গন্তব্য স্থানলৈ যাবলৈ প্ৰায়সমূহ চহৰতেই এতিয়া কেব সেৱা উপলব্ধ৷ কেব চলাই বহু নিবনুৱাই আত্মনিৰ্ভৰশীলতাৰ বাট বুলিছে৷ কিন্তু বিজ্ঞানীৰ চাকৰি বাদ দি কেব চলাবলৈ কোনোবা আহিব পাৰেনে? আচৰিত যেন লগা সত্য এই ভাৰতবৰ্ষৰেই৷ ISROৰ লোভনীয় চাকৰিক বিদায় দি কেব চলাবলৈ আহিছে এগৰাকী বিজ্ঞানী৷ বিজ্ঞানী উথায়া কুমাৰ৷ তামিলনাডুৰ কন্যাকুমাৰীৰ এখন সৰু চহৰত তেওঁৰ জন্ম৷
লিখাপঢ়াত যথেষ্ট মেধাৱী আছিল৷ উথায়া কুমাৰৰ সপোন আছিল মহাকাশ গৱেষণা কৰা৷ পিএইছ ডি শেষ কৰাৰ পাছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত তেওঁ যোগদান কৰে৷ তাতেই মহাকাশযানৰ ইন্ধন সংক্ৰান্তীয় দায়িত্বভাৰ লৈছিল উথায়া কুমাৰে৷
৭বছৰ ধৰি ইছৰোৰ কৰ্মী হিচাপে দায়িত্বভাৰ সামৰাৰ পাছত সপোনৰ চাকৰিক বিদায় দিলে উথায়াই৷ পৰিসংখ্যা তত্ত্বত এমফিল কৰা ইছৰোৰ বিজ্ঞানী উথায়াই আৰম্ভ কৰে নিজা ব্যৱসায়৷ ২০১৭ চনত যাত্ৰা আৰম্ভ কৰে তেওঁ কেব চালক হিচাপে৷ ৭বছৰ পূৰ্বে কেইবাখনো বাহন ক্ৰয় কৰি অনলাইনত যাত্ৰী পৰিসেৱাৰ যি সংস্থা আৰম্ভ কৰিছে তাৰ বাৰ্ষিক আয় এতিয়া ২কোটি টকা৷
উথায়াৰ পিতৃ-মাতৃৰ নামৰ আদ্যক্ষৰক লৈ তৈয়াৰ কৰা কেব সংস্থাৰ অধীনত এতিয়া চলি আছে ৩৭খন বাহন৷ আৰম্ভণিৰ সময়খিনি অৱশ্যে মসৃণ নাছিল উথায়াৰ৷ নিশ্চিত আয়ৰ চাকৰি এৰি ষ্টাৰ্ট এপ সংস্থা কিয় খুলিলে সেই সন্দৰ্ভত নিজেই জনাইছে উথায়াই৷
কিছুদিন পূৰ্বে লিংকডিনত উথায়াই নিজৰ সবিশেষ তথ্য দাঙি ধৰিছে৷ তাতেই তেওঁ লিখিছে জীৱনৰ উত্থান পতনৰ কাহিনী৷ সংবাদমাধ্যমৰ তথ্যই কৈছে, ইছৰো এৰাৰ পাছত এখন ইঞ্জিনিয়াৰিং কলেজত অধ্যাপক হিচাপে যোগ দিয়ে উথায়াই৷ সেই চাকৰিও তেওঁ এৰি দিয়ে৷ তাৰপিছতেই তেওঁ নিজেই এটা সংস্থা খোলাৰ পৰিকল্পনা লয়৷ সেই ইচ্ছাত প্ৰধান বাধা আছিল বিনিয়োগ৷ উথায়ালৈ সহায়ৰ হাত আগবঢ়াই দিয়ে কেইবাজনো বন্ধুৱে৷
সেই টকা দি তেওঁৰ পিতৃ সুকুমাৰণ আৰু মা তুলসীৰ নাম দি কেব সংস্থা আৰম্ভ কৰে৷ উথায়াৰ এই যাত্ৰাত সকলো সময়তে লগত আছে তেওঁৰ ভাতৃ৷ প্ৰথমে ব্যৱসায়ত নানান বাধাৰ সন্মুখীন হ’লেও ধীৰে ধীৰে ভৰিৰ তলৰ মাটি টান হয় উথায়াৰ৷ ৩৭খন বাহনৰ ঋণ শোধ কৰিবলৈ আৰু মাত্ৰ তিনি বছৰ অপেক্ষা কৰিব লাগিব বুলি সংবাদমাধ্যমৰ আগত জনাইছে উথায়াই৷
ব্যৱসায়ৰ প্ৰথম লক্ষ্য হিচাপে তেওঁ বাচি লৈছিল তথ্যপ্ৰযুক্তি সংস্থাসমূহত কৰ্মৰত লোকসকলক৷ তেওঁলোকক সময়মতে কাৰ্যালয়ত উপস্থিত কৰোৱাৰ দায়িত্ব লৈছিল তেওঁৰ বাহনসমূহে৷ দৈনিক তিনিবাৰ কৰ্মীসকলক অনানিয়া কৰিছিল উথায়াৰ বাহনে৷ প্ৰতি ট্ৰিপত তেওঁৰ আয় হৈছিল ২৭০০ টকা৷
শীঘ্ৰেই তেওঁৰ এই পৰিকল্পনা সফলো হয়৷ কিন্তু তেওঁ ইয়াতেই ৰৈ যাবলৈ কোনো কাৰণতে ৰাজী নহয়৷ ইছৰোৰ প্ৰাক্তন বিজ্ঞানীগৰাকীৰ মনত নতুন নতুন প্লেন৷ তেওঁ এতিয়া বহুল প্ৰচাৰিত অনলাইন কেব সংস্থাসমূহৰ সৈতে নিজৰ সংস্থাৰ পৰিসেৱাত বৈচিত্ৰ আনিছে৷ উথায়াৰ ধাৰণা যে তেওঁৰ কেব সংস্থা সাধাৰণ টেক্সি পৰিসেৱা নহয়৷ তেওঁ সংস্থাৰ চালকসকলক সাধাৰণ চালক বুলি নাভাৱে৷ বৰং সংস্থাৰ একোগৰাকী অংশীদাৰ বুলিয়েই ভাৱে৷ সেয়ে অন্য কেব সংস্থাসমূহতকৈ তেওঁৰ সংস্থা পৃথক৷
চালকসকলক নিৰ্দিষ্ট দৰমহাৰ ওপৰিও তেওঁ লাভৰ ৭০শতাংশ প্ৰদান কৰে চালকক৷ তেওঁৰ এই দৃষ্টিভংগীৰ বাবেই দিনকদিনে চালক আৰু বাহনো বাঢ়িছে সংস্থাত৷ দৰমহাৰ পৰিবৰ্তে লাভাংশ দিয়াৰ বিষয়টোৱে সুখী কৰিছে চালককো৷ ব্যৱসায়িক সাফল্য লাভে কাহানিও মনত অহংকাৰ অনা নাই উথায়াৰ৷ মালিক হৈয়ো তেওঁ নিজৰ ব্যক্তিগত ব্যয়ৰ বাবে ডেৰ লাখ টকাহে ৰাখে৷ সংস্থাৰ আয়ৰ পৰা যি লাভ হয় তাৰ কিছু অংশ সঞ্চয় কৰিছে৷ আৰু আধাঅংশৰে তেওঁ চালক সংস্থাৰ সন্তানসকলৰ বাবে উচ্চশিক্ষাৰ নামত হোৱা ব্যয় বহন কৰিছে৷ চালকৰ পৰিয়ালক দিছে থকাৰ বাবে একোখনকৈ ছাদ৷ আজিও উথায়াই নিজেও কেব চলায়৷ যাত্ৰীৰ ভাড়া মাৰে৷ দক্ষিণী যুৱকৰ এই প্ৰচেষ্টাই এতিয়া নতুন ভাৰতৰ সপোন দেখা প্ৰত্যেকগৰাকী উদ্যমী যুৱককেই দিছে প্ৰেৰণা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ