১৯ জুনৰ ৰাশিফল, মেষ, বৃষ আৰু কৰ্কট ৰাশিৰ লোকৰ বাবে বিশেষ দিন, ৰৈ থকা কামে পূৰ্ণতা পাব
মেষ ৰাশি-
মেষ ৰাশিৰ বাবে আজিএটা ভাল দিন হ’ব। অফিচত দিনটো বহুত ভাল হ’ব, আপোনাৰ বছেও আপোনাৰ কামৰ বহুত প্ৰশংসা কৰিব। স্বাস্থ্য ভালে থাকিব। জীৱন সংগীৰ সৈতে কোনোবা ভাল ঠাইলৈ যাব পাৰে, আপোনাৰ যাত্ৰা অতি সুখদায়ক হ’ব। পৰিয়ালত সুখ আৰু শান্তি থাকিব। ব্যৱসায়ৰ লগত জড়িত সকলে ভাল খবৰ পাব।
বৃষ ৰাশি
আজিয়েই কিছু নতুন কাম আৰম্ভ কৰিব পাৰিব। ইয়াত আপুনি সফলতা লাভ কৰিব। পৰিয়ালত সুখৰ পৰিবেশ গঢ়ি উঠিব। চিনাকি এজনৰ সহায়ত এটা ডাঙৰ কাম সম্পূৰ্ণ হ’ব। কাৰ্যালয়ত সকলোৰে পৰা প্ৰশংসা লাভ কৰিব। ৰৈ থকা কাম সম্পূৰ্ণ হৈ উঠিব।
মিথুন ৰাশি
আজি মিশ্ৰিত দিন হ’ব। পৰিয়াল বা বন্ধু-বান্ধৱীৰ কাৰোবাৰ আচৰণে আপোনাৰ হৃদয়ত আঘাত দিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। গাড়ী চলোৱাৰ সময়ত সাৱধান। ব্যৱসায়ত হাত দিব পাৰে। ভৱিষ্যতে লাভৰ মুখ দেখিব।
কৰ্কট ৰাশি-
ব্যৱসায়ীসকলৰ বাবে আজি বিশেষ দিন। পূৰণি কোনো ডাঙৰ সমস্যাৰ সমাধাম হব। সমাজত মান-যশ বৃদ্ধি পাব। নিজৰ লগতে পৰিয়ালৰ স্বাস্থ্যৰ যত্ন লওক। শিক্ষাৰ্থী সকলৰ ভাল দেখা যায় আজিৰ দিনটোত।
সিংহ ৰাশি
স্বাস্থ্যৰ প্ৰতি অসাৱধান নহব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। ব্যৱসায়ত আপোনাৰ অংশীদাৰসকলক অন্ধভাৱে বিশ্বাস নকৰিব। পৰিয়ালত সুখৰ সংবাদে সকলোৰে মন প্ৰফুল্লিত কৰি তুলিব।
কন্যা ৰাশি
আজি মনটো বিচলিত হৈ থাকিব পাৰে। খং নিয়ন্ত্ৰণ কৰক। নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। ব্যৱসায়ত লোকচান হ’ব পাৰে। কোনো ডাঙৰ সমস্যাৰ পৰা ৰেহাই পাব পাৰে। পৰিয়ালত কিছু সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা। স্বাস্য্ৰ ক্ষেত্ৰ সাৱধানে থাকক।
তুলা ৰাশি
বিগত কিছুদিন ধৰি চলি থকা সম্পত্তি সম্পৰ্কীয় আলোচনা আজি সম্পূৰ্ণ হ’ব। অনাগত দিনত বিনিয়োগে বৃহৎ লাভ কঢ়িয়াই আনিব। কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে ভ্ৰমণৰ যোগ আছে। প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা পাব।
বৃশ্চিক ৰাশি
আজিয়েই কিছু নতুন কাম আৰম্ভ কৰিব পাৰে। ভাল ফলাফল লাভৰ যোগ । বিয়াৰ প্ৰস্তাৱ পাব পাৰে। পৰিয়ালত শুভ কামৰ পৰিকল্পনা কৰিব পাৰে। কোনো চিনাকি বা আত্মীয়ৰ পৰা কোনো বিষয়ত ভাল খবৰ লাভ কৰিব।
ধনু ৰাশি
ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা আছে। বিগত কিছুদিন ধৰি বাকী থকা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। আদালতৰ গোচৰৰ সিদ্ধান্ত আপোনাৰ বিৰুদ্ধে আহিব পাৰে। আপোনাৰ কথা বতৰাত সংযম ৰাখক। আপোনাৰ ব্যৱহাৰে কাৰোবাৰ মনত আঘাত দিব পাৰে।
মকৰ ৰাশি
আজি আপুনি পৰিয়ালৰ সৈতে এক দীঘলীয়া যাত্ৰা কৰিব পাৰে। চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা সকলে ভাল লাভৰ মুখ দেখিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব।
কুম্ভ ৰাশি
আজি হ’ব সুখেৰে ভৰা দিন। মানসিক চাপৰ অন্ত পৰিব। নতুন বাহন কিনাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভাল হ’ব। চুবুৰীয়াৰ লগত বিবাদ হব পাৰে। ভাষণৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আজি কোন ডাঙৰ কামৰ পৰিকল্পনা কৰিব পাৰে, সফলতা লাভ কৰিব।
মীন ৰাশি
যোৱা কিছুদিন ধৰি চলি থকা যিকোনো পাৰিবাৰিক সমস্যা আজি শেষ হ’ব। পৰিয়ালত সুখৰ পৰিবেশ গঢ়ি উঠিব। আপোনাৰ স্বাস্থ্যৰ যত্ন লওক। মনটো হয়তো কিবা এটা বিষয়ত চিন্তিত হৈ থাকিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ