ৰামলালাৰ কপালত ৪ মিনিট ধৰি সূৰ্য তিলক, সূৰ্য্যভিষেকৰ এক আচৰিত দৃশ্য
ৰামলালাৰ কপালত ৪ মিনিট ধৰি সূৰ্য তিলক, সূৰ্য্যভিষেকৰ এক আচৰিত দৃশ্য
আজি ৬ এপ্ৰিল ৰাম নৱমীৰ দিনা অযোধ্যাৰ ৰাম মন্দিৰত শ্ৰী ৰামলালাক সূৰ্য্যতিলকেৰে অভিষেক কৰা হয়। পুৱাৰে পৰা আৰম্ভ হৈছিল ৰামলালাৰ পূজা। এই সময়ছোৱাত ৰাম নৱমী উপলক্ষে ৰামলালাৰ দৰ্শন কৰিবলৈ বহু সংখ্যক ভক্তই ৰাম জন্মভূমি মন্দিৰত উপস্থিত হৈছে।
৬ এপ্ৰিল দেওবাৰে দিনৰ ঠিক ১২ বজাত সূৰ্য্যভিষেক হয় আৰু সূৰ্য্যৰ ৰশ্মি পোনে পোনে শ্ৰী ৰামলালাৰ কপালত পৰে।
উল্লেখ্য যে, ৰামনবমী উপলক্ষে বৰ্তমানে আয়োধ্যাত বহু ভক্তৰ আগমণ হৈছে। ৰামৰ জন্ম দিৱস বাবে ৰাম নগৰীত এইদৰে বহু ভক্তৰ আগমণ হৈছে। লগে ৰামলালাৰ সূৰ্যতিলকো হৈছে।
https://x.com/ANI/status/1908771316200767701
আজিৰ এই ঐতিহাসিক ক্ষণ লাইভ টেলিকাষ্ট কৰা হয়। দূৰদৰ্শনত পোনপটীয়াকৈ প্ৰচাৰ কৰা হয় ১২ বজাৰ পৰা। ইয়াৰ উপৰিও অযোধ্যাকে ধৰি বহু চহৰত ডাঙৰ ডাঙৰ এল ই ডি স্ক্ৰীণ স্থাপন কৰি লাইভ টেলিকাষ্টো কৰা হয়। এই সময়ছোৱাত আজি প্ৰায় ৪ লাখ ভক্তই অযোধ্যাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, ২২ জানুৱাৰীত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত ৰাম মন্দিৰত আজি দেওবাৰে দ্বিতীয়বাৰৰ বাবে সূৰ্য্যতিলক কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















