শ্বেয়াৰ মাৰ্কেটত বিগত দুই তিনি মাহ ধৰি ছেনছেক্স, নিফটি নিম্নমুখী৷ সৰ্বস্বাস্ত বিনিয়োগকাৰী৷ কেতিয়া আকৌ বজাৰ উঠিব? বিনিয়োগৰ টকা কেতিয়া আকৌ উঠিব? লাভ হ’বনে? হাজাৰ টেনছন বিনিয়োগকাৰীৰ মূৰত৷ সেই বিষয়ক লৈয়েই ব্যস্ত থাকে বহু বিনিয়োগকাৰী৷ বজাৰত উত্থান পতন স্বাভাৱিক কথা৷ কেতিয়াবা যদি লাভ হয় কেতিয়াবা আপুনি লোকচানো মানি ল’বই লাগিব৷ যদি এই লোকচান সহ্য কৰাটো আপোনাৰ পক্ষে কঠিন তেন্তে তেওঁলোকে নিৰাপদ স্থানত বিনিয়োগ কৰক৷ য’ত আপোনাৰ ধন সুৰক্ষিত থাকিব লগতে নিশ্চিত ৰিটাৰ্ণৰ গেৰেণ্টিও পাব৷
নিশ্চিত ৰিটাৰ্ণ বুলিলে মূৰত পূৰ্বেই আহে ফিক্সড ডিপজিটৰ কথা৷ শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডৰ যুগত FDৰ জনপ্ৰিয়তা খুবেই বেছি৷ অনিশ্চয়তাৰ যুগত ইয়াৰ জনপ্ৰিয়তা বহু বাঢ়িছে৷ বেংক অফ বৰোদা দেশৰ অন্যতম বৃহৎ ৰাষ্ট্ৰায়ত্ত বেংক৷ ফিক্সড ডিপোজিটত সুদৰ হাৰ ভাল৷ বিভিন্ন ম্যাদত বিনিয়োগ কৰা যায়৷ ৪.২৫ শতাংশৰ পৰা আৰম্ভ কৰি ৭.৩০ শতাংস হাৰত সুদ পাব গ্ৰাহকে৷
১২ মাহ অৰ্থাৎ ১ বছৰৰ ম্যাদত ফিক্সড ডিপজিট স্কিমত সাধাৰণ গ্ৰাহকক ৬.৮৫শতাংশ হাৰত সুদ দিছে বেংক অফ বৰোদাই৷ প্ৰবীণ নাগৰিকৰ ক্ষেত্ৰত সুদৰ হাৰ কিছু বেছি৷ একেই ম্যাদত তেওঁলোকক দিয়া হয় ৭.৩৫শতাংশ হাৰত সুদ৷ কোনোৱে যদি ১২ মাহৰ ম্যাদত ২ লাখ টকাৰ ফিক্সড ডিপোজিট কৰে, তেন্তে মেচিউৰিটিত তেওঁ কিমান টকা ৰিটাৰ্ণ পাব?
ফিক্সড ডিপজিট কেলকুলেটৰ অনুসৰি সাধাৰণ গ্ৰাহকে ১ বছৰত ৬.৮৫শতাংশ হাৰত সুদ পাব ১৪, ০৫৬ টকা৷ অৰ্থাৎ সুদ আৰু নিজা ধন মিলি মেচিউৰিটিত পাব ২,১৪,০৫৬ টকা৷ প্ৰবীণ নাগৰিকৰ সুদৰ হাৰ বেছি হোৱাৰ বাবে ৰিটাৰ্ণো বেছি হয়৷ ফিক্সড ডিপজিট কেলকুলেটৰ অনুসৰি যদি কোনো প্ৰবীণ নাগৰিকে বেংক অফ বৰোদাত ১২ মাহৰ ম্যাদত ২ লাখ টকাৰ ফিক্সড ডিপোজিট কৰে তেন্তে মেচিউৰিটিত তেওঁ পাব ২,১৫,১১০ টকা।
যদি কোনোৱে ১ বছৰৰ ম্যাদত ৪ লাখ জমা কৰে তেন্তে কিমান টকা পাব? বিনিয়োগৰ পৰিমাণ বেছি হ’লে সুদৰ পৰিমানো বেছি হ’ব৷ সুদ আৰু প্ৰকৃত ধন মিলি লাভ কৰিব ৪,২৮,১১২ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















