বাৰে বাৰে নেপাল৷ মৃত্যু হাজাৰৰ ওচৰত৷ আকাশপথেৰে বিশ্বৰ ভিতৰত অন্যতম কণ্টকময় যাত্ৰাপথ হিচাপে ধৰা হয় নেপালৰ আকাশীপথক৷ পাহাৰে ঘেৰি থকা আকাশৰ মাজেৰে বিমানৰ চলাচল খুবেই ভয়ংকৰ৷ সেয়ে নেপালত ঘটিয়েই থাকে বিমান দুৰ্ঘটনা৷ ১৯৬২ চনৰ পৰা ২০২৪ চনলকৈ মুঠ ৭৩খন বিমান দুৰ্ঘটনা ঘটিছে নেপালত৷ মৃত্যু হৈছে ৯৫০ জনতকৈয়ো বেছি মানুহৰ৷ এইসমূহ দুৰ্ঘটনাৰ বেছিভাগেই নেপালৰ দেশীয় বিমানসংস্থাৰ বিমান৷ একেই বিমানসংস্থাৰ বিমান বাৰে বাৰে ভাঙি পৰিছে যদিও সেই দেশৰ চৰকাৰে তেনে কোনো উদ্যোগ গ্ৰহণ নকৰাক লৈ উঠিছে অভিযোগ৷
১৯৯১ চনৰ পাছত নেপালত বেচৰকাৰী উৰণ সংস্থা আৰম্ভ হৈছে৷ নেপালৰ পৰ্যটন আৰু যাতায়াতৰ উন্নতিও হয় তেতিয়াৰে পৰা৷ কিন্তু দুৰ্ঘটনা নকমিল৷ এইসমূহ বিমান দুৰ্ঘটনাৰ কাৰণ হিচাপে নিৰাপত্তাৰ গাফিলতিকেই দায়ী কৰে বিশ্বৰ বেছিভাগ সংস্থাই৷ ইয়াৰোপৰি চালকৰ অভিজ্ঞতাৰ অভাৱ আৰু বিমানৰ ৰক্ষণাবেক্ষণৰ অভাৱকো দায়ী কৰা হয়৷
বেচৰকাৰী বিমান সংস্থাসমূহ বহু পুৰণি৷ অন্য দেশে বাতিল কৰি দিয়া বিমান ক্ৰয় কৰি আনি তাত সেই বিমান চলোৱা বুলিও পূৰ্বেই অভিযোগ উঠিছে নেপালৰ বিমান সংস্থাসমূহৰ বিৰুদ্ধে৷ ইয়াৰোপৰি দুৰ্ঘটনাৰ পাছত সঠিকভাৱে তদন্তও নহয় বুলি অভিযোগ উঠি আহিছে৷ তদন্ত চলিলেও গাফিলতি পালে দোষীৰ বিৰুদ্ধে কোনো কঠোৰ শাস্তি দিয়া নহয় বুলিও আছে অভিযোগ৷
তদন্ত কৰি কাৰো গাফিলতি পালে দোষীসকলক কাঢ়া শাস্তি দিয়া নহয় বুলিও আছে অভিযোগ৷ ইয়াৰ জোৰতেই ২০১৩ চনৰ ডিচেম্বৰত ইউৰোপিয়াল ইউনিয়নে নেপালৰ সকলো বিমান সংস্থাকেই বেন কৰিছিল৷ তাৰপাছতো কিন্তু পৰিস্থিতি সলনি নহ’ল৷ জীৱনৰ ৰিক্স লৈয়েই চলি থাকিল বিমানযাত্ৰা৷
২৫ মে, ২০০৪ চন- ইয়েটি এয়াৰলাইন্সৰ বিমান ভাঙি পৰিছিল লুকলাৰ ওচৰত৷ ৩ জনৰ মৃত্যু হৈছিল এই ঘটনাত৷
২১ জুন, ২০০৬- ধনক্ষেতত ভাঙি পৰিছিল ইয়েটি এয়াৰলাইন্সৰ আন এখন বিমান৷ সেই দুৰ্ঘটনাত ৬ জনৰ মৃত্যু হয়৷
৮ অক্টোবৰ ২০০৮- ইয়েটি এয়াৰলাইন্সেৰ বিমান লুকলা বিমানবন্দৰ নামৰ পাছতেই দুৰ্ঘটনাৰ মুখত পৰে৷ ১৮ জনৰ মৃত্যু হয়৷
১৫ ডিচেম্বৰ ২০১০- তাৰা এয়াৰলাইন্সৰ এখন বিমান, যি ইয়েটি এয়াৰলাইল্সৰেই এক সংস্থা, নেপালৰ লামিদান্দা বিমানবন্দৰৰ পৰা টেক অফৰ পাছতেই ১৯জন যাত্ৰীসহিতে ভাঙি পৰিছিল এই বিমান৷
২৫ ছেপ্টেম্বৰ ২০১১- নেপালৰ বুদ্ধ এয়াৰলাইন্স ত্ৰিভুৱন বিমানবন্দৰত নমাৰ পূৰ্বেই ক্ৰেছ কৰে৷ ১৯গৰাকী যাত্ৰীৰ মৃত্যু হৈছিল এই দুৰ্ঘটনাত৷
২৪ফেব্ৰুৱাৰী ২০১৬- নেপালৰ তাৰা এয়াৰলাইন্সৰ বিমান ৰেডাৰৰ পৰাই নিখোঁজ হৈ যায়৷ তাৰপিছতেই নিৰ্জন পাহাৰত উদ্ধাৰ হয় ধ্বংসাৱশেষ৷ বিমানত আছিল ২৩গৰাকী যাত্ৰী৷
২৬ ফেব্ৰুৱাৰী ২০১৬- এখন সৰু বিমান ভাঙি পৰিছিল৷ দুৰ্ঘটনাত মৃত্যু হয় ২গৰাকী লোকৰ৷
২০১৪ৰ নেপাল এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাত ১৮ জনৰ মৃত্যু হয়৷
১২ মাৰ্চ, ২০১৮- কাঠমাণ্ডুৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় ৩৮জনতকৈ বেছি লোকৰ৷
২৯মে, ২০২২- তাৰা এয়াৰলাইন্স পোখৰা বিমানবন্দৰৰ পৰা টেক অফৰ পাছতেই ২২ জন যাত্ৰী লৈ ভাঙি পৰে বিমানখন৷
১৫ জানুৱাৰী ২০২৩- ইয়েটি এয়াৰলাইন্সৰ বিমান ৬৮জন যাত্ৰী সহিতে কাঠমাণ্ডুত ভাঙি পৰে৷
২৪ জুলাই ২০২৪- শৌৰ্য্য এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাৰ মুখত পৰে৷ এই দুৰ্ঘটনাত ৩৮গৰাকী লোকৰ মৃত্যু হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ