ৰান্ধনীৰ কুকৰ্ম! ৮ বছৰে ধৰি ৰুটিৰ বাবে আটা মাৰোতে মিলাই আহিছিল প্ৰস্ৰাৱ, অৱশেষত লিভাৰ-কিডনীৰ বেমাৰ সম্পূৰ্ণ পৰিয়ালৰ
এটা অতিকে আচৰিত কৰি তোলা ঘটনা পোহৰলৈ আহিছে, এগৰাকী ৰান্ধনীৰ কুকৰ্মৰ বাবে স্বাস্থ্যজনিত সমস্যাত সম্পূৰ্ণ পৰিয়াল। বিগত ৮ বছৰে ধৰি এটা পৰিয়ালৰ ৰান্ধনী হিচাপে কাম কৰা এগৰাকী মহিলাই ৰুটিৰ বাবে আটা মাৰোতে মিলাই আহিছিল প্ৰস্ৰাৱ। সেই প্ৰস্ৰাৱ মিহলোৱা খাদ্য খাই এতিয়া লিভাৰ আৰু কিডনীৰ গভীৰ সমস্যাত পৰিয়ালটো।
এই আচৰিত তথা চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে এইখন ভাৰততে। উত্তৰপ্ৰদেশৰ গাজিয়াবাদৰ এই ঘটনা। গাজিয়াবাদৰ ক্ৰছিং ৰিপাব্লিক অঞ্চলত বাস কৰা এটা পৰিয়ালৰ ৰান্ধনীয়ে কৰিছে এই কুকৰ্ম। যি কুকৰ্ম ৮ বছৰ পাছত হে পোহৰলৈ আহে।
সঘনাই পেটৰ সমস্যাত ভোগা পৰিয়ালটোৱে চিকিৎসকৰ কাষ চপাতহে জানিব পাৰে লিভাৰ আৰু কিডনী জনিত সমস্যা আৰম্ভ হোৱাৰ কথা। তেতিয়া ঘৰৰ খাদ্য প্ৰস্তুতৰ ক্ষেত্ৰত কোনো সমস্যা হোৱা বুলি সন্দেহ হৈ চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰে পৰিয়ালটোৱে। তেতিয়াহে পোহৰলৈ আহে এই ভয়ংকৰ তথ্য।
যাক বিশ্বাস কৰি ৮ বছৰে ধৰি সমস্ত পাকঘৰৰ দায়িত্ব অৰ্পন কৰি থৈছিল , সেই ৰান্ধনী মহিলাই ৮ বছৰে পৰিয়ালটোক খুৱাই আছিল নিজৰ প্ৰস্ৰাৱ।
আৰক্ষীক দিয়া এজাহাৰত ভুক্তভোগী পৰিয়ালটোৱে কয় যে ঘৰুৱা সহায়ক ৰীনাই আঠ বছৰ ধৰি তেওঁলোকৰ বাবে খাদ্য ৰান্ধি আহিছে। কিন্তু ১৪ অক্টোবৰৰ দিনাহে চিচি টিভি কেমেৰাৰ ৰেকৰ্ডিঙত ধৰা পৰে যে ৰীনাই পাকঘৰৰ পাত্ৰত প্ৰস্ৰাৱ কৰি আছে। ইয়াৰ পিছত ৰীনাই সেই প্ৰস্ৰাৱ ৰটি বনোৱাত ব্যৱহাৰ কৰিছিল।
পৰিয়ালটো বহু মাহ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল। বহু চিকিৎসা কৰিও সুফল লাভ কৰা নাছিল। তেতিয়াহে নিজৰ ঘৰৰ পাকঘৰৰ খাদ্যৰ ওপৰত সন্দেহ হয়, আৰু চিচি টিভি কেমেৰা লগাই আৰু শেষত সকলো পোহৰলৈ আহে।
সমস্ত ঘটনা পোহৰলৈ অহাৰ লগে লগে পৰিয়াল আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালটোৰ গোচৰৰ ভিত্তিতে অভিযুক্ত ৰীনাক আটক কৰি সোধ পোছৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















