আয়কৰত এইবাৰ বৃহৎ স্বাস্তি পাইছে মধ্যবিত্তই৷ বাজেটৰ পাছতেই প্ৰথমটো সাক্ষাৎকাৰত এই কথা স্পষ্ট কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ কেৱল সেয়াই নহয় নতুন কৰব্যৱস্থাক আৰু সৰল কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস দিছে তেওঁ৷ ইয়াৰোপৰি সকলোকে নতুন কৰ কাঠামোৰ আওতাত অহাৰ কথাও জনাইছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷
মঙলবাৰে ২৩ জুলাইত সপ্তমবাৰৰ বাবে সংসদত বাজেট পেছ কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলাই৷ তাৰপাছতেই সংবাদমাধমৰ ওচৰত আয়কৰ লৈ মুখ খুলিছে তেওঁ৷ নিৰ্মলাই এই সন্দৰ্ভত কয়, ‘আমি কৰ কাঠামোক আৰু সৰল কৰাৰ দিছে আগুৱাই আহিছো৷ সকলোকে কওঁ নতুন কৰ কাঠামোৰ আঁওতাত আহক৷’
উল্লেখ্য যে মঙলবাৰে বাজেট বক্তৃতাৰ একেবাৰে শেষত আয়কৰৰ নতুন কৰ কাঠামোৰ ষ্টেণ্ডাৰ্ড ডিডাকছনৰ পৰিমাণ বৃদ্ধিৰ কথা কয় বিত্তমন্ত্ৰী নিৰ্মলাই৷ ইয়াৰোপৰি নতুন আয়কৰৰ কাঠামোৰ ৬টা শ্লেৱৰ কোনটোত কিমান টকা কৰ ধাৰ্য কৰা হৈছে সেই কথাও তেওঁ ঘোষণা কৰিছে৷ নিৰ্মলাই কয়, ‘মধ্যবিত্তসকল যাতে আয়কৰৰ আওতাত খুব বেছিকৈ নপৰে তাৰ ওপৰত আমি নতুন বাজেটত নজৰ দিছো৷ তেওঁলোকৰ হাতত যাতে বেছি টকা থাকে সেই বিষয়টোক নজৰ দিছো৷ বাজেটত ঘোষণা কৰা অনুসৰি বছৰি ৩লাখ টকা পৰ্যন্তলৈকে কোনো আয়তেই কৰ দিব নালাগে৷ নতুন আয়কৰৰ খুটি নাটি জানি থওক এতিয়াই৷
বছৰি আয় আৰু কৰৰ পৰিমাণ
০-৩লাখ টকালৈকে কৰৰ পৰিমাণ ০
৩-৭ লাখ টকালৈকে কৰৰ পৰিমাণ ৫শতাংশ
৭ৰ পৰা ১০লাখ টকালৈকে কৰৰ পৰিমাণ ১০শতাংশ
১০-১২লাখ টকালৈকে কৰৰ পৰিমাণ ১৫ শতাংশ
১২ৰ পৰা ১৫ লাখ টকালৈকে কৰৰ পৰিমাণ ২০শতাংশ
১৫ লাখ টকাতকৈ বেছি কৰৰ পৰিমাণ ৩০শতাংশ
কেন্দ্ৰীয় বিত্তমন্ত্ৰী বাজেট পেছৰ পাছতেই কয়, নতুন কৰ ব্যৱস্থাত ১৭হাজাৰ টকা পৰ্যন্ত বচাব পাৰিব কৰদাতাসকলে৷ পুৰণি কৰ কাঠামোৰ কোনো পৰিবৰ্তন তেওঁ কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ