মাহেকীয়াৰ সময়ত অসহ্যকৰ পেটৰ বিষ, বিষ কমাবলৈ মেডিচিন খাই নেকি, তেন্তে সাৱধান
বহু কিশোৰী-যুৱতী-মহিলাৰে মাহেকীয়াৰ সময়ত পেটৰ অসহ্যকৰ বিষ হোৱা দেখা যায়। কেতিয়াবা এই পেটৰ বিষ ইমানেই অধিক হয় যে, কুঁজা হৈ পৰে ভুক্তভোগী। যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বহুতেই বিভিন্ন উপায় অৱলম্বন কৰে। কোনোৱে যদি ঘৰুৱা পদ্ধতি অৱলম্বণ কৰে, কোনোৱে আকৌ ফাৰ্মাচীৰ পৰা মেডিচিন আনি খায়।
পাছে সাৱধান, এনে মেডিচিন খাইয়ে সদ্যহতে প্ৰাণ হেৰুৱালে এগৰাকী কিশোৰীয়ে। তামিলনাডুৰ ত্ৰিচিৰ পুলিভালাম অঞ্চলৰ পৰা, য’ত এগৰাকী কিশোৰীয়ে ঋতুস্ৰাৱৰ সময়ত পেটৰ তীব্ৰ বিষৰ বাবে সেই বিষৰ পৰা সকাহ পাবলৈ টেবলেট খাইছিল আৰু তাৰ পিছত মৃত্যুবৰণ কৰিছিল কিশোৰীয়ে।
মেডিচিন খোৱাৰ পাছতে পাৰ্শ্বক্ৰিয়া হৈ মৃত্যুবৰণ কৰিছিল কিশোৰীয়ে। ঔষধ সেৱনৰ কিছু সময়ৰ পিছতে অধিক বিষ, বমি আৰু মূৰ ঘূৰোৱা অনুভৱ কৰিবলৈ কৰে, পিতৃ-মাতৃয়ে কন্যাক ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়, যদিও প্ৰাণ ৰক্ষা নপৰে।
সেয়ে পৰা পক্ষত কেতিয়াও এনে বিষৰ পৰা পৰিত্ৰাণ পাবৰ বাবে মেডিচিন খাব নালাগে। যিমান পাৰি ঘৰুৱা পদ্ধতিৰে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে চেষ্টা কৰিব লাগে।
ঔষধ খোৱা মহিলাসকলে সদায়ে এইবোৰ কথা মনত ৰাখিব লাগে-
পিৰিয়ডৰ বিষৰ বাবে কেতিয়াও তৎক্ষণাত ঔষধ ব্যৱহাৰ নকৰিব।
কল বা গৰম পানীয়ৰ দৰে কিছুমান ঘৰুৱা উপায়ৰ সহায়ত ঔষধ অবিহনে বিষ কম কৰিব পাৰি।
যদি আপুনি বিষ সহ্য কৰিব নোৱাৰে তেন্তে প্ৰথমে চিকিৎসকৰ লগত কথা পাতক আৰু তাৰ পিছতহে ঔষধ খাব।
যদি আপুনি পিৰিয়ডৰ বিষৰ গুৰুতৰ সমস্যাত ভুগিছেতেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।
সকলোৰে শৰীৰ বেলেগ বেলেগ, সেই অনুসৰি সকলোৰে বিষ সহ্য কৰাৰ ক্ষমতাও বেলেগ বেলেগ।
কেতিয়াবা মাহেকীয়াৰ সময়ত হোৱা বিষটো স্বাভাৱিক বিষ নহয়, সেয়েহে বিশেষজ্ঞৰ সহায় লৈ পৰামৰ্শৰ পিছত চিকিৎসা ল’ব লাগে।
যদি পেইন কিলাৰ খোৱাৰ পিছত আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, তেন্তে তাৎক্ষণিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















