বিগ বছ অটিটি ছিজন-৩ প্ৰায় শেষ পৰ্যায়ত৷ এই ছিজন শেষ হ’বলৈ মাজত মাত্ৰ ৮দিন বাকী৷ এই পৰিস্থিতিত প্ৰতিযোগীসকলৰ মাজত শ্ব’ত জয়ী হোৱাৰ প্ৰৱল উত্তেজনা দেখা গৈছে৷ এইবাৰ বিগ বছৰ ঘৰৰ এজন সদস্যই ইতিমধ্যেই সিদ্ধান্ত লৈছে যে তেওঁ এই শ্ব’ৰ পৰা কেৱল অৰ্থ জিকিব খোজে৷ যিকোনো প্ৰকাৰে এই ছিজনত বিজয়ী হ’ব খোজে৷ এই প্ৰতিযোগীগৰাকী আন কোনো নহয় তেওঁ বলীউড অভিনেতা ৰণবীৰ শোৰে৷
বিগ বছ অটিটি-৩ৰ ফাইনেললৈ মাজত মাত্ৰ ৮দিন বাকী৷ সমাপ্তিৰ দিন যিমানেই আগুৱাই আহিছে প্ৰতিযোগী আৰু দৰ্শকৰ মাজত উত্তেজনা বাঢ়িছে৷ অনুষ্ঠানৰ সাম্প্ৰতিক পৰ্বত ৰণবীৰ শোৰেকে আৰমান মালিকক বচাবলৈ ঘৰৰ অইন তিনি সদস্যক মনোনীত কৰাৰ বিশেষ ক্ষমতা তেওঁক দিয়া হৈছিল৷ যিহেতু ছানা মকবুল এগৰাকী বহিৰাগত সেয়ে তেওঁক মনোনিত কৰিব নোৱাৰি৷ ৰণবীৰে বিশাল পাণ্ডে, লাভকেশ কাটাৰিয়া আৰু শিৱানী কুমাৰীক মনোনয়নৰ বাবে বাচি লয়৷ এই মনোনয়ন প্ৰক্ৰিয়াৰ পূৰ্বে ৰণবীৰ শোৰে আৰু আৰমান মালিকৰ এক কথোপকথনৰ ক্লিপ ভাইৰেল হৈ পৰিছে৷
ট্ৰফি এৰি মই ২৫লাখ টকা জিকিবলৈ আগ্ৰহী
ৰণবীৰ আৰু আৰমানে আলোচনা কৰা অনুসৰি তেওঁলোকে শ্ব’ত জিকিব নোৱাৰিলেও এজনে আনজনৰ মন জিকিব খোজে৷ ৰণবীৰে আৰমানক স্পষ্টৰূপত জনাই যে তেওঁ বিগ বছ অটিটি-৩ৰ ট্ৰফি নহয় ২৫ লাখ টকা নগদ পুৰস্কাৰ জয় কৰিবলৈ আগ্ৰহী৷
আৰমানকো ধনৰ প্ৰয়োজন
আৰমানেও ৰণবীৰক কয়, ‘মই বিচাৰো ট্ৰফীটো তোমাৰ হাতলৈ আহক৷’ উত্তৰত ৰণবীৰে কয়, ‘আৰু মই বিচাৰো ট্ৰফীটো যদি মোৰ হাতলৈ নাহে তেন্তে ট্ৰফী তোমাৰ হাতত থাকক৷ মই ট্ৰফীতকৈ ২৫লাখ টকাৰ বাবেহে বেছি আগ্ৰহী৷ ট্ৰফীতকৈ মোক ২৫লাখ ধনৰহে বেছি প্ৰয়োজন৷’
শ্ব’ শেষ হ’লে কি কৰিব ৰণবীৰে?
আৰমানে কয়, ‘ট্ৰফী দিয়েই ধন আহিব৷’ এই প্ৰসংগত ৰণবীৰে কয়, ‘ট্ৰফীৰে কি হ’ব মোক ধনৰহে বহু বেছি প্ৰয়োজন৷’ ফাইনেলৰ দিন গণি আছে ৰণবীৰে৷ কিছুদিন পূৰ্বে এক এপিছোডত ৰণবীৰে ঘৰৰ পৰা বাহিৰ হোৱাৰ লগে লগে ঠাণ্ডা বিয়েৰ খোৱাৰো পৰিকল্পনা কৰা শুনা গৈছে৷ তেওঁ লগতে কৈছে যে, ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ লগে লগে তেওঁ ফোন বন্ধ কৰিব৷ নিজৰ ঘৰলৈ যাব, ভাল চিনেমা চাব আৰু ঘৰত বহি ঠাণ্ডা বিয়েৰ পান কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ