জ্যোতিষশাস্ত্ৰ অনুসৰি এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত প্ৰতিটো গ্ৰহই এটা ৰাশি এৰি অন্য ৰাশিত প্ৰৱেশ কৰে৷ শনি, সূৰ্য, বুধ, শুক্ৰ এই চাৰি গ্ৰহৰ স্থান পৰিবৰ্তন হ’ব৷ ফলত নৱেম্বৰ মাহ অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব৷ কৰ্মৰ দাতা শনিয়ে জুন মাহৰ পৰা বক্ৰী গতিত আছিল৷ এইবাৰ নৱেম্বৰত প্ৰত্যক্ষ গতিৰে চলিবলৈ আৰম্ভ কৰিব শনিয়ে৷ শনি নিজৰ মূল ত্ৰিকোণ ৰাশি কুম্ভত মাৰ্গি হ’ব৷
নৱেম্বৰৰ প্ৰথম সপ্তাহতেই শুক্ৰই ধনুত গোচৰ কৰিব৷ আগন্তুক ১৬ নৱেম্বৰত শুক্ৰৰ মূল ত্ৰিকোণ ৰাশি তুলাৰ পৰা বাহিৰলৈ ওলাই বৃশ্চিকত প্ৰৱেশ কৰিব সূৰ্যই৷ আকৌ বুধে আগন্তুক ২৬ নৱেম্বৰত বক্ৰী হ’ব৷ আগন্তুক ১৬ ডিচেম্বৰ পৰ্যন্ত বুধ এনেকৈয়ে থাকিব৷ সকলো মিলি নৱেম্বৰ মাহ কেইটামান ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ’ব৷ অৰ্থ, সুখ সমৃদ্ধিৰ জোৱাৰত ভাহিব এইকেইটা ৰাশিৰ জাতক৷ জানি থওক তালিকাত কোন কোন?
মেষ ৰাশি
নৱেম্বৰ মাহ মেষ ৰাশিৰ শুভ সময়৷ সহকৰ্মীসকলৰ সহযোগিতা পাব৷ কৰ্মস্থলত সন্মান বাঢ়িব৷ ব্যৱসায়ীয়ে লাভৰ মুখ দেখিব৷ কৰ্মকৰ্তাসকলে সহযোগিতা পাব৷ ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব৷ বিনিয়োগত কোনো বৃহৎ চুক্তি কিংবা ব্যৱসায়ৰ ক্ষেত্ৰত লাভ হ’ব আপোনাৰ৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ বাবে চলিত মাহ লাভজনক হ’ব৷ আপুনি যদি লোহা, তেল ইত্যাদিৰ ব্যৱসায় কৰে বা কৰিব খোজে তেওঁলোকৰ বাবে এই সময় বেছ শুভ৷ ব্যৱসায়ত লাভ অব্যাহত থাকিব৷ যি কোনো কামত পৰিয়ালৰ সমৰ্থন পাব৷ কৰ্মজীৱনত সাফল্য আহিব৷ স্বাস্থ্য ঠিকে থাকিব৷
কন্যা ৰাশি
পুৰণি ঋণৰ পৰা মুক্ত হ’ব৷ কোনো দীৰ্ঘস্থায়ী ৰোগত ভুগিলে সুস্থ হৈ উঠিব৷ আদালতৰ গোচৰ বা দীৰ্ঘ দিনৰ বিবাদৰ মীমাংসা হ’ব৷ ব্যৱসায়ত ভাল সময় চলিব৷ আৰ্থিক বিষয়ত প্ৰত্যাশাতকৈ বেছি সুবিধা পাব৷ পাৰিবাৰিক জীৱনত সমস্যাৰ পৰা মুক্তি পাব৷ সংসাৰত শান্তি থাকিব৷
কুম্ভ ৰাশি
নৱেম্বৰ মাহ কুম্ভ ৰাশিৰ জাতকৰ বাবে সুবৰ্ণ সময়৷ নতুন কিছু কাম আৰম্ভ কৰাৰ বাবে এয়া শুভ সময়৷ যি কোনো কামত সাফল্যৰ ডাঙৰ সুযোগ আহিব৷ ব্যৱসায়-বাণিজ্যত লাভৰ সম্ভাৱনা আছে৷ বাঢ়িব আয়, কমিব ব্যয়৷ সঞ্চয়ৰ ৰাস্তা প্ৰশস্ত হ’ব৷ নিশাৰ ভিতৰতে টকা অহাৰ সুযোগ আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















