কিদৰে হৈছিল মনোজ কুমাৰৰ পৰা ভাৰত কুমাৰ, বিক্ৰী কৰিব লগা হৈছিল দিল্লী-মুম্বাইৰ ঘৰ
প্ৰকৃত নাম হৰিকৃষ্ণ গিৰি গোস্বামী, ভাৰতীয় চিনামত প্ৰৱেশ কৰে মনোজ কুমাৰ বুলি। কিন্তু পাছলৈ দেশৰ কোটি কোটি অনুৰাগীৰ মাজত জনপ্ৰিয় হৈ পৰে ভাৰত কুমাৰ বুলি। কিদৰে হৈছিল মনোজ কুমাৰৰ পৰা ভাৰত কুমাৰ? কেনে আছিল এই ভাৰত কুমাৰৰ যাত্ৰা!
ভাৰত কুমাৰ হ’বলৈ মনোজ কুমাৰে বিক্ৰী কৰি দিছিল এটাৰ পাছত এটাকৈ ঘৰ। মুম্বাইৰ জুহু বীচ্চৰ ফ্লেট, দিল্লীৰ বিশাল বাংলো। এই সকলো কষ্টৰ বিনিময়ত পাইছিল অনুৰাগীৰ পৰা সেই বিশেষ মান-সন্মান- ভাৰত কুমাৰ নাম।
এয়া ১৯৮১ চনৰ কথা। তেতিয়াৰ ছবিঘৰত মুক্তি পাইছিল এখন তেতিয়াৰ দিনৰ অতিকে ব্যয়বহুল ছবি ‘ক্ৰান্তি’। ‘ক্ৰান্তি’ৰ মুক্তিৰ পাছতে যেন ক্ৰান্তি আহিছিল ভাৰতীয় চিনেমা জগতলৈ। সেই ‘ক্ৰান্তি’ ছবি নিৰ্মাণৰ বাবেই তেতিয়াৰ দিনত খৰচ হৈছিল ৩ কোটি টকা। যি আজিৰ হিচাপত বহু কোটি টকা।
কেৱল ৩ কোটি খৰচ কৰাই নহয়, মুক্তিৰ পাছত ছবি খনে উপাৰ্জন কৰিছিল ১৬ কোটি টকা। ব্লক ব্লাষ্টাৰ আছিল ‘ক্ৰান্তি’ ছবি। সেই ছবিতেই মুখ্য চৰিত্ৰ ‘ভাৰত’ হৈছিল মনোজ কুমাৰ। কেৱল অভিনেতা হোৱাই নহয় ছবিখনৰ প্ৰযোজনাও কৰিছিল মনোজ কুমাৰে।
ছবিখন নিৰ্মাণৰ বাবে সকলো জমা পুঁজি খৰচ কৰি দিছিল। কিন্তু শেষলৈ নাটনি হোৱাত মুম্বাইৰ জুহুত থকা ফ্লেট বিক্ৰী কৰি দিছিল। কিন্তু সিমানতো হৈ নুঠাত দিল্লীৰ প্ৰকাণ্ড বাংলোটোও বিক্ৰী কৰি দিছিল মনোজ কুমাৰে। মুঠতে তেখেতৰ সপোনৰ ছবিখন নিৰ্মাণ কৰিবই।
শেষত সকলো হৈ উঠি সুকলমে মুক্তি লাভ কৰে ছবিখনে। মুক্তি লাভ কৰিয়েই ক্ৰান্তি আনে ভাৰতীয় চিনেমা জগতলৈ। যিয়ে জনপ্ৰিয়তা আৰু উপাৰ্জনৰ ক্ষেত্ৰত ৰেকৰ্ড কৰে। ‘ক্ৰান্তি’ ছবিৰ সেই অকল্পনীয় সফলতাৰ পাছৰে পৰা ভাৰতীয় লোকৰ মাজত মনোজ কুমাৰ হৈ পৰে ভাৰত কুমাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















