১৪৪ বছৰ পাছত প্ৰয়াগৰাজত মহাকুম্ভ চলি আছে৷ আগন্তুক ৫ ফেব্ৰুৱাৰীত মহাকুম্ভত পূণ্য়স্নান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰীৰ স্নানৰ বাবে সকলোধৰণৰ প্ৰস্তুতি জোৰদাৰ ৰূপত চলি আছে৷ আনহাতে ৫ফেব্ৰুৱাৰীত দিল্লীৰ নিৰ্বাচনো৷ ইয়াতেই প্ৰশ্ন উত্থাপিত হৈছে কিয় কুম্ভস্নানৰ বাবে ৫ ফেব্ৰুৱাৰী দিনটোকেই বাচি লৈছে প্ৰধানমন্ত্ৰীয়ে? সেইদিনটোত কোনো অমৃত স্নানৰ তিথি নাই৷
কুম্ভৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অমৃতস্নান মৌনী অমাবস্যা পালিত হ’ব আগন্তুক ২৯ জানুৱাৰীত৷ ইয়াৰপাছতেই বসন্ত পঞ্চমী আৰু মহাশিৱৰাত্ৰীতো আছে অমৃত স্নানৰ তিথি৷ অমৃত স্নান বা শাহী স্নান এৰি মোদীয়ে কিয় ৫ ফেব্ৰুৱাৰীতেই কুম্ভ স্নান কৰিব? জানি থওক পঞ্জিকা অনুসৰি এই দিনটোৰ মাহাত্ম্য কি?
৫ফেব্ৰুৱাৰীৰ মাহাত্ম্য
বৈদিক পঞ্জিকা অনুসৰি ৫ ফেব্ৰুৱাৰীত পালিত হ’ব মাঘ গুপ্ত নৱৰাত্ৰিৰ অষ্টমী তিথি৷ ধৰ্মীয় দিশৰ পৰা এই দিনটো অত্যন্ত শুভ৷ ধ্যান আৰু সাধনা কৰাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হৈছে মাঘ গুপ্ত নৱৰাত্ৰীৰ অষ্টমী৷ গুপ্ত নৱৰাত্ৰিত দেৱী দুৰ্গাৰ নতুন ৰূপৰ আৰাধনা কৰে সাধকসকলে৷ গৃহী সংসাৰী জীৱনত গুপ্ত নৱৰাত্ৰীৰ খুব এটা প্ৰচলন নাই৷ সাধক সম্প্ৰদায়ে এই সময়ত অন্যসকলৰ চকুৰ আঁৰত দেৱী দুৰ্গাৰ আৰাধনা কৰে বাবে ইয়াক গুপ্ত নৱৰাত্ৰি বুলি কোৱা হয়৷
মাঘ শুক্লা অষ্টমী
শাস্ত্ৰ অনুসৰি মাঘ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত গংগা স্নন কৰিলে মুক্তি পোৱা যায়৷ এই দিনটোত প্ৰয়াত পূৰ্বপুৰুষৰ উদ্দেশ্যে তৰ্পন কৰিলে তেওঁলোকৰ আত্মাই শান্তি পায়৷ পূৰ্বপুৰুষৰ উদ্দেশ্যি পানী, তিল, চাউল, ফল আৰু ফুল নিবেদন কৰিলে তেওঁলোকৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ৷
ভীষ্মৰ স্বেচ্ছামৃত্যু
এই দিনটোৰ আৰু এটা মাহাত্ম্য আছে৷ মহাভাৰত অনুসৰি এইদিনটোত স্বেচ্ছাই মৃত্যু বৰণ কৰিছিল ভীষ্মই৷ কুৰুক্ষেত্ৰৰ যুদ্ধত শৰশয্যাত শুই সূৰ্যৰ উত্তৰায়ন যোৱা পৰ্যন্ত অপেক্ষা কৰিছিল ভীষ্মই৷ সূৰ্য উত্তৰায়ণ যোৱাৰ পাছত শুক্লপক্ষ আৰু হ’লে মাঘৰ শুক্লা অষ্টমী তিথিত প্ৰাণ বিসৰ্জন কৰে ভীষ্মই৷ সেই কাৰণে এই তিথি ভীষ্ম অষ্টমী নামেৰেও পৰিচিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















