চীনৰ দৰে একেই অৱস্থা এতিয়া জাপানৰো৷ জাপানত শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে কমিবলৈ ধৰিছে৷ বিবাহ আৰু সন্তান জন্মত মুঠেও আগ্ৰহী নহয় জাপানৰ নৱপ্ৰজন্ম৷ নৱপ্ৰজন্মৰ মাজত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত ঘোৰ অনিহা৷ শিশুৰ জন্মৰ হাৰ বিগত এযুগ ধৰি কমি অহাৰ বাবে জাপানত এতিয়া মানৱ সম্পদৰ সংকট৷
জাপানৰ নৱপ্ৰজন্মই সন্তান জন্ম দিবলৈ ইচ্ছা নকৰাৰ কাৰণ হৈছে জাপানত চাকৰিৰ বজাৰত অনিশ্চয়তা, অন্যহাতে সংসাৰ চলোৱাৰ খৰচ বাঢ়ি যোৱা৷ এইসমূহ বিপদৰ বাবেই বিবাহ নতুবা সন্তান জন্মত আগ্ৰহী নহয় সেই দেশৰ জনতা৷ জাপানত কৰ্মসংস্থাপন দিবলৈকো নৱপ্ৰজন্ম একেবাৰেই নাই বুলিব পাৰি৷ যিসকল বয়স্ক লোকে কাম কৰি আছে তেওঁলোকৰো চাকৰিৰ কাৰ্যকাল প্ৰায় শেষ হওঁ হওঁ৷ এইসকল বয়স্ক লোকে ৰিটায়াৰমেণ্ট ল’লে খালী হৈ পৰিব বহু পদ৷ বিষয়টোক লৈ উপায়হীন হৈ জাপান চৰকাৰে কৰিছে আচৰিত কাম৷
বিবাহৰ প্ৰতি নৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ চৰকাৰীভাৱে এটা ডেটিং এপ মুকলি কৰিছে জাপান চৰকাৰে৷ এই বিশেষ ডেটিং এপটোৰ নাম দিছে ‘Tokyo Futari Story’, জাপান চৰকাৰে ২০২৩ চনৰ পৰাই আৰম্ভ কৰিছে এই এপ৷ ২০২৩ চনতেই জন্মৰ হাৰ অত্যধিক কমি গৈছে জাপানত৷ ভূমিকম্পপ্ৰৱণ জাপানত মৃত্যুৰ হাৰৰ তুলনাত জন্মৰ হাৰ বহু কম৷ ফলত দেশত জনসংখ্যা অভাৱনীয়ভাৱে কমি গৈছে৷ এই পৰিস্থিতিতেই নৱ বিবাহিত সকলৰ বাবেও চাইল্ড কেয়াৰৰ বিশেষ চৰকাৰী সুবিধা, ভাট্টা, পেৰেণ্টাইল লিভ আদি দি কপোলক প্ৰলোভিত কৰাৰো চেষ্টা চলাইছে জাপানে৷
ইমান প্ৰলোভনেও যেন টলাব পৰা নাই জাপানবাসীক৷ অৱশেষত জাপান চৰকাৰে চৰকাৰীভাৱে মুকলি কৰি দিব লগা হৈছে ডেটিং এপ৷ এই এপ অৱশ্যে অন্য ডেটিং এপসমূহৰ দৰে নহয়৷ বিয়া কৰাবলৈ আগ্ৰহীসকলেহে এই এপত সংগী বিচাৰিব পাৰিব৷ নাম নথিভূক্ত কৰা লৰা-ছোৱালীসকল যে চিংগল সেই প্ৰমাণ এপত ছাবমিট কৰিব লাগিব৷ ইয়াৰ সৈতে বাৰ্ষিক দৰমহাৰ নথিও জমা দিব লাগিব৷ টেক্স চাৰ্টিফিকেটৰ শ্লিপো জমা দিব লাগিব৷
জাপানৰ এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে এই সন্দৰ্ভত দিয়া এটা মন্তব্য টুইটাৰত ভাইৰেল হৈ পৰিছে৷ তেওঁ বক্তব্যত কৈছিল, ‘আমি এটা ছাৰ্ভে কৰিছিলো৷ তাত দেখিছো যে ৭০শতাংশ মানুহে বিয়া কৰাব বিচাৰে কিন্তো পাত্ৰ বা পাত্ৰী বিচাৰিবলৈ তেওঁলোকৰ হাতত সময় নাই৷ সেয়ে বিবাহক লৈ বিশেষ উৎসুকতা নেদেখুৱাই৷ এইসকল নৱপ্ৰজন্মৰ বাবেই আমি এই ডেটিং এপটো আনিছো৷ ২০২৩ চনত এই এপটোৰ বিনামূলীয়া ট্ৰায়েল চলালো৷’
২০২৩ চনৰ পৰা অৱশ্যে এই এপটোৰ বিনামূলীয়া পৰীক্ষা সফলো হৈছে৷ আয়ৰ সপক্ষে টেক্স শ্লিপ দি এই এপত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব৷ তেওঁলোকৰ ধাৰণা এই এপৰ মাধ্যমেৰে চৰকাৰে টেক্সত নজৰদাৰী চলাইছে বুলি ভয়ো খাইছে একাংশই৷ এই কামক লৈ টেছলাৰ চিইঅ’ ধনকুবেৰ এলন মাস্কে কয়, ‘জাপান প্রশাসনে আৰম্ভ কৰা এই কামক লৈ মই সুখী৷ যুগান্তকাৰী সিদ্ধান্ত লৈছে জাপানে৷ এই সিদ্ধান্ত এতিয়াই নল’লে জাপান মানৱসম্পদেৰে শূন্য হৈ পৰিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ