আমি সৰুৰে পৰাই পঢ়ি আহিছো যে উদ্ভিদ আৰু শৈৱালসহ সালোকসংশ্লেষী প্ৰাণীয়েহে পৃথিৱীত অক্সিজেন তৈয়াৰ কৰিব পাৰে৷ সালোকসংশ্লেষণৰ কথাটোৰ সৈতে আকৌ পোহৰ বা সৌৰৰশ্মিৰ কথাটোও নিহিত হৈ আছে৷ অৰ্থাৎ পোহৰ অবিহনে অক্সিজেন তৈয়াৰ কৰাটো অসম্ভৱ বুলি বিজ্ঞানৰ কিতাপত উল্লেখ আছে৷ কিন্তু পৃথিৱীৰ গভীৰ সমুদ্ৰতলত য’ত সূৰ্যৰ ৰশ্মি গৈ নাপায় তাতেই অক্সিজেন তৈয়াৰ হৈছে৷ কিন্তু গভীৰ আন্ধাৰ সমূদ্ৰতলত কেনেকৈ অক্সিজেনৰ উৎস আছে? বিগত সময়ছোৱাত এই বিষয়টোক লৈয়েই গৱেষণা চলাই আছে বিজ্ঞানীয়ে৷ অৱশেষত বিজ্ঞানীয়ে লাভ কৰিছে তথ্য৷ গভীৰ অন্ধকাৰত ধাতৱ খনিজৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত তৈয়াৰ হৈছে ৰহস্যময় ‘ডাৰ্ক অক্সিজেন’ বা ‘অন্ধকাৰ অক্সিজেন’৷
সম্প্ৰতি নেচাৰ জিঅ’চায়েন্সৰ এখন জাৰ্নেলে প্ৰকাশ কৰামতে ‘অটল সমুদ্ৰতলিত অন্ধকাৰ অক্সিজেন উৎপাদনৰ প্ৰমাণ’ বুলি এখন গৱেষণাপত্ৰ প্ৰকাশিত হৈছে৷ সেই গৱেষণাপত্ৰতেই দাবী কৰা হৈছে, ‘সালোকসংশ্লেষণ অবিহনে অন্য উপায়েৰেও অক্সিজেন তৈয়াৰ হয়৷ প্ৰাণৰ সংপৃক্ততা অবিহনেও অক্সিজেন তৈয়াৰ হয়৷ আৰু সেই অক্সিজনেই জীয়াই ৰাখে সমুদ্ৰৰ গভীৰতাত থকা প্ৰাণসমূহক৷ সেই জীৱসমূহ অন্ধকাৰতো জীয়াই থাকে৷’
এই অন্ধকাৰ অক্সিজেন বা ডাৰ্ক অক্সিজেনৰ সন্ধান বহু পূৰ্বেই পোৱা গৈছিল৷ ২০১৩ চনত প্ৰশান্ত ফিল্ডৱাৰ্কলৈ গৈছিল স্কটিছ এছোচিয়েছন ফৰ মেৰিন ছায়েন্সৰ বিজ্ঞানী এন্ডৰু ছুইটমেন৷ ফিল্ডৱৰ্কৰ সময়ত চুইটমেন আৰু তেওঁৰ সহযোগী ক্লাৰিওন-ক্লিপাৰটন জ’নে সমুদ্ৰ তলৰ ইকোচিষ্টেমসমূহৰ ওপৰত গৱেষণা কৰি আছে৷ সেই স্থানত প্ৰাকৃতিকভাৱেই সমুদ্ৰৰ তলদেশৰ বাঢ়ি উঠা খনিজ পদাৰ্থৰ সন্ধান পাইছিল তেওঁলোকে৷ তাতেই লাভ কৰিছিল ডাৰ্ক অক্সিজেনৰ সন্ধান৷
এই তথ্য লাভ কৰি তেওঁলোকে প্ৰথমে ভাৱিছিল, তেওঁলোকৰ যন্ত্ৰপাতিত কিছু ভুল আছে৷ ছুইটমেনে জনাইছে যে এই গ্ৰহত অক্সিজেন তৈয়াৰ কৰে একমাত্ৰ সালোকসংশ্লেষী জীৱইয়ে৷ কিন্তু প্ৰশান্ত মহাসাগৰৰ মাজত কলা আৰু বৃত্তাকাৰ শিল লাভ কৰিছিল বিজ্ঞানীয়ে৷ সেই শিলেই অক্সিজেন উৎপন্ন কৰে৷ যান্ত্ৰিক ত্ৰুটি নে সঁচা সেই কথা পৰীক্ষা কৰিবলৈকে আকৌ বেলেগ যন্ত্ৰৰে তেওঁলোকে পৰীক্ষা কৰে৷ বিগত ১০ বছৰ ধৰি সকলো যন্ত্ৰৰে পৰীক্ষা কৰিও একেই ফল পাইছে বিজ্ঞানীয়ে৷ বাৰে বাৰে যন্ত্ৰই দেখুৱাইছে যে সেই ব্লেক শিলেই উৎপাদন কৰি আছে অক্সিজেন৷ ইয়াৰ পাছতেই বিজ্ঞানীৰ থিয়ৰীও যেন সলনি হৈছে৷ বিজ্ঞানীয়েও মানি লৈছে সেই কথা যে কেৱল সালোকসংশ্লেষী প্ৰাণতেই অক্সিজেন উৎপন্ন নহয়, শিলেও অক্সিজেন তৈয়াৰ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ