ডিচেম্বৰৰ শেষ সপ্তাহত শ শ মহাপুৰুষ ৰাজযোগ৷ শনিয়ে বৰ্তমান নিজস্ব ৰাশি কুম্ভ ৰাশিত পৰিভ্ৰমণ কৰিছে৷ যাৰ কাৰণেই তৈয়াৰ হৈছে শ শ ৰাজযোগ৷ এই সপ্তাহ কোন কোন ৰাশিৰ বাবে ভাল হ’ব? জানি থওক সবিশেষ৷ ৫ৰাশিৰ জাতক জাতিকাৰ শ শ মহাপুৰুষ ৰাজযোগত বিশেষভাৱে উপকৃত হ’ব৷ কঁপাল ফুলিব৷ বছৰৰ শেষ সপ্তাহত শনিদেৱৰ আশীৰ্বাদ বৰ্ষিত হ’ব এই ৰাশিসমূহৰ ওপৰত৷
বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবে এই সপ্তাহ সম্পদ আৰু সম্পত্তিৰ দিশৰ পৰা লাভজনক আৰু সফল প্ৰমাণিত হ’ব৷ সপ্তাহৰ মাজভাগত আপুনি পেছা বা ব্যৱসায়িক ক্ষেত্ৰত দূৰ ভ্ৰমণ কৰিব পাৰে৷ এই যাত্ৰা আপোনাৰ বাবে উপকাৰী প্ৰমাণিত হ’ব৷ পৰিয়ালত আনন্দৰ পৰিবেশ বৰ্তি থাকিব৷
মিথুন ৰাশিঃ ডিচেম্বৰৰ শেষ সপ্তাহ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ’ব৷ এই সপ্তাহত আপোনাৰ সকলোতকৈ ডাঙৰ ইচ্ছা পূৰণ হ’ব৷ দীৰ্ঘদিন ধৰি আপোনাৰ সঞ্চয়ক লৈ আপুনি যি সমস্যাৰ মুখামুখি হৈছে সেই সমস্যা দূৰ হ’ব৷ কৰ্মক্ষেত্ৰত আপুনি যি সমস্ত বিষয়ক লৈ দীৰ্ঘদিন ধৰি চিন্তিত আছিল সেইসমূহ দূৰ হ’ব৷ আপোনাৰ সন্মান বৃদ্ধি পাব৷ প্ৰেম জীৱনো এই সময়ত ভালেই চলিব৷ বিবাহিতসকলেও সুখী দাম্পত্য জীৱন কটাব৷
কৰ্কট ৰাশিঃ ডিচেম্বৰৰ শেষ সপ্তাহ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে অত্যন্ত শুভ হ’ব৷ এই সপ্তাহত আপোনাৰ কৰ্মজীৱন আৰু ব্যৱসায়ত কংক্ষিত সাফল্য পাব৷ এই সপ্তাহত আপুনি পদোন্নতিও কৰিব পাৰে৷ এই সপ্তাহত আপুনি সহকৰ্মী, ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যকলৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ হঠাৎ কিছু আৰ্থিক লাভ কৰিব পাৰে৷ মাটি ক্ৰয় বিক্ৰয়ৰ ইচ্ছা পূৰণ হ’ব৷ সমাজত সন্মান বাঢ়িব৷ এই সপ্তাহত আপুনি সুখী জীৱন কটাব৷
তুলা ৰাশিঃ তুলা ৰাশিৰ জাতক জাতিকাৰ এই সপ্তাহ ভালেই কাটিব৷ ভাৱিচিন্তি পদক্ষেপ গ্ৰহণ কৰাই শ্ৰেয়৷ দীৰ্ঘম্যাদী ক্ষতি দূৰ হ’ব৷ নিজৰ বুদ্ধিমত্তা আৰু বিচক্ষণতাৰ পূৰ্ণ ব্যৱহাৰ কৰিব পাৰে৷ এই সপ্তাহত আপুনি বিনিয়োগৰ পৰা ভাল লাভ পাব৷ মনত ধৰ্ম আৰু আধ্যাত্মিকতাৰ ভাৱ উদয় হ’ব৷ বন্ধু বা পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰালৈ যাব পাৰে৷
কুম্ভ ৰাশিঃ কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আগন্তুক সপ্তাহটি শুভ প্ৰমাণিত হ’ব৷ সপ্তাহৰ আৰম্ভণিতে আপুনি পেছা আৰু ব্যৱসায় সম্পৰ্কিত কিছু ভাল খবৰ পাব পাৰে৷ এই ৰাশিৰ ব্যৱসায়ীসকলে প্ৰচুৰ লাভ পাব পাৰে৷ আপোনাৰ পাবলগীয়া ধন এই সময়ত লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















