বুধবাৰৰ পাছত এইবাৰ বৃহস্পতিবাৰ৷ সংসদ উত্তাল৷ কংগ্ৰেছ বিজেপিৰ মাজত হতাহতি আৰু ৰক্তাৰক্তিও৷ বিজেপি সাংসদ প্ৰতাপ ষড়ঙ্গি আৰু মুকেশ ৰাজপুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ভৰ্তি হৈছে হাস্পতালত৷ সমগ্ৰ ঘটনাক লৈ বিজেপিয়ে কাঠগড়াত তুলিছে ৰাহুল গান্ধীক৷
প্ৰতাপ ষড়ঙ্গিৰ অভিযোগ, তেওঁ চিৰিত থিয় হৈ আছিল৷ তেতিয়াই অন্য এজন সাংসদ তেওঁৰ ওপৰত পৰি যায়৷ তেতিয়া তেঁৱো পৰি যায় ফলত মূৰত আঘাত পায়৷ কিন্তু এই অভিযোগ অস্বীকাৰ কৰিছে ৰাহুলে৷ তেওঁৰ দাবী, তেওঁ সংসদত সোমোৱাৰ চেষ্টা কৰিছিল কিন্তু বিজেপিৰ সাংসদসকলে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল৷ ৰাহুলকহে ঢাক্কা দিয়া হৈছিল, ধমকিও দিয়া হৈছিল৷ কংগ্ৰেছৰ ওলোটা অভিযোগ যে মল্লিকাৰ্জূন খাৰ্গেকো ধাক্কা দিয়া হৈছিল৷
ঘটনাৰ পাছতেই সামাজিক মাধ্যমত ভাইৰেল হৈছে বিজেপিৰ বৰ্ষীয়ান সাংসদ প্ৰতাপ ষড়ঙ্গিৰ ছবি৷ কোন তেওঁ? ওড়িশাৰ বালাছোৰ কেন্দ্ৰৰ পৰা বিজেপিৰ টিকটত জয়ী হৈছে প্ৰতাপ ষড়ঙ্গি৷ ১৯৫৫ চনৰ জানুৱাৰীত বালেশ্বৰৰ গোপীনাথপুৰত তেওঁৰ জন্ম৷ উৎকল বিশ্ববিদ্যালয়ৰ অধীনত ফকিৰমোহন কলেজৰ পৰা উচ্চশিক্ষা শেষ কৰে তেওঁ৷
৬৯বছৰ বয়সীয়া ওড়িশাৰ এই বিজেপি নেতাই দীৰ্ঘদিন ধৰি আদিবাসী উন্নয়নৰ সৈতে যুক্ত৷ গণশিক্ষা মন্দিৰ যোজনাৰ অধীনত বালেশ্বৰ আৰু ময়ূৰভঞ্জৰ একাধিক আদিবাসী অধ্যুষিত গাওঁত স্কুল খুলিছিল তেওঁ৷ ৰাজনীতিত অহাৰ পূৰ্বে বালেশ্বৰৰ এখন কলেজত কেৰানিৰ চাকৰিও কৰিছিল তেওঁ৷ দীৰ্ঘদিন ধৰি আৰ এছ এছৰ স্বেচ্ছাসেৱক হিচাপে তেওঁ কাম কৰিছে৷ সাংসদ হোৱাৰ পূৰ্বে ওড়িশাৰ বিধানসভাৰ ২বাৰৰ বিধায়ক আছিল তেওঁ৷ ২০১৪চনৰ বালেশ্বৰ লোকসভা কেন্দ্ৰৰ পৰা যুঁজ দিয়ে তেওঁ৷ ২০১৯ চনত সেই কেন্দ্ৰৰ পৰাই সাংসদ হয় তেওঁ৷ একাধিক বিতৰ্কতো সোমাই পৰিছিল৷ ১৯৯৯ চনত ধৰ্মযাজক গ্ৰাহাম ষ্টেন হত্যাকাণ্ডতো তেওঁৰ নাম সাঙোৰ খাইছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















