• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহৰ পাছত মাহ ধৰি মহাকাশত থাকিলে নভোশ্চৰসকলৰ স্বাস্থ্যৰ কি কি পৰিবৰ্তন হয়? দীৰ্ঘম্যাদি ক্ষতি কি কি হ’ব পাৰে?

মাহৰ পাছত মাহ ধৰি মহাকাশত থাকিলে নভোশ্চৰসকলৰ স্বাস্থ্যৰ কি কি পৰিবৰ্তন হয়? দীৰ্ঘম্যাদি ক্ষতি কি কি হ’ব পাৰে?

12 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহৰ পাছত মাহ ধৰি মহাকাশত থাকিলে নভোশ্চৰসকলৰ স্বাস্থ্যৰ কি কি পৰিবৰ্তন হয়? দীৰ্ঘম্যাদি ক্ষতি কি কি হ’ব পাৰে?

মাহৰ পাছত মাহ ধৰি মহাকাশত থাকিলে নভোশ্চৰসকলৰ স্বাস্থ্যৰ কি কি পৰিবৰ্তন হয়? দীৰ্ঘম্যাদি ক্ষতি কি কি হ’ব পাৰে?

editor by editor
March 19, 2025
in জীৱনশৈলী
0
মাহৰ পাছত মাহ ধৰি মহাকাশত থাকিলে নভোশ্চৰসকলৰ স্বাস্থ্যৰ কি কি পৰিবৰ্তন হয়? দীৰ্ঘম্যাদি ক্ষতি কি কি হ’ব পাৰে?
0
SHARES
862
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আঁঠ দিনৰ যাত্ৰা দিঘলীয়া হৈ হৈছেগৈ ৯মাহ৷ অৱশেষত দীৰ্ঘ সময় মহাকাশত কটাই পৃথিৱীলৈ উভতি আহিছে নভোশ্চৰ সুনীতা উইলিয়ামছ আৰু বুচ উইলমোৰ৷ ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱতি নিশা ৩.২৮ মিনিটত ফ্লৰিডাৰ সমুদ্ৰত অৱতৰণ কৰিছে তেওঁলোকক কঢ়িয়াই অনা ড্ৰেগন যানে৷ পৃথিৱীলৈ উভতি আহিলেও সহজে স্বাভাৱিক জীৱন জীয়াব নোৱাৰিব সুনীতাসহ অইন নভোশ্চৰ কেইগৰাকীয়ে৷ ইয়াৰ কাৰণ এটাই যে তেওঁলোকে দীৰ্ঘসময় মধ্যাকৰ্ষণ শক্তিবিহীন জীৱনযাপন কৰি আহিছে৷

সাধাৰণতে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ অভিযানসমূহ অন্তত ছমাহৰ বাবে থাকে৷ ফলত নাছাৰ এজন মহাকাশচাৰীৰ ওপচত আই এছ এছৰ কামৰ দায়িত্ব দিয়া হয় খুব বেছি ছমাহৰ বাবে৷ এই দীৰ্ঘ সময়ত মানৱদেহৰ শৰীৰবৃত্তীয় নানান পৰিবৰ্তন হয়৷ পৃথিৱীলৈ উভতি অহাৰ পাছত মহাকাশচাৰীৰ শৰীৰ দুৰ্বল হৈ পৰে৷ অনিবাৰ্য কাৰণৰ বাবে পূৰ্বে মহাকাশ ষ্টেচনত নভোশ্চৰসকলে ছমাহ সময় একেলগে কটাইছে যদিও তাতকৈ বেছি সময় সাধাৰণতে থকা নাই৷ মাৰ্কিন মহাকাশচাৰী বুচ উইলমোৰ আৰু সুনীতাৰ ক্ষেত্ৰত অৱশ্যে কথাটো কিছু পৃথক হল৷ তেওঁলোক দুয়োৱে ৯মাহ সময় তাত কটাইছে৷ এই ৯ মাহত বিশেষকৈ সুনীতাৰ শৰীৰত দুৰ্বলতাৰ ছায়া ফুটি উঠিছে৷ মানৱদেহে যিহেতু মধ্যাকৰ্ষণহীন পৰিস্থিতিত কাম কৰিবলৈ ৰাজী নাথাকে সেয়ে মহাকাশৰ মধ্যাকৰ্ষণশূন্যতাৰ সৈতে খাপ খাবলৈ সময় লাগে নভোশ্চৰসকলক৷ দেখা গৈছে শাৰীৰিক সমস্যাও৷ যি খুব উদ্বেগৰ নহলেও একেবাৰে চিন্তা নথকাও নহয়৷ সুনীতা আৰু অইন তিনি নভোশ্চৰে পৃথিৱীলৈ আহি কি কি সমস্যাৰ সন্মুখীন হব পাৰে?

স্পেছ ছিকনেছ

বিশেষজ্ঞই জনাইছে মহাকাশৰ মাইক্ৰগ্ৰেভিটি পৰিস্থিতিত শৰীৰৰ ভিতৰৰ তৰল আৰু ৰক্তচাপৰ ওপৰত প্ৰভাৱ পৰে৷ শৰীৰৰ তৰল পদাৰ্থ ওপৰৰ দিশলৈ উঠি থাকে৷ ফলত মস্তিষ্কত ফ্লুইড বা তৰল জমা হয়৷ মুখমণ্ডল ফুলি থাকে, ক্ৰমশ ৰোগীয়াও হৈ পৰে শৰীৰ৷ ভৰিয়ে কাম কৰিবলৈ পাহৰাৰ দৰে হয়৷ নানান শৰীৰবৃত্তীয় প্ৰক্ৰিয়াতো খেলিমেলি ঘটে৷ ইয়াৰ ফলত মহাকাশলৈ যোৱাৰ পাছত বেছিভাগ মহাকাশচাৰীৰেই প্ৰথমে বমি ভাৱ, মূৰ ঘূৰোৱাৰ দৰে সমস্যাই দেখা দিয়ে৷ ইয়াকেই কোৱা হয় স্পেছ ছিকনেছ৷ শূন্য মধ্যাকৰ্ষণৰ কাৰণে কমি থাকে হাড়ৰ ওজন, ভঙ্গুৰো হৈ পৰে হাঁড় যি এষ্টিয়োপৰচিছপ অন্য এক নামান্তৰ৷ সকলোবোৰৰ পৰা নিজকে ঠিকে ৰাখিবলৈ আন্তৰ্জাতিক মহাকাশ ষ্টেচনত প্ৰতিদিনে কেইঘণ্টা কাম কৰাৰ পাছতেই ব্যায়াম কৰিব লাগে মহাকাশচাৰীয়ে৷ এই সকলো নিয়ম মানি চলিলে মুটামুটি সুস্থ শৰীৰেৰেই পৃথিৱীলৈ উভতি আহে মহাকাশচাৰীসকল৷

দৃষ্টিশক্তি হ্ৰাস পোৱা

মহাকাশৰ ওজন শূন্যতাত চকুৰ মণিৰ আকাৰো সলনি হৈ পৰে৷ ৰেটিনাৰ গঠনগত পৰিবৰ্তন হয়৷ চকুত ৰক্ত সঞ্চালনো কমি যায়৷ কেতিয়াবা দৃষ্টিশক্তিও কমি যায় মহাকাশচাৰীৰ৷

বেবী ফিট

দীৰ্ঘ কাল আই এছ এছৰ শূন্য মধ্যাকৰ্ষণত উপঙি থকাৰ দৰে থকাৰ বাবে ভৰি মাটিৰ সংস্পৰ্শলৈ নাহে৷ ফলত ভৰিৰ তল নৰম হৈ শিশুৰ ভৰিৰ দৰে সংবেদনশীল হৈ উঠে৷ চিকিৎসা বিজ্ঞানৰ পৰিভাষাত ইয়াক বেবি ফিট বুলি কোৱা হয়৷ ইয়াৰ ফলত পৃথিৱীত উভতি অহাৰ প্ৰথম কেইদিন চলাফিৰা কৰিব নোৱাৰে৷

কৰ্কটৰ আশংকা

মহাজাগতিক ৰশ্মি আৰু ক্ষতিকৰ সৌৰ বিকিৰণৰ পৰা ৰক্ষা পোৱাৰ বাবে পৃথিৱীৰ বায়ুমণ্ডল আৰু চৌম্বক ক্ষেত্ৰ আছে৷ কিন্তু মহাকাশত তেনে কোনো আৱৰণ নাই৷ ফলত আন্তৰ্জাতিক মহাকাশ ষ্টেচনত সকলো সময়তেই বিকিৰণৰ সংস্পৰ্শতেই থাকিব লাগে মহাকাশচাৰীসকল৷ দীৰ্ঘ কাল ক্ষতিকৰ বিকিৰণৰ সংস্পৰ্শত থাকিলে কৰ্কটৰ আশংকা বাঢ়ি যায়৷ ক্ষতিকৰ বিকিৰণত শৰীৰ কিমান শোষিত হৈছে সেয়া মপাৰ বাবে সৰ্বক্ষণ দেহত ডোচিমিটাৰ নামৰ এক যন্ত্ৰ পিন্ধি থাকে মহাকাশচাৰীসকলে৷ নাছাই কৈছে নভোশ্চৰৰ দেহত যে মাৰণৰোগে বাঁহ বান্ধিবই তেনে কোনো কথা নাই৷ মহাকাশচাৰীসকলৰ কৰ্কটৰ আশংকা সাধাৰণ মানুহতকৈ মাত্ৰ ৩শতাংশ বেছি৷

এইসমূহ হৈছে মহাকাশত থকা সময়ত মানৱদেহত দেখা দিয়া সমস্যা৷ কিন্তু ইয়াতেই শেষ হৈছে তেনে নহয়৷ দীৰ্ঘ কাল মহাকাশত কটোৱাৰ পাছত পৃথিৱীলৈ উভতি আহি আকৌ শৰীৰৰ পৰীক্ষা কৰোৱাব লাগে মহাকাশচাৰীসকলে৷

স্পেছ ক্ৰু-৮  মিছনৰ কমাণ্ডাৰ মেথিউ ডমিনিকে জনাইছে যে কেতিয়াবা কেতিয়াবা পৃথিৱীলৈ উভতি অহাৰ পাছত সুস্থ হবলৈ সপ্তাহ কিংবা মাহো লাগি যায় নভোশ্চৰসকলৰ৷ মেথিউৰে কয়, ‘কেৱলমাত্ৰ অস্থিৰ হৈ পৰা কিংবা মূৰ ঘূৰোৱাই নহয় কেতিয়াবা কেতিয়াবা কাঠৰ চকীত বহাৰ দৰে সামান্য কামো যন্ত্ৰণাদায়ক হৈ উঠে৷’ পৃথিৱীলৈ উভতি অহাৰ কেইবাদিন পাছত পৰিয়ালৰ সৈতে এক নৈশভোজত অংশ লৈছিল মেথিউয়ে৷ এতিয়াও সেই কথা মনত পৰিলে শিয়ঁৰি উঠে তেওঁ৷ তেওঁ কয়, ‘মই উভতি আহি চকীতো বহিব পৰা নাছিলো৷ শেষত বাৰান্দাৰ বাহিৰত মাটিত বহি কোনোমতে শুই পৰিছিলো৷’

বিগত সপ্তাহত নিজৰ মহাকাশত কটোৱাৰ সময়ৰ অভিজ্ঞতা ভাগ কৰি লৈছিল নাছাৰ আন এগৰাকী মহাকাশচাৰী জেছিকা মেয়াৰে৷ ২০১৫-২০১৬ চনত মহাকাশ ষ্টেচনত ৩৪০ দিন কটাইছিল নাছাৰ আৰু এগৰাকী নভোশ্চৰ স্কট কেলিয়ে৷ ইমানদিন মহাকাশত থকাৰ ফলত তেওঁৰ স্বাস্থ্যৰ ওপৰত দীৰ্ঘ গৱেষণা হৈছিল৷ ইয়াৰ বাবে সংগ্ৰহ কৰা হৈছিল পৃথিৱীত থকা স্কটৰ যমজ ভাতৃ মাৰ্ক কেলিৰ নমুনাও৷ সেই গৱেষণাত দেখা গৈছিল যে ইমান দিন মহাকাশত থকাৰ ফলত স্কটৰ শৰীৰত নানান পৰিবৰ্তন হৈছে৷ দেহৰ কোনো কোনো কোষত ডি এন এৰ মিউটেচন বা গঠনগত স্থায়ী পৰিবৰ্তন হৈছে৷ পৰীক্ষাত আৰু দেখা গৈছিল যে মাইক্ৰোবায়োমত নতুন ধৰণৰ বেক্টেৰিয়াও জন্ম হৈছে৷ সলনি হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতাও৷

অৱশ্যে ধীৰে ধীৰে সকলো প্ৰভাৱ শেষ কৰি ঠিক সৈ উঠে নভোশ্চৰসকল৷ সুস্থ হৈ তেওঁলোকে অন্য কাম আগুৱাই নিয়ে৷ কোনো কোনো নভোশ্চৰে আকৌ নাছাৰ গুৰুত্বপূৰ্ণ পদতো চাকৰি কৰে৷ কোনোৱে আকৌ পুনৰবাৰ মহাকাশলৈ যাত্ৰা কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
এপ্ৰিলত ৰাশিচক্ৰৰ প্ৰথম ঘৰলৈ আহিব সূৰ্য, আগন্তুক মাহত সৌভাগ্য উজলিব ৩ৰাশিৰ জাতকৰ

এপ্ৰিলত ৰাশিচক্ৰৰ প্ৰথম ঘৰলৈ আহিব সূৰ্য, আগন্তুক মাহত সৌভাগ্য উজলিব ৩ৰাশিৰ জাতকৰ

মহাকাশত থাকিলে কিয় বাঢ়ি যায় উচ্চতাও? পৃথিৱীলৈ উভতি অহাৰ পাছত সেই উচ্চতা একেদৰেই থাকেনে?

মহাকাশত থাকিলে কিয় বাঢ়ি যায় উচ্চতাও? পৃথিৱীলৈ উভতি অহাৰ পাছত সেই উচ্চতা একেদৰেই থাকেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.