জ্যোতিষ বিশেষজ্ঞৰ মত অনুসৰি ১৮মাৰ্চ কিছু ৰাশিৰ বাবে অত্যন্ত শুভ হব৷ এই দিনটোত ভাগ্যৰ পূৰ্ণ সহায়তা লাভ কৰিব৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব৷ কৰ্মজীৱন, ব্যৱসায় আৰু আৰ্থিক বিষয়ত বিশেষ সাফল্যৰ সম্ভাৱনা আছে৷ বিশেষকৈ চাকৰিয়ালে পদোন্নতি বা দৰমহা বৃদ্ধিৰ সুখবৰ পাব পাৰে, ব্যৱসায়ীসকললৈ নতুন সুযোগ আহিব পাৰে৷ পাৰিবাৰিক জীৱনতো শান্তি বৰ্তি থাকিব৷ যদি আপোনাৰ ৰাশি মেষ, বৃষ, সিংহ, বৃশ্চিক বা মকৰ হয় তেন্তে এই দিনটো আপোনাৰ বাবে বিশেষ শুভ হব৷
মেষ ৰাশি
এই দিনটোত মেষ ৰাশিৰ জাতক অত্যন্ত শুভ হব৷ আত্মবিশ্বাস বৃদ্ধি পাব আৰু কামৰ ক্ষেত্ৰত ভাল পাৰ্ফৰমেন্স কৰিব পাৰিব৷ চাকৰিয়ালে নতুন কোনো দায়িত্ব পাব পাৰে৷ যিয়ে তেওঁলোকৰ কেৰিয়াৰত উন্নতি ঘটাব৷ ব্যৱসায়ীসকলৰ বাবেও কাইলৈ দিনটো লাভজনক হব৷ বিশেষকৈ যদি কোনো নতুন সিদ্ধান্ত লম ভাৱিছে তেন্তে কিছুদিন অপেক্ষা কৰক৷
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে ১৮ মাৰ্চ আৰ্থিক দিশৰ পৰা শুভ হব৷ অৰ্থ সংক্ৰান্তিয় সমস্যা দূৰ হব৷ পাবলগীয়া ধন এইসময়তেই লাভ কৰিব৷ যদি নতুন কোনো বিনিয়োগৰ কথা ভাৱিছে তেন্তে এয়াই সঠিক সময়৷ ভালধৰণে চিন্তা কৰি সিদ্ধান্ত লওক৷ ব্যৱসায়ীয়ে লাভৰ মুখ দেখিব৷ চাকৰিয়ালৰ দৰমহা বৃদ্ধিৰ সুযোগ আহিব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ বাবে এই দিনটো কেৰিয়াললৈ উন্নতি অহাৰ সময়৷ এই দিনটোত আপুনি কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ উচ্চপদস্থ কৰ্মকৰ্তাই আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে৷ যদি আপুনি পদোন্নতি বা দৰমহা বৃদ্ধিৰ আশা কৰিছে তেন্তে ভাল খবৰ আহিব পাৰে৷ ব্যৱসায়ীয়ে নতুন সুযোগ পাব, যিয়ে আয়ৰ পৰিমাণ বঢ়াই তুলিব পাৰে৷ পাৰিবাৰিক জীৱনত শান্তি বৰ্তি থাকিব আৰু মানসিক স্বস্তি অনুভূত হব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে এইদিনটো কেৰিয়াৰ আৰু ব্যৱসায়ত সাফল্য অহাৰ দিন৷ বিশেষকৈ যিসকলে বিনিয়োগ বা ব্যৱসায়ৰ সৈতে যুক্ত তেওঁলোকৰে লাভৰ সুযোগ পাব৷ নতুন কোনো ডাঙৰ প্ৰকল্প হাতলৈ আহিব পাৰে যিয়ে আপোনাৰ খ্যাতি আৰু মৰ্যাদা বৃদ্ধি কৰিব৷ চাৰিওফালৰ মানুহৰ পৰা প্ৰশংসা পাব, যাৰ ফলত আত্মবিশ্বাস বাঢ়িব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতকৰ বাবে এই দিনটো অত্যন্ত শুভ হব৷ তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ ফল এই সময়তেই লাভ কৰিব৷ চাকৰিয়ালৰ পদোন্নতি বা নতুন দায়িত্ব আহিব পাৰে৷ যাৰ ফলত কেৰিয়াৰত আৰু আগুৱাই যাব৷ ব্যৱসায়ীয়ে ভাল লাভ কৰিব পাৰে৷ পৰিয়ালৰ মাজত আনন্দৰ পৰিবেশ থাকিব আৰু মানসিক স্বাস্তি বৰ্তি থাকিব৷ এই ৫ৰাশিৰ বাবে ১৮মাৰ্চ এক অত্যন্ত শুভ দিন হব৷ কৰ্মজীৱন, ব্যৱসায় আৰু আৰ্থিক বিষয়ত সাফল্য অহাৰ সম্ভাৱনা আছে৷ এই সময়ত সঠিক পৰিকল্পনা আৰু ধৈৰ্য্য ধৰি আগুৱাই গলে সফল হব আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















