হঠাৎ আহিছে এই দুঃখবৰ৷
বুধবাৰে দুপৰীয়া পিতৃহাৰা হ’ল মালাইকা আৰোৰা৷
এ এন আইৰ সূত্ৰৰ খবৰ অনুসৰি ছাদৰ পৰা জাপ দি আত্মহত্যা কৰিছে মালাইকাৰ পিতৃ অনিল আৰোৰাই৷
মুম্বাইৰ বান্দ্ৰাত এই ঘটনা৷
মুহূৰ্ততেই সেই স্থানত উপস্থিত হৈছে মালাইকা আৰু তেওঁৰ প্ৰাক্তন স্বামী আৰবাজ খান৷
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি ছাদৰ পৰা জাপ দি নিজকে শেষ কৰিছে অনিল আৰোৰাই৷
ঘটনাক লৈ এতিয়াও মুখ খোলা নাই মালাইকা, আৰবাজ কোনো এজনেও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ