়াৰ পৰা জনসাধাৰণমুখী হ’ব বুলি ৰাইজৰ আশা৷ হয়তো পৰিবৰ্তন আহিছে৷ ফলাফলৰ পাছত দলৰ মুখ্য কাৰ্যালয়ত প্ৰদান কৰা মোদীৰ প্ৰথমটো ভাষণত সেইবাবেই শুনা নগ’ল ‘জয় শ্ৰী ৰাম’ ধ্বনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















