ঠিক এসপ্তাহ পূৰ্বে নাতাশা স্তানকোভিছৰ সৈতে বিচ্ছেদৰ খবৰ ঘোষণা কৰিলে হাৰ্দিক পাণ্ডিয়াই৷ তাৰপাছতেই তেওঁৰ জীৱনলৈ বহু পৰিবৰ্তনো আহিছে৷ ভাৰতীয় টি-২০ দলৰ নেতৃত্ব তেওঁ নাপালে৷ বৰ্তমান হাৰ্দিক শ্ৰীলংকাত আছেগৈ৷ কিন্তু এই যাত্ৰাত নেতৃত্বৰ ওপৰিও ভাইছ কেপ্টেন্সিও নাপালে হাৰ্দিকে৷ তেওঁৰ ব্যক্তিগত আৰু ক্ৰিকেট জীৱনক লৈ নানান আলোচনা চলিয়েই আছে৷ তাৰমাজতেই এইবাৰ নাতাশা স্তানকোভিচৰ এক ইনষ্টাগ্ৰাম পোষ্টত প্ৰতিক্ৰিয়া শ্বেয়াৰ কৰিছে হাৰ্দিক পাণ্ডিয়াই৷
সামাজিক মাধ্যমত ভাইৰেল হৈছে বিশেষ পোষ্টটো৷ ইনষ্টাগ্ৰামত নাতাশাই সন্তান অগস্ত্যক লৈ বিশেষ ১০খন ছবি শ্বেয়াৰ কৰিছে৷ কেপশ্ব্য্যনত এটা ৰঙা হাৰ্ট ইমজি দিছে নাতাশাই৷ সেই ছবিৰ প্ৰথম ২টা কমেণ্টেই হাৰ্দিক পাণ্ডিয়াৰ৷ এটাত তেওঁ 🧿😍👌🏼এই তিনিটা ইমোজি দিছে৷ এইকেইটা ইমজিৰ ওপৰিও এটি ৰঙা হাৰ্ট ইমজিও দিছে হাৰ্দিকে৷
সন্তান অগস্ত্যক লৈ ডাইনাছৰ থিম পাৰ্কলৈ গৈছিল নাতাশা৷ তাতেই সন্তানৰ সৈতে সময় কটোৱাৰ কিছু ছবি তেওঁ পোষ্ট কৰিছে ইনষ্টাগ্ৰামত৷ ডিভোৰ্ছৰ খবৰ ভাইৰেল হোৱাৰ পাছতেই এইবাৰ আকৌ সন্তান পত্নীৰ ফটোত হাৰ্ট ইমোজি দিয়াক লৈ বহুতেই আচৰিতো হৈছে৷ কিন্তু একাংশৰ মত হাৰ্দিকে ডিভোৰ্ছৰ ঘোষণাপত্ৰত উল্লেখ কৰিছিল সন্তানক একেলগে ডাঙৰ কৰাৰ কথা৷ সন্তানৰ বাবেই হাৰ্দিকে নাতাশাৰ ফটোত এনে ইমোজি দিছে৷
অগ্যস্তৰ জন্মদিনলৈ মাজত মাত্ৰ ৫দিন৷ ৫বছৰ বয়সত ভৰি দিব অগ্যস্তই৷ এইবাৰৰ জন্মদিন মাতৃৰ সৈতেই পালন কৰিব অগস্ত্যই৷ কাৰণ পিতৃ হাৰ্দিক এতিয়া শ্ৰীলংকা ছিৰিজত ব্যস্ত৷ ৩০ জুলাইৰ পৰা ভাৰত আৰু শ্ৰী লংকাৰ তৃতীয় টি-২০ মেচ৷ এই টি-২০ চিৰিজ আৰম্ভ হ’ব ২৭ জুলাইৰ পৰা৷ দ্বিতীয় মেচ আছে ২৮ জুলাইত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ