অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ভৱিষ্যতৰ বাবে জন্মহাৰ বঢ়াবলৈ অন্তত দুই বা তাতকৈ বেছি সন্তান জন্ম দিয়াৰ আহ্বান জনাইছে৷ চন্দ্ৰবাবু নাইডুৱে লগতে কৈছে, তেওঁৰ চৰকাৰে এনে এখন আইন অনাৰ পৰিকল্পনা কৰিছে যি কেৱল দুই বা ততোধিক সন্তানধাৰী ব্যক্তিয়েহে স্থানীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব৷ এই সিদ্ধান্তত নাইডুৰ কাষত ঠিয় দিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনো৷ তেওঁ জনগণৰ কাষত ১৬টাকৈ সন্তান জন্ম দিয়াৰ আবেদন জনাইছে৷ দক্ষিণৰ মুখ্যমন্ত্ৰীয়ে কিয় দম্পতিক অত্যাধিক সন্তান জন্ম দিবলৈ আবেদন কৰিছে?
১৯ অক্টোবৰত চন্দ্ৰবাবু নাইডুৱে এক ভাষণত কয়, ‘ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বঢ়াব লাগিব৷ প্ৰত্যেকেই এই বিষয়ে চিন্তা কৰা উচিত৷ আমাৰ পৰিয়াল সমূহৰ লক্ষ্য কমেও দুই বা তাতোধিক সন্তান জন্ম দিয়া হ’ব লাগে৷ অতীতত আমি জনসংখ্যা নিয়ন্ত্ৰণৰ পক্ষে কথা কৈছিলো কিন্তু এতিয়া আমি ভৱিষ্যতৰ কথা চিন্তা কৰি জন্মহাৰ বঢ়াবলৈ কৈছো৷ ৰাজ্য চৰকাৰে এনে এখন আইন অনাৰ পৰিকল্পনা কৰিছে য’ত কেৱল দুই বা ততোধিক সন্তানধাৰীসকলেহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব৷’
চন্দ্ৰবাবু নাইডুৰ বক্তব্যৰ পাছতেই তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে, চেন্নাইৰ এক অনুষ্ঠানত কয়, ‘আজি লোকসভা আসন কেন্দ্ৰই কমোৱাৰ সিদ্ধান্ত লোৱাৰ পৰিস্থিতি আহিছে৷ আমাৰ ভোটাৰো কমিছে৷ সেয়ে আমি সন্তান বঢ়াব লাগে৷ কিয় আমি সন্তান জন্মত নিজকে সীমাবদ্ধ কৰাইছো? আমি কিয় ১৬টাকৈ সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰিব নোৱাৰো?’
এই বক্তব্যৰ আঁৰত কি যুক্তি?
দক্ষিণ ভাৰতত জনসংখ্যাত বয়স্কৰ হাৰহে বেছি৷ ইয়াৰোপৰি দক্ষিণ ভাৰতত ক্ৰমে কমিছে ফাৰ্টিলিটিৰ হাৰ৷ এই দুই উদ্বেগৰ মোকাবিলাত বৃহত্তৰ চেষ্টাৰ অংশ হিচাপে এই মন্তব্যসমূহ কৰা হৈছে৷ বিশেষজ্ঞই কৈছে ফাৰ্টিলিটিৰ হাৰ ক্ৰমে কমাটোৱে সামাজিক ভাৰসাম্যহীনতাৰ কাৰণ হৈ উঠিব পাৰে৷ ইয়াৰ মাজতে ২০২৫ চনৰ ভিতৰত জনসংখ্যাৰ এক বৃহত্তৰ অংশৰ বয়স হ’বগৈ ৬০ বছৰতকৈ বেছি৷
দেশৰ গড় তুলনাত অন্ধ্ৰপ্ৰদেশত ফাৰ্টিলিটিৰ হাৰ কিমান?
দক্ষিণৰ ৰাজ্যসমূহৰ ফাৰ্টিলিটিৰ হাৰ উত্তৰৰ ৰাজ্যসমূহৰ তুলনাত কম৷ অন্ধ্ৰপ্ৰদেশৰ গড় ফাৰ্টিলিটিৰ হাৰ ১.৫আৰু তামিলনাডুৰ ১.৮৷ দুটাই জাতীয় গড় ২তকৈ কম৷
নাইডুৰ এয়াই প্ৰথম আবেদন নেকি?
নাইডুৱে এয়াই প্ৰথম আবেদন কৰা নাই৷ জনসংখ্যা বৃদ্ধিৰ বিষয়ে ৰাজনৈতিকভাৱে ভুল বিবৃত্তি দিয়াৰ ক্ষেত্ৰত চন্দ্ৰবাবু নাইডু ধাৰাবাহিক অপৰাধীয়েই৷ ২০১৫ চনত তেওঁ কৈছিল অল্পবয়সীয়াসকলে সোনকালে বিয়া কৰোৱা নাই৷ আৰু বিয়া কৰালেও তেওঁলোকে সন্তান জন্ম দিয়া নাই৷ ইয়াৰপাছতেই ২০১৬ চনত তেওঁ কৈছিল এক সন্তান বা নিঃসন্তান হিচাপে সন্তুষ্ট কৰাৰ ক্ষেত্ৰত ধনীসকলে আগভাগ লৈছে৷ জাতীয় জনসংখ্যা নীতিত কোৱা হৈছে যে কোনে কিমান সন্তান ধাৰণ কৰিব সেয়া তেওঁৰ ব্যক্তি পছন্দৰ বিষয়৷ সেয়ে চন্দ্ৰবাবুৰ বিবৃত্তিসমূহ নীতি বিৰুদ্ধ৷ এনে মন্তব্যৰ বাবে দেশৰ এক বৃহৎ অংশই তেওঁক সমালোচনাও কৰি আহিছে৷
সন্তান লোৱাৰ সিদ্ধান্তত চৰকাৰৰ ভূমিকা থকা উচিতনে?
প্ৰকৃতপক্ষে সন্তান জন্মক লৈ চৰকাৰে সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই৷ গৰ্ভনিৰোধক, প্ৰসৱ পূৰ্ব যত্ন, প্ৰসৱ পৰবৰ্তী যত্ন আৰু সুস্থ শৈশৱৰ বাবে ভাল স্বাস্থ্যৰ সুবিধা প্ৰদানৰ মাজত সীমাবদ্ধ থাকে চৰকাৰৰ ভূমিকা৷ জাতীয় জনসংখ্যা নীতিত, ২০৪৫ চনৰ মাজত এক স্থিতিশীল জনসংখ্যা নীতিৰ অন্যতম প্ৰাথমিক উদ্দেশ্য হিচাপে চন্দ্ৰবাবুৱে এই সিদ্ধান্ত লোৱা বুলিও একাংশই কৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ