ভাগিনীৰ সৈতে মামীৰ প্ৰেম, প্ৰেমৰ শেষ পৰিণতি বিবাহ, সামাজিক মাধ্যমত ভাইৰেল বিয়া
এখন বিশেষ বিয়া, যি বিয়াক লৈ এতিয়া সামাজিক মাধ্যমত বিশেষ চৰ্চা। কিয়নো বিয়াখন মামী আৰু ভাগিনীৰ মাজৰ। বিহাৰত একেলগে বিয়া পাতিছে মামী-ভাগিনীয়ে। এই সমকামী বিবাহৰ কথা শুনি এতিয়া সকলোৱে আচৰিত হৈছে।
পূৰ্বে বহুবাৰ শুনা গৈছে মামা-ভাগিনীৰ বিয়া, পাছে মামাৰ সলনি মামীয়েই প্ৰেমত পৰিল ভাগিনীৰ। এই চাঞ্চল্যকৰ খবৰটো বিহাৰৰ গোপালগঞ্জৰ, য’ত মামী আৰু ভাগিনীয়ে ঘৰৰ পৰা পলাই গৈ বিয়া পাতিছে।
বিহাৰৰ গোপালগঞ্জৰ মামী আৰু ভাগিনীৰ বিয়াৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। কুচায়কোট থানা এলেকাৰ সাসামুছা ৰে’লৱে ষ্টেচনৰ সমীপত অৱস্থিত দুৰ্গা মন্দিৰত উপস্থিত হৈ দুয়ো বিবাহপাশত আৱদ্ধ হয়। তিনিবছৰ ধৰি দুয়োৰে প্ৰেমৰ সম্পৰ্ক চলি আছিল আৰু দুয়ো একেলগে থাকিব বিচাৰিছিল। ইয়াৰ পিছত দুয়ো ঘৰৰ পৰা পলাই গৈ বিয়া পাতে।
ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে মামীয়েক সবিতাই পেণ্ট-চাৰ্ট পিন্ধি স্বামী আৰু ভাগিনী ববিতাই ৰঙা পোছাক পিন্ধি কইনা হৈ পৰিছে। দুৰ্গা মন্দিৰত মা দুৰ্গা আৰু এগৰাকী পৰিয়ালৰে লোকক সাক্ষী কৰি মামীয়ে ভাগিনীৰ শিৰত সেন্দুৰ পিন্ধাই লগতে বৰামালা আদান-প্ৰদান কৰি অগ্নিক সাক্ষী কৰি সাত পাক ঘুৰে।
বিয়াৰ পিছত পতি-পত্নী হোৱা মামী-ভাগিনীয়ে কয় যে এতিয়া তেওঁলোক দুয়ো বহুত সুখী। স্বামী মামীয়ে কয়, ‘মই গোটেই জীৱন পত্নীৰূপী ভাগিনীৰ লগত থাকিম আৰু সদায় ইজনে সিজনক সহায় কৰিম।’ কইনাও কয়- কোনোদিনে কাকো এৰি নাযাও। আমি দুয়ো একেলগে থাকিম। কোনো শক্তিয়ে এতিয়া আমাক পৃথক কৰিব নোৱাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ