অসমৰ এক ঠাইত সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব মুছলমান মহিলা। মহিলাৰ ক্ষেত্ৰত এই কঠোৰ নিয়ম আনিছে , যাৰ বাবে এতিয়া উত্তপ্ত হৈ পৰিছে পৰিস্থিতি।
ৰূপহীহাটৰ এক সভাত এই সিদ্ধান্ত। সিদ্ধান্ত লোৱাৰ পাছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। এই সভাতেই মুছলমান মহিলা সন্দৰ্ভত দিয়া হয় এই মন্তব্য। সবাত কোৱা হয় যে,-
সন্ধিয়া ৭বজাৰ পিছত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব মুছলমান যুৱতী আৰু মহিলা। মুছলমান যুৱতী-মহিলা দেৰিলৈকে ঘৰৰ পৰা বাহিৰত থকাটো বেয়া কথা। ই ইছলাম ধৰ্মক ক্ষতি কৰে। সন্ধিয়া হোৱাৰ লগে লগে ঘৰত থাকিব লাগে মুছলমান যুৱতী আৰু মহিলাসকল।
লগতে ইয়াকো কয় যে, ইছলাম ধৰ্মক বদনাম কৰি আছে একাংশ মুছলমান যুৱতী-মহিলাই। ইছলাম ধৰ্মক ক্ষতি কৰি আছে একাংশ মুছলমান যুৱতী-মহিলাই।
ধৰ্মীয় সভাৰ মীনা বজাৰত সন্ধিয়া মুছলমান যুৱতী-মহিলা অহাক লৈ সৰৱ একাংশ মুছলমান লোক।
ইছলাম ধৰ্মৰ ধৰ্মীয় সভাত সন্ধিয়া মহিলাৰ উপস্থিতিক লৈ ক্ষোভ একাংশৰ। তাৰ পাছতে সভাত এই সিদ্ধান্ত । কিন্তু চাৰ বিপৰিতে একাংশৰ ক্ষোভ। এতিয়াও মুছলমান সমাজত যুৱতী-মহিলাৰ স্বাধীনতা নাই নেকি বুলি প্ৰশ্ন কিছু লোকৰ।
সন্ধিয়া হ’লেই কিয় ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে মুছলমান যুৱতী-মহিলা? মুছলমান সমাজৰ নিয়মক লৈ প্ৰশ্ন সচেতন ৰাইজৰ।
ৰূপহী হাটৰ শিঙিমাৰীত ধৰ্মীয় সভাত উত্তপ্ত পৰিস্থিতি। অধিক মূল্যত বস্তু বিক্ৰীক লৈও সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ