উপ-নিৰ্বাচনৰ পূৰ্বে কি হৈছে কংগ্ৰেছত? সভাপতি পদ এৰিলে ভূপেন বৰাই …
উপ-নিৰ্বাচনৰ পূৰ্বে অসমৰ বিৰোধী দল কংগ্ৰেছত এয়া কি হৈছে। কংগ্ৰেছৰ অন্যতম শীৰ্ষ স্থানীয় নেতাই এৰিলে সভাপতি পদ। বিহালী সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰৰ্থীত্ব প্ৰদানৰ মত বিৰোধৰ বাবে পদ এৰিলে ভূপেন বৰাই।
অসম সন্মিলিত মঞ্চৰ সভাপতি পদৰ পৰা পদত্যাগ ভূপেন বৰাৰ। সন্মিলিত মঞ্চৰ সাধাৰণ সম্পাদকলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ভূপেন বৰাৰ।
অহা নৱেম্বৰ মাহৰ ১৩ তাৰিখে ৰাজ্যৰ ৫ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই ৫ সমষ্টিৰ ৪ টাত ইতিমধ্যে কংগ্ৰেছে প্ৰাৰ্থীৰ নাম সদৰি কৰিছে, কেৱল বিহলী সমষ্টিত এতিয়ালৈকে প্ৰাৰ্থী দিয়া হোৱা নাছিল।
তাতে আৰু ২৫ অক্টোবৰ তাৰিখ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ। তেনে সময়তে বিহালী সমষ্টিৰ প্ৰাৰ্থী প্ৰদানৰ ক্ষেত্ৰত বহু আলোচনা হয় কংগ্ৰেছ আৰু মিত্ৰ দল সমূহৰ। যাৰ অন্তত সিদ্ধান্ত হয় যে, কংগ্ৰেছেই প্ৰাৰ্থী দিব বিহালী সমষ্টিটো।
পাছে উপ-নিৰ্বাচনৰ পূৰ্বে বিহালীক লৈ বিৰোধীৰ বিভাজন। বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী বাচনি কৰাৰ বাবে পাঁচজনীয়া কমিটী গঠন কৰা হৈছিল।
পাঁচজনীয়া কমিটীৰ প্ৰতিবেদনৰ সিদ্ধান্ত মানি লোৱাৰ কথা কৈছিল AICCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। কিন্তু সন্মিলিত মৰ্চাৰ ৫জনীয়া সমিতিৰ সিদ্ধান্ত নৰজিল। ভূপেন বৰাৰ আহ্বানৰ পিছতো মানি নল’লে মৰ্চাই।
তাৰ বিপৰীতে AICCৰ অনুমোদন বিচাৰিলে মৰ্চাই। প্ৰচণ্ড চাপত পৰি অসম সন্মিলিত মঞ্চৰ সভাপতি পদ ত্যাগ কৰে ভূপেন বৰাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















