নৱগ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰ গতিত নিজৰ স্থান পৰিবৰ্তন কৰে৷ শনিয়ে যেতিয়া নিজৰ স্থান বা চলনত পৰিবৰ্তন আনে তেতিয়া বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত অত্যন্ত উল্লেখযোগ্য প্ৰভাৱ বিস্তাৰ কৰে৷ শনিৰ ৰাশি পৰিবৰ্তনৰ ওপৰিও নক্ষত্ৰ পৰিবৰ্তনো জ্যোতিষশাস্ত্ৰ অনুসৰি অত্যন্ত উল্লেখযোগ্য৷
শনিৰ এই গুৰুত্বপূৰ্ণ গোচৰ হ’ব দুৰ্গাপূজাৰ আৰম্ভণিতেই৷ আগন্তুক ৩ অক্টোবৰ ২০২৪ শনি শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিব৷ বৰ্তমান শনি কুম্ভ ৰাশি আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত আছে৷ শনি শতভিষাত প্ৰৱেশ কৰিলে তাৰ ক্ষতিকৰ প্ৰভাৱ আনিব ৬ৰাশিৰ জাতকৰ জীৱনলৈ৷ ২৭ ডিচেম্বৰ ২০২৪ পৰ্যন্ত শনিয়ে শতভিষাত অৱস্থান কৰিব৷ জানি থওক এই সময়ৰ মাজত কোন কোন ৰাশিৰ জাতক সাৱধানে থাকিব?
মেষ ৰাশি
শনিৰৰ গোচৰৰ প্ৰভাৱত বেয়া সময় আহি আছে মেষ ৰাশিৰ জাতকলৈ৷ এই সময়ত আপুনি নিজৰ খং নিয়ন্ত্ৰণত ৰাখক৷ এই সময়ত কোনো বেয়া কাম ভুলতো নকৰিব৷ অন্যথা শনিৰ কোপত আপোনাৰ ডাঙৰ বিপদ আহিব পাৰে৷
মিথুন ৰাশি
শনিৰ গোচৰৰ প্ৰভাৱত আৰ্থিক ক্ষতিৰ মুখত পৰিব মিথুন ৰাশিৰ জাতকে৷ অৰ্থ সঞ্চয় কৰাৰ চেষ্টা কৰক৷ অকাৰণে ধন খৰচ নকৰিব৷ কাৰ্যালয়ত সমস্যাই দেখা দিব পাৰে৷ মানসিক অৱসাদ বাঢ়িব৷
সিংহ ৰাশি
শনিৰ পিতা সূৰ্য৷ কিন্তু সূৰ্য আৰু শনি হৈছে পৰস্পৰৰ শত্ৰু৷ আকৌ সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ সেয়ে শনিৰ গোচৰত নানান বিপদ আহিব সিংহ ৰাশিৰ জাতকৰ জীৱনলৈ৷ কেৰিয়াৰত এই সময়ত আপোনাৰ ক্ষতিৰ আশংকা আছে৷ শ্বেয়াৰ মাৰ্কেটৰো ক্ষতি হ’ব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক শনি মহাৰাজৰ প্ৰিয়৷ শনিয়ে শতভিষাত থাকিলে এই সময় তুলাৰ জাতকৰ বাবে বৰ এটা ভাল নহয়৷ কোনো ভুল কাম কৰিলে নিৰ্দয় হৈ শাস্তি দিব শনিয়ে৷ কাকো প্ৰতাৰণা নকৰিব৷ এই সময়ত সত্যৰ পথত থাকক৷
কুম্ভ ৰাশি
বৰ্তমান কুম্ভ ৰাশিতেই অৱস্থান কৰিছে শনিয়ে৷ কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি৷ এই সময়ত আপুনি পোৱা টকাৰ পৰা বঞ্চিত হ’ব৷ ব্যৱসায়ত ক্ষতি হ’ব৷ কথা কোৱাতকৈ শুনিবলৈ যত্ন কৰক৷ লাভ হ’ব আপোনাৰ৷
মীন ৰাশি
শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ বৃহৎ ক্ষতি হ’ব মীন ৰাশিৰ জাতকৰ৷ বিশেষকৈ ৰাজনীতিৰ সৈতে যিসকল জড়িত তেওঁলোক নানান সমস্যাত সোমাই পৰিব৷ পৰিশ্ৰম কৰিলেও যথেষ্ট ফল লাভ নকৰিব৷ সমাজত সন্মান হানি হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ