• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আমি কিয় ১৬টাকৈ সন্তান জন্ম দিব নোৱাৰো? দেশৰেই দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অধিক সন্তান জন্ম দিয়াৰ আহ্বান

আমি কিয় ১৬টাকৈ সন্তান জন্ম দিব নোৱাৰো? দেশৰেই দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অধিক সন্তান জন্ম দিয়াৰ আহ্বান

2 years ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

1 hour ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

2 hours ago
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

3 hours ago
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

3 hours ago
কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

কেঁচা নে সিজোৱা গাজৰ আপোনাৰ বাবে উপকাৰী? জানি হ’ব আচৰিত

3 hours ago
Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

Apple ৰ ডাঙৰ দাবী, ভাৰতত হ’ব iPhone 18 Pro ৰ সৰ্বাধিক বিক্ৰী!

4 hours ago
Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Scheme: কেৱল সুতৰ পৰাই উপাৰ্জন কৰক ৬ লাখ টকা, ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

ভাগ্যৰ চকা ঘূৰিব, কাইলৈ ৫ ৰাশিয়ে পাব নতুন দায়িত্ব!

6 hours ago
PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

PM Kisan ৰ বাবে কৰক এই ৩টা কাম, নহ’লে নাপাব পৰৱৰ্তী কিস্তিৰ ধন!

7 hours ago
PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

PFৰ নতুন নিয়ম! প্ৰতিমাহে হ্ৰাস পাব নেকি এইসকল কৰ্মচাৰীৰ দৰমহা?

8 hours ago
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

8 hours ago
জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

জাপানৰ ভালুক মন্ত্ৰী! চৰকাৰে কিয় গঠন কৰিলে সুকীয়া মন্ত্ৰালয়?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আমি কিয় ১৬টাকৈ সন্তান জন্ম দিব নোৱাৰো? দেশৰেই দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অধিক সন্তান জন্ম দিয়াৰ আহ্বান

আমি কিয় ১৬টাকৈ সন্তান জন্ম দিব নোৱাৰো? দেশৰেই দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অধিক সন্তান জন্ম দিয়াৰ আহ্বান

editor by editor
October 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আমি কিয় ১৬টাকৈ সন্তান জন্ম দিব নোৱাৰো? দেশৰেই দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অধিক সন্তান জন্ম দিয়াৰ আহ্বান
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ভৱিষ্যতৰ বাবে জন্মহাৰ বঢ়াবলৈ অন্তত দুই বা তাতকৈ বেছি সন্তান জন্ম দিয়াৰ আহ্বান জনাইছে৷ চন্দ্ৰবাবু নাইডুৱে লগতে কৈছে, তেওঁৰ চৰকাৰে এনে এখন আইন অনাৰ পৰিকল্পনা কৰিছে যি কেৱল দুই বা ততোধিক সন্তানধাৰী ব্যক্তিয়েহে স্থানীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব৷ এই সিদ্ধান্তত নাইডুৰ কাষত ঠিয় দিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনো৷ তেওঁ জনগণৰ কাষত ১৬টাকৈ সন্তান জন্ম দিয়াৰ আবেদন জনাইছে৷ দক্ষিণৰ মুখ্যমন্ত্ৰীয়ে কিয় দম্পতিক অত্যাধিক সন্তান জন্ম দিবলৈ আবেদন কৰিছে?

১৯ অক্টোবৰত চন্দ্ৰবাবু নাইডুৱে এক ভাষণত কয়, ‘ৰাজ্যৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বঢ়াব লাগিব৷ প্ৰত্যেকেই এই বিষয়ে চিন্তা কৰা উচিত৷ আমাৰ পৰিয়াল সমূহৰ লক্ষ্য কমেও দুই বা তাতোধিক সন্তান জন্ম দিয়া হ’ব লাগে৷ অতীতত আমি জনসংখ্যা নিয়ন্ত্ৰণৰ পক্ষে কথা কৈছিলো কিন্তু এতিয়া আমি ভৱিষ্যতৰ কথা চিন্তা কৰি জন্মহাৰ বঢ়াবলৈ কৈছো৷ ৰাজ্য চৰকাৰে এনে এখন আইন অনাৰ পৰিকল্পনা কৰিছে য’ত কেৱল দুই বা ততোধিক সন্তানধাৰীসকলেহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব৷’

চন্দ্ৰবাবু নাইডুৰ বক্তব্যৰ পাছতেই তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে, চেন্নাইৰ এক অনুষ্ঠানত কয়, ‘আজি লোকসভা আসন কেন্দ্ৰই কমোৱাৰ সিদ্ধান্ত লোৱাৰ পৰিস্থিতি আহিছে৷ আমাৰ ভোটাৰো কমিছে৷ সেয়ে আমি সন্তান বঢ়াব লাগে৷ কিয় আমি সন্তান জন্মত নিজকে সীমাবদ্ধ কৰাইছো? আমি কিয় ১৬টাকৈ সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰিব নোৱাৰো?’

এই বক্তব্যৰ আঁৰত কি যুক্তি?

দক্ষিণ ভাৰতত জনসংখ্যাত বয়স্কৰ হাৰহে বেছি৷ ইয়াৰোপৰি দক্ষিণ ভাৰতত ক্ৰমে কমিছে ফাৰ্টিলিটিৰ হাৰ৷ এই দুই উদ্বেগৰ মোকাবিলাত বৃহত্তৰ চেষ্টাৰ অংশ হিচাপে এই মন্তব্যসমূহ কৰা হৈছে৷ বিশেষজ্ঞই কৈছে ফাৰ্টিলিটিৰ হাৰ ক্ৰমে কমাটোৱে সামাজিক ভাৰসাম্যহীনতাৰ কাৰণ হৈ উঠিব পাৰে৷ ইয়াৰ মাজতে ২০২৫ চনৰ ভিতৰত জনসংখ্যাৰ এক বৃহত্তৰ অংশৰ বয়স হ’বগৈ ৬০ বছৰতকৈ বেছি৷

দেশৰ গড় তুলনাত অন্ধ্ৰপ্ৰদেশত ফাৰ্টিলিটিৰ হাৰ কিমান?

দক্ষিণৰ ৰাজ্যসমূহৰ ফাৰ্টিলিটিৰ হাৰ উত্তৰৰ ৰাজ্যসমূহৰ তুলনাত কম৷ অন্ধ্ৰপ্ৰদেশৰ গড় ফাৰ্টিলিটিৰ হাৰ ১.৫আৰু তামিলনাডুৰ ১.৮৷ দুটাই জাতীয় গড় ২তকৈ কম৷

নাইডুৰ এয়াই প্ৰথম আবেদন নেকি?

নাইডুৱে এয়াই প্ৰথম আবেদন কৰা নাই৷ জনসংখ্যা বৃদ্ধিৰ বিষয়ে ৰাজনৈতিকভাৱে ভুল বিবৃত্তি দিয়াৰ ক্ষেত্ৰত চন্দ্ৰবাবু নাইডু ধাৰাবাহিক অপৰাধীয়েই৷ ২০১৫ চনত তেওঁ কৈছিল অল্পবয়সীয়াসকলে সোনকালে বিয়া কৰোৱা নাই৷ আৰু বিয়া কৰালেও তেওঁলোকে সন্তান জন্ম দিয়া নাই৷ ইয়াৰপাছতেই ২০১৬ চনত তেওঁ কৈছিল এক সন্তান বা নিঃসন্তান হিচাপে সন্তুষ্ট কৰাৰ ক্ষেত্ৰত ধনীসকলে আগভাগ লৈছে৷ জাতীয় জনসংখ্যা নীতিত কোৱা হৈছে যে কোনে কিমান সন্তান ধাৰণ কৰিব সেয়া তেওঁৰ ব্যক্তি পছন্দৰ বিষয়৷ সেয়ে চন্দ্ৰবাবুৰ বিবৃত্তিসমূহ নীতি বিৰুদ্ধ৷ এনে মন্তব্যৰ বাবে দেশৰ এক বৃহৎ অংশই তেওঁক সমালোচনাও কৰি আহিছে৷

সন্তান লোৱাৰ সিদ্ধান্তত চৰকাৰৰ ভূমিকা থকা উচিতনে?

প্ৰকৃতপক্ষে সন্তান জন্মক লৈ চৰকাৰে সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই৷ গৰ্ভনিৰোধক, প্ৰসৱ পূৰ্ব যত্ন, প্ৰসৱ পৰবৰ্তী যত্ন আৰু সুস্থ শৈশৱৰ বাবে ভাল স্বাস্থ্যৰ সুবিধা প্ৰদানৰ মাজত সীমাবদ্ধ থাকে চৰকাৰৰ ভূমিকা৷ জাতীয় জনসংখ্যা নীতিত, ২০৪৫ চনৰ মাজত এক স্থিতিশীল জনসংখ্যা  নীতিৰ অন্যতম প্ৰাথমিক উদ্দেশ্য হিচাপে চন্দ্ৰবাবুৱে এই সিদ্ধান্ত লোৱা বুলিও একাংশই কৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

September 17, 2026
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, শীঘ্ৰে মালামাল হ’ব ৫ ৰাশিৰ লোক!

September 17, 2026
মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!
জীৱনশৈলী

মেথি গুটিয়ে দূৰ কৰিব চুলিৰ সমস্যা, মাত্ৰ কৰক এইদৰে ব্যৱহাৰ!

September 17, 2026
Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!
বাণিজ্য

Cigarette Price Hike: ধূম্ৰপায়ীৰ বাঢ়িল খৰচ, পুনৰ বৃদ্ধি চিগাৰেটৰ মূল্য!

September 17, 2026
Next Post
চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?

চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?

ভূত চতুৰ্দশীত যমৰ নামেৰেও কিয় জ্বলোৱা হয় চাকি? কাৰণ জানেনে?

ভূত চতুৰ্দশীত যমৰ নামেৰেও কিয় জ্বলোৱা হয় চাকি? কাৰণ জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.