চলিত মাহতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ভাৰতৰ পৰা দেখা পাবনে ?
জ্যোতিষ শাস্ত অনুসৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ লগতে গ্ৰহণে মানুহৰ জীৱনতো গভীৰ প্ৰভাৱ পেলায়। হিন্দু ধৰ্মত সূৰ্য আৰু চন্দ্ৰগ্ৰহণক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় আৰু ইয়াৰ ধৰ্মীয় আৰু জ্যোতিষীয় প্ৰভাৱ বুলি ধৰা হয়।
প্ৰতি বছৰে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ সংঘটিত হয়। চলিত বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ ২৯ মাৰ্চ শনিবাৰে চম মাহৰ অমাৱস্যাত সংঘটিত হ’ব। যদিও গ্ৰহণ এক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা, ধৰ্মীয় দৃষ্টিকোণৰ পৰা ইয়াৰ গুৰুত্ব অতিশয় বেছি।
২৯ মাৰ্চত বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২:২১ বজাৰ পৰা গ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৬:১৪ বজাত শেষ হ’ব।
কিন্তু বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ’ব আৰু সেয়েহে এই সূৰ্যগ্ৰহণৰ সুতক সময়ো ভাৰতত বৈধ নহ’ব।
যিহেতু সুতকৰ সময়সীমা বৈধ নহয়, গতিকে ধৰ্মীয় কাম-কাজৰ ওপৰত কোনো নিষেধাজ্ঞা নাথাকিব।
অমৱস্যাৰ তিথি শ্ৰাদ্ধ আৰু তৰ্পনৰ বাবে শুভ বুলি গণ্য কৰা হয় আৰু এই দিনটোত শ্ৰদ্ধ আৰু তৰ্পন আদি কৰিব পাৰি।
এই আংশিক সূৰ্যগ্ৰহণ ইউৰোপ, এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আটলাণ্টিক মহাসাগৰ আৰু আৰ্কটিক মহাসাগৰৰ পৰা দেখা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ