এটা সময় আছিল, পিতৃৰ শেষ কৃত্যৰ বাবে পকেটত নাছিল টকা, আজি ৩৫০ কোটি টকাৰ মালিক
সময় সদায়ে সকলোৰে একে নাযায়। বলীউডৰ ক্ষেত্ৰত যদি এই কথা কোৱা হয়, তেন্তে এনে বহু তাৰকা আছে, যিয়ে জীৱনৰ আদি চোৱা বহু কষ্টৰ মাজেৰে পাৰ কৰিছে। আজি কোটি কোটি টকাৰ মালিক। তাৰকা সকলৰ মাজৰ কিছুৱে কেতিয়াবা যদি বাছ কণ্ডাক্টৰ হিচাপে কাম কৰিছে, কোনো তাৰকাই ৱেইটাৰ হিচাপে কাম কৰিছে। কোনো তাৰকাই ষ্ট্ৰাগলৰ নামত বছৰ বছৰ ধৰি ষ্টোৰ ৰূমত পাৰ কৰিছে সময়।
তেনেই এগৰাকী তাৰকা এনে আছে, যাৰ হাতত এটা সময়ত পিতৃৰ শেষ কৃত্যৰ বাবে হাতত টকা নাছিল। পিতৃৰ মৃত্যুৰ পাছত পকেটত আছিল মাথো ৬০ টকা। মুম্বাইৰ সাধাৰণ এটা ষ্টোৰ ৰূমত থাকি ষ্ট্ৰাগল লাইফ আৰম্ভ কৰিছিল। সেই তাৰকা আজি কোটি কোটি টকাৰ মালিক।
যাৰ ছবিৰ জৰিয়তেই বলীউডে পাইছিল দীপিকা পাডুকনৰ দৰে তাৰকা। হয় ইয়াত কোনো পুৰুষ তাৰকা নহয়, বৰঞ্চ এগৰাকী মহিলাৰ কথা কোৱা হৈছে, সেয়া হৈছে – ফৰাহ খান। ফৰাহ খানৰ ছবি ওম শান্তি ওমত প্ৰথম বাৰৰ বাবে কাম কৰিছিল দীপিকা পাডুকনে।
যি ফৰাহ খান আজিৰ তাৰিখত এগৰাকী জনপ্ৰিয় ছবি নিৰ্মাতাৰ লগতে এগৰাকী জনপ্ৰিয় কৰিঅগ্ৰাফাৰ। যিয়ে বলীউডক দিছে কেইবাখনো হিট চবিৰ সফল ডাঞ্চ ষ্টেপ। বৰ্তমানে ৩৫০কোটি টকাৰ মালিক ফৰাহ খানৰ তিনিটি সন্তান আছে। শীৰিশ কুন্দাৰ সৈতে সুখৰ সংসাৰ ফৰাহ খানৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ