অসম লাইভ২৪ঃ উত্তৰ প্ৰদেশত চমকপ্ৰদ ফল লাভ কৰিছে ইণ্ডিয়া জোঁটে৷ তাৰপিছতেই কংগ্ৰেছৰ কাৰ্যালয়ক বাহিৰত এতিয়া শাৰী পাতিছে মহিলাই৷ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিয়া হৈছিল গেৰেণ্টী কাৰ্ড দিয়া হ’ব৷ সেই গেৰেণ্টী কাৰ্ড বিচাৰিয়েই এতিয়া কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত শাৰী পাতিছে মহিলাই
কংগ্ৰেছে দিয়া প্ৰতিশ্ৰুতিমতে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাক বাৰ্ষিক এক লাখকৈ টকা দিয়া হ’ব৷ সেই মৰ্মেই লক্ষ্ণৌৰ প্ৰৱল গৰম নেওচি মহিলাসকলে শাৰী পাতিছে কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত৷ ভাইৰেল খবৰ অনুসৰি গেৰেণ্টি কাৰ্ডৰ দাবীতেই ওলাই আহিছে ইউ পিৰ মহিলাসকল৷ অন্যহাতে অসংখ্য মহিলাৰ দাবী যে, তেওঁলোকে ইতিমধ্যে গেৰাণ্টী কাৰ্ড লাভ কৰিছে আৰু একাউণ্টত ধনো লাভ কৰিছ৷ এক নিৰ্দিষ্ট ফৰ্ম ফিল আপ কৰিলেই এই ধন পোৱা যায়৷ ইতিমধ্যেই ‘ঘৰ ঘৰ গেৰেণ্টী’ অনুষ্ঠানৰ আয়োজন কৰিছে কংগ্ৰেছে৷ এই কাৰ্যসূচীৰ আঁওতাত প্ৰায় ৮ কোটি পৰিয়ালৰ কাষলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে কংগ্ৰেছ কৰ্মীক৷
দলৰ ২৫ টা গেৰেণ্টী সম্পৰ্কে সেইসকল লোকক বুজোৱাৰো নিৰ্দেশ দিয়া হৈছে তেওঁলোকক৷ এই ২৫গেৰেণ্টীৰ মাজত আছে কংগ্ৰেছৰ মহালক্ষ্মী প্ৰকল্পও৷ ইয়াৰ আওঁতাত প্ৰতি মাহত দৰিদ্ৰ পৰিয়ালৰ এজনক দিয়া হ’ব ১ লাখ টকাকৈ ধন৷ পৰিয়ালৰ কেৱল মহিলাইহে লাভ কৰিব এই সুবিধা৷ এনে এক প্ৰকল্প কংগ্ৰেছে কৰ্ণাটকতো আৰম্ভ কৰিছিল৷ ক্ষমতালৈ আহিয়েই কংগ্ৰেছ দলে দৰিদ্ৰ সীমাৰ তলত থকা পৰিয়ালৰ মহিলাসকলক আহিলী ২০০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছিল৷
সম্প্ৰতি সেই গৃহলক্ষ্মী আঁচনিৰ অধীনত ধন লাভৰ বাবে মহিলাসকলে বাংগালুৰুৰ জেনেৰেল পোষ্ট অফিচত শাৰী পাতি থকা দেখা যায়৷ উল্লেখ্য যে, এই নিৰ্বাচনত কংগ্ৰেছৰ ইণ্ডিয়া জোঁটে লাভ কৰিছে ২৩৪খন আসন৷ এন ডি এ লাভ কৰিছে ২৯৩খন আসন৷
(অৱশ্যে ভাইৰেল ফটো কিমান সত্য সেই সম্পৰ্কে অসম লাইভ কৰ্তৃপক্ষই সত্যাসত্যতা বিচাৰ কৰা নাই৷ ভাইৰেল খবৰৰ ওপৰতেই এই বাতৰি প্ৰস্তুত কৰা হৈছে৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ