চুমীক বিচাৰি অভিযান অব্যাহত আছে আৰক্ষীৰ৷
এতিয়াও কোনো সন্ধান ওলোৱা নাই চুমীৰ৷
গুৱাহাটীতেই স্থান সলনি কৰি কৰি লুকাই আছে চুমী বৰা৷
শেহতীয়াকৈ ঘটনাক লৈ মুখ খুলিছে শিল্পী দীক্ষু শৰ্মাই৷
কণ্ঠশিল্পী দীক্ষুৱে কয় যে, তেওঁৰ ঘৰতেই এনিশা কটাইছিল চুমীয়ে৷
চুমী আৰু তাৰ্কিক মঙলবাৰে তেওঁৰ ঘৰলৈ আহিছিল৷
দীক্ষুৰ নিউ গুৱাহাটীৰ গণেশ নগৰৰ ঘৰলৈ গৈছিল চুমী আৰু স্বামী তাৰ্কিক৷
দীক্ষুৰ ঘৰত থকা অৱস্থাতেই তাৰ্কিকলৈ আৰক্ষীৰ ফোন আহিছিল৷
দীক্ষুৱে চুমীক আত্মসমৰ্পণ কৰিবলৈকো উপদেশ দিছিল যদিও চুমীয়ে এতিয়ালৈকে আত্মসমৰ্পণ কৰা নাই৷
চুমীক আৰক্ষীয়ে বিচাৰি থকাৰ খবৰ জানিও কিয় দীক্ষুৱে চুমীক ঘৰত থাকিবলৈ দিছিল সেই বিষয়েহে উত্থাপিত হৈছে প্ৰশ্ন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ