• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিন্তা পৃথক, সপোন বৃহৎঃ ISROৰ চাকৰি এৰি কেব চলাইছে এগৰাকী বিজ্ঞানীয়ে, কাৰণ কি?

চিন্তা পৃথক, সপোন বৃহৎঃ ISROৰ চাকৰি এৰি কেব চলাইছে এগৰাকী বিজ্ঞানীয়ে, কাৰণ কি?

2 years ago
ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

2 minutes ago
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

41 minutes ago
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

1 hour ago
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

2 hours ago
মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

মুখৰ স্বাস্থ্যই বন্ধ্যাত্বৰ কাৰণ হ’ব পাৰে নেকি? অধ্যয়নত প্ৰকাশ পাইছে আচৰিত তথ্য!

2 hours ago
8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

8th Pay Commission: ৬ নং স্তৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! ফিটমেণ্ট ফ্যাক্টৰত কিমান পাব বকেয়া?

2 hours ago
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে নাপাব দাইল, চেনি আৰু নিমখ! কিন্তু কিয়?

20 hours ago
গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

গৰমত কি কি ৰঙৰ কাপোৰ পিন্ধা উচিত? ভুল কৰিলে হ’ব পাৰে ডাঙৰ বিপদ!

20 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, জুনত ৫ ৰাশিৰ কি কি হ’ব পৰিৱৰ্তন?

20 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

জীৱনলৈ আহিব পৰিৱৰ্তন! জুনত কোন কোন ৰাশিৰ সলনি হ’ব ভাগ্য?

21 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ক্ষীণ নে শকত ছোৱালী পচন্দ পুৰুষৰ? সমীক্ষাত পোহৰলৈ আহিছে আচল ৰহস্য

21 hours ago
World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

World No Tobacco Day: চিগাৰেট সেৱনৰ অভ্যাস কিয় এৰাটো কঠিন? শেষ হ’ব পাৰে জীৱন!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চিন্তা পৃথক, সপোন বৃহৎঃ ISROৰ চাকৰি এৰি কেব চলাইছে এগৰাকী বিজ্ঞানীয়ে, কাৰণ কি?

চিন্তা পৃথক, সপোন বৃহৎঃ ISROৰ চাকৰি এৰি কেব চলাইছে এগৰাকী বিজ্ঞানীয়ে, কাৰণ কি?

editor by editor
October 21, 2024
in জীৱনশৈলী, নিয়োগ, প্ৰযুক্তি, বাণিজ্য, বিজ্ঞান, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
চিন্তা পৃথক, সপোন বৃহৎঃ ISROৰ চাকৰি এৰি কেব চলাইছে এগৰাকী বিজ্ঞানীয়ে, কাৰণ কি?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গন্তব্য স্থানলৈ যাবলৈ প্ৰায়সমূহ চহৰতেই এতিয়া কেব সেৱা উপলব্ধ৷ কেব চলাই বহু নিবনুৱাই আত্মনিৰ্ভৰশীলতাৰ বাট বুলিছে৷ কিন্তু বিজ্ঞানীৰ চাকৰি বাদ দি কেব চলাবলৈ কোনোবা আহিব পাৰেনে? আচৰিত যেন লগা সত্য এই ভাৰতবৰ্ষৰেই৷ ISROৰ লোভনীয় চাকৰিক বিদায় দি কেব চলাবলৈ আহিছে এগৰাকী বিজ্ঞানী৷ বিজ্ঞানী উথায়া কুমাৰ৷ তামিলনাডুৰ কন্যাকুমাৰীৰ এখন সৰু চহৰত তেওঁৰ জন্ম৷

লিখাপঢ়াত যথেষ্ট মেধাৱী আছিল৷ উথায়া কুমাৰৰ সপোন আছিল মহাকাশ গৱেষণা কৰা৷ পিএইছ ডি শেষ কৰাৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত তেওঁ যোগদান কৰে৷ তাতেই মহাকাশযানৰ ইন্ধন সংক্ৰান্তীয় দায়িত্বভাৰ লৈছিল উথায়া কুমাৰে৷

৭বছৰ ধৰি ইছৰোৰ কৰ্মী হিচাপে দায়িত্বভাৰ সামৰাৰ পাছত সপোনৰ চাকৰিক বিদায় দিলে উথায়াই৷ পৰিসংখ্যা তত্ত্বত এমফিল কৰা ইছৰোৰ বিজ্ঞানী উথায়াই আৰম্ভ কৰে নিজা ব্যৱসায়৷ ২০১৭ চনত যাত্ৰা আৰম্ভ কৰে তেওঁ কেব চালক হিচাপে৷ ৭বছৰ পূৰ্বে কেইবাখনো বাহন ক্ৰয় কৰি অনলাইনত যাত্ৰী পৰিসেৱাৰ যি সংস্থা আৰম্ভ কৰিছে তাৰ বাৰ্ষিক আয় এতিয়া ২কোটি টকা৷

উথায়াৰ পিতৃ-মাতৃৰ নামৰ আদ্যক্ষৰক লৈ তৈয়াৰ কৰা কেব সংস্থাৰ অধীনত এতিয়া চলি আছে ৩৭খন বাহন৷ আৰম্ভণিৰ সময়খিনি অৱশ্যে মসৃণ নাছিল উথায়াৰ৷ নিশ্চিত আয়ৰ চাকৰি এৰি ষ্টাৰ্ট এপ সংস্থা কিয় খুলিলে সেই সন্দৰ্ভত নিজেই জনাইছে উথায়াই৷

কিছুদিন পূৰ্বে লিংকডিনত উথায়াই নিজৰ সবিশেষ তথ্য দাঙি ধৰিছে৷ তাতেই তেওঁ লিখিছে জীৱনৰ উত্থান পতনৰ কাহিনী৷ সংবাদমাধ্যমৰ তথ্যই কৈছে, ইছৰো এৰাৰ পাছত এখন ইঞ্জিনিয়াৰিং কলেজত অধ্যাপক হিচাপে যোগ দিয়ে উথায়াই৷ সেই চাকৰিও তেওঁ এৰি দিয়ে৷ তাৰপিছতেই তেওঁ নিজেই এটা সংস্থা খোলাৰ পৰিকল্পনা লয়৷ সেই ইচ্ছাত প্ৰধান বাধা আছিল বিনিয়োগ৷ উথায়ালৈ সহায়ৰ হাত আগবঢ়াই দিয়ে কেইবাজনো বন্ধুৱে৷

সেই টকা দি তেওঁৰ পিতৃ সুকুমাৰণ আৰু মা তুলসীৰ নাম দি কেব সংস্থা আৰম্ভ কৰে৷ উথায়াৰ এই যাত্ৰাত সকলো সময়তে লগত আছে তেওঁৰ ভাতৃ৷ প্ৰথমে ব্যৱসায়ত নানান বাধাৰ সন্মুখীন হ’লেও ধীৰে ধীৰে ভৰিৰ তলৰ মাটি টান হয় উথায়াৰ৷ ৩৭খন বাহনৰ ঋণ শোধ কৰিবলৈ আৰু মাত্ৰ তিনি বছৰ অপেক্ষা কৰিব লাগিব বুলি সংবাদমাধ্যমৰ আগত জনাইছে উথায়াই৷

ব্যৱসায়ৰ প্ৰথম লক্ষ্য হিচাপে তেওঁ বাচি লৈছিল তথ্যপ্ৰযুক্তি সংস্থাসমূহত কৰ্মৰত লোকসকলক৷ তেওঁলোকক সময়মতে কাৰ্যালয়ত উপস্থিত কৰোৱাৰ দায়িত্ব লৈছিল তেওঁৰ বাহনসমূহে৷ দৈনিক তিনিবাৰ কৰ্মীসকলক অনানিয়া কৰিছিল উথায়াৰ বাহনে৷ প্ৰতি ট্ৰিপত তেওঁৰ আয় হৈছিল ২৭০০ টকা৷

শীঘ্ৰেই তেওঁৰ এই পৰিকল্পনা সফলো হয়৷ কিন্তু তেওঁ ইয়াতেই ৰৈ যাবলৈ কোনো কাৰণতে ৰাজী নহয়৷ ইছৰোৰ প্ৰাক্তন বিজ্ঞানীগৰাকীৰ মনত নতুন নতুন প্লেন৷ তেওঁ এতিয়া বহুল প্ৰচাৰিত অনলাইন কেব সংস্থাসমূহৰ সৈতে নিজৰ সংস্থাৰ পৰিসেৱাত বৈচিত্ৰ আনিছে৷ উথায়াৰ ধাৰণা যে তেওঁৰ কেব সংস্থা সাধাৰণ টেক্সি পৰিসেৱা নহয়৷ তেওঁ সংস্থাৰ চালকসকলক সাধাৰণ চালক বুলি নাভাৱে৷ বৰং সংস্থাৰ একোগৰাকী অংশীদাৰ বুলিয়েই ভাৱে৷ সেয়ে অন্য কেব সংস্থাসমূহতকৈ তেওঁৰ সংস্থা পৃথক৷

চালকসকলক নিৰ্দিষ্ট দৰমহাৰ ওপৰিও তেওঁ লাভৰ ৭০শতাংশ প্ৰদান কৰে চালকক৷ তেওঁৰ এই দৃষ্টিভংগীৰ বাবেই দিনকদিনে চালক আৰু বাহনো বাঢ়িছে সংস্থাত৷ দৰমহাৰ পৰিবৰ্তে লাভাংশ দিয়াৰ বিষয়টোৱে সুখী কৰিছে চালককো৷ ব্যৱসায়িক সাফল্য লাভে কাহানিও মনত অহংকাৰ অনা নাই উথায়াৰ৷ মালিক হৈয়ো তেওঁ নিজৰ ব্যক্তিগত ব্যয়ৰ বাবে ডেৰ লাখ টকাহে ৰাখে৷ সংস্থাৰ আয়ৰ পৰা যি লাভ হয় তাৰ কিছু অংশ সঞ্চয় কৰিছে৷ আৰু আধাঅংশৰে তেওঁ চালক সংস্থাৰ সন্তানসকলৰ বাবে উচ্চশিক্ষাৰ নামত হোৱা ব্যয় বহন কৰিছে৷ চালকৰ পৰিয়ালক দিছে থকাৰ বাবে একোখনকৈ ছাদ৷ আজিও উথায়াই নিজেও কেব চলায়৷ যাত্ৰীৰ ভাড়া মাৰে৷ দক্ষিণী যুৱকৰ এই প্ৰচেষ্টাই এতিয়া নতুন ভাৰতৰ সপোন দেখা প্ৰত্যেকগৰাকী উদ্যমী যুৱককেই দিছে প্ৰেৰণা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?
বিনোদন

ঘৰ এৰিলে সোণাক্ষী সিনহাই! হঠাৎ কি হ’ল সোণাক্ষীৰ?

May 30, 2026
স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে নিতৌ একেলগে কৰক এইবিধ কাম, সুখী হ’ব দাম্পত্য জীৱন!

May 30, 2026
চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক
জীৱনশৈলী

চেনিটেৰী পেড অন্য সামগ্ৰী? মাহেকীয়াৰ সময়ত মহিলাৰ বাবে কোনটো উত্তম জানক

May 30, 2026
আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?
জীৱনশৈলী

আজিৰ পৰা ২ আগষ্টলৈকে বহু ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, পৰিব নেকি ৰাহুৰ কোপ দৃষ্টি?

May 30, 2026
Next Post
শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, টকাৰ পাহাৰ গঢ়িব এই ৩ৰাশিৰ জাতক-জাতিকাই

শুক্ৰৰ ৰাশিত সূৰ্যৰ প্ৰৱেশ, টকাৰ পাহাৰ গঢ়িব এই ৩ৰাশিৰ জাতক-জাতিকাই

দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ

দীপাৱলিৰ পূৰ্বেই ঘৰলৈ আনক ফ্ৰী চিলিণ্ডাৰঃ ১.৮৬ কোটি পৰিয়াললৈ বিনামূলীয়া LPG চিলিণ্ডাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.