কাইলৈ ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। লক্ষ্মীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি। ঘৰে ঘৰে আয়োজন কৰা হয় লক্ষ্মী পূজা। সমান্তৰালকৈ বজাৰসমূহ ভৰি পৰিছে পূজাত প্ৰয়োজনীয় উপকৰণেৰে।
জনবিশ্বাস-মতে লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে। লক্ষ্মীপূজাত লক্ষ্মী-চৰিত আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে লক্ষ্মীপূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়।
লক্ষ্মী হৈছে ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী। এই দিনটোত দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয় ।
কি কি কৰিব?
- পুৱা সোনকালে উঠি লক্ষ্মীৰ আগত ঘিউৰ চাকি জ্বলাওক।
- দান কৰাটো এই দিনটোত শুভ। এনে কৰিলে ধনৰ প্ৰাপ্তি হয়।
- লক্ষ্মী পূজাৰ দিনা এই মন্ত্ৰ জপ কৰিলে ধনৰ অভাৱ নহয়।
- লক্ষ্মী চৰিত পঢ়িব লাগে।
- এই দিনটোত নিৰ্দিষ্ট নীতি নিয়ম পালন কৰি লক্ষ্মী মাক কড়ী অৰ্পন কৰিব লাগে। এনে কৰিলে টকাৰ অভাৱ নহয়।
- লক্ষ্মী মাৰ পান প্ৰিয়, গতিকে এই দিনটোত লক্ষ্মীৰ পূজা কৰিলে পানৰ ব্যৱহাৰ কৰা দৰকাৰ।
- যি ঘৰত কাজিয়া, তৰ্কাতৰ্কি আদি নাথাকে তেনে ঘৰত লক্ষ্মীয়ে বাস কৰে।
(স্পষ্টীকৰণঃ ওপৰোক্ত লিখনিটো ধৰ্মীয় মান্যতা আৰু জনবিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ লগত Asom Live 24ৰ কোনো সম্পৰ্ক নাই বা ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















