চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন বা SIPৰ মাধ্যমেৰে মিউচুৱেল ফাণ্ডত বিনিয়োগ জনপ্ৰিয় হৈ উঠিছে৷ বিনিয়োগকাৰীয়ে বিভিন্ন ধৰণে লাভ উপাৰ্জনৰ বাবে ইয়াত বিনিয়োগ কৰে৷ কোনো কোনো লোকে অৱসৰৰ পৰবৰ্তী জীৱনত আৰ্থিক অভাৱ যাতে নহয় তাৰবাবে এইদৰে বিনিয়োগ কৰি থাকে৷ SIPৰ মাধ্যমেৰে ধাৰাবাহিকভাৱে বিনিয়োগ কৰা উচিত৷ প্ৰতি মাতে ১০ হাজাৰ টকাকৈ SIP কৰিলে অৱসৰৰ সময়ত ৫কোটি পাবলৈকো সক্ষম হ’ব পাৰে আপুনি৷
ধৰক আপোনাৰ বয়স এতিয়া ২৫ বছৰ৷ আপুনি SIPত ধন ৰাখিবলৈ আৰম্ভ কৰিছে৷ প্ৰতি মাহে ১০ হাজাৰকৈ টকা জমা দি আছে৷ ৬০ বছৰ বয়স পৰ্যন্ত আপুনি যদি ধন জমা দিয়ে তেন্তে আপোনাৰ মুঠ ৪২ লাখ টকা জমা হ’ব৷ অৰ্থাৎ ৩৫ বছৰ ধৰি ধন জমা কৰিব লাগিব আপুনি৷ যি ফাণ্ডত আপুনি টকা থৈছে সেই ফাণ্ডৰ পৰা যদি গড়ে প্ৰতি বছৰে ১২ শতাংশ ৰিটাৰ্ন পায় তেন্তে অৱসৰৰ সময়ত ৫ কোটি টকা আপুনি লাভ কৰিব৷ আপুনি যদি ২৫ বছৰ বয়সৰ পৰা এই বিনিয়োগ কৰে তেন্তে ৫কোটি টকাৰ গৰাকী হ’ব পাৰে৷
SIPত দীৰ্ঘম্যাদী অংকৰ লাভ পাব আপুনি৷ এই ধৰণৰ বিনিয়োগৰ ক্ষেত্ৰত নিম্নলিখিত কেইটামান বিষয়ত নজৰ ৰখাটো খুবেই জৰুৰী৷
১. বিনিয়োগ যদি কৰে তেন্তে কম বয়সৰ পৰাই বিনিয়োগ কৰিবলৈ আৰম্ভ কৰক৷ এই কাম কৰিলে পৰবৰ্তী সময়ত চাপ কম পৰিব আপোনাৰ৷ প্ৰতি মাহে কম পৰিমাণৰ বিনিয়োগ কৰিও পাছত বৃহৎ অংক জমা হ’ব পাৰে৷
২. SIP ত বিনিয়োগৰ ধাৰাবাহিকতা ৰক্ষা কৰা খুবেই জৰুৰী৷ বজাৰৰ পৰিস্থিতি সকলো সময়তে সমানে নাথাকে৷ কিন্তু ধাৰাবাহিকতা বজাই ৰাখিলে দীৰ্ঘম্যাদি লাভ আপুনি পাব৷
৩. কোনো ফাণ্ডত বিনিয়োগ কৰিলে নিশ্চিন্ত হৈ নাথাকিব৷ ফাণ্ডৰ পাৰ্ফমেঞ্চ কেনে সেই দিশত নজৰ দিয়ক৷ নতুন কোনো বিনিয়োগৰ ৰাস্তা খুলিলে সেই দিশত নজৰ ৰাখক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















