হিজাব নিপিন্ধাকৈ কনচাৰ্টত পাৰফৰ্ম কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ল ইৰানৰ ইউটিউব ষ্টাৰক৷ ইৰানৰ ৰাজধানী তেহৰানৰ পৰা ২৮০ কিঃমিঃ দূৰৈত অৱস্থিত মাজানদাৰান প্ৰদেশৰ চাৰি চহৰৰ পৰা শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় পাৰাস্তু আহমাদি নামৰ মহিলা সংগীতশিল্পীক৷ তেওঁৰ আইনজীৱী মিলাদ পানাহিপৌয়ে জনাইছে যে, বিগত বৃহস্পতিবাৰে ইউটিউবৰ এক অনলাইন কনছাৰ্টত অংশ লৈছিল পাৰাস্তুৱে৷ তাতেই হিজাব নিপিন্ধাকৈ পাৰফৰ্ম কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়৷ সেই অভিযোগৰ ভিত্তিতেই ইৰানি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে৷
ইউটিউব কনচাৰ্টত সংগীতশিল্পীয়ে পৰিধান কৰিছিল ক’লা ড্ৰেছ৷ তেওঁৰ মূৰত নাছিল হিজাব৷ চাৰিজন পুৰুষ মিউজিছিয়ানৰ সৈতে পাৰফৰ্ম কৰিছিল পাৰাস্তু আহমাদিয়ে৷ ইউটিউব ভিডিঅ’ৰ সৈতে এক কেপছনো প’ষ্ট কৰিছে তেওঁ৷ তাতেই লিখা আছিল, ‘মই পাৰাস্তু৷ এই গান মোক ভালপোৱা প্ৰতিজন মানুহৰ বাবে৷ মোৰ প্ৰিয় জন্মভূমিক উদ্দেশ্য কৰি এই গান৷৷ ইৰানৰ এই অংশত ইতিহাস আৰু পুৰাণৰ মেলবন্ধন আছে৷ এক কল্পনাৰ কনছাৰ্টত আজি আপোনালোকে আমাৰ গান শুনিব পাৰিছে৷’ পাৰাস্তু আহমাদিৰ এই ভিডিঅ’ ইতিমধ্যেই ইউটিউবত ১.৫ মিলিয়ন মানুহে চাইছে৷
পাৰাস্তু আহমাদিৰ সৈতে থকা দুই পুৰুষ মিউজিছিয়ান, ছোহেল নাছিৰি আৰু এহছান বেইৰাঘদাৰকো একেদিনাই গ্ৰেপ্তাৰ কৰিছে ইৰাণ আৰক্ষীয়ে৷ ১৯৭৯ চনত ইৰানত ইছলামিক অভ্যুত্থানৰ পাছতেই মহিলাসকলৰ বাবে হিজাব বাধ্যতামূলক কৰা হৈছে৷ বহুতেই ধৰ্মীয় আচাৰক মান্যতা দি হিজাব পৰিধান কৰে৷ যদিও অধিকাংশৰ মতে এয়া ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ আৰু ৰাষ্ট্ৰই দিয়া চাপ৷
২২ বছৰ বয়সীয়া মাছা আমিনিয়ে হিজাব পিন্ধিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁৰ ওপৰত নৃশংস অত্যাচাৰ চলোৱা হৈছিল৷ আৰক্ষীৰ জেৰাৰ মাজতেই মৃত্যু ঘটিছিল আমিনিৰ৷ এই ঘটনাৰ পাছতেই ইৰানজুৰি এক ডাঙৰ হিজাব বিৰোধী আন্দোলনৰ জন্ম হৈছিল৷ ২০২২চনত পথত নামি হিজাবৰ বিৰুদ্ধে বিক্ষোভ কৰিছিল ইৰানৰ মহিলাই৷ যদিও তাৰপাছতেই আইনৰ কোনো পৰিবৰ্তন হোৱা নাই৷ সলনি হোৱা নাই ৰাষ্ট্ৰৰ মনোভাৱো৷ এতিয়াও হিজাব নিপিন্ধিলেই গ্ৰেপ্তাৰ কৰা হয় ইৰাণি মহিলাসকলক৷ চলে নৃশংস অত্যাচাৰো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ