বৈদিক শাস্ত্ৰমতে এটা নিৰ্দিষ্ট সময়ত মূৰে মূৰে প্ৰতিটো গ্ৰহই ৰাশি পৰিবৰ্তন কৰি থাকে৷ গ্ৰহৰ ৰাজকুমাৰে এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত ৰাশি পৰিবৰ্তন কৰি থাকে৷ সোমবাৰৰ পৰা বুধৰ চিধা পথৰ গতিয়ে কেইটামান ৰাশিৰ জাতক জাতিকাৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিব৷ ৭ এপ্ৰিল ২০২৫ বুধৰ মাৰ্গী মীনত হোৱাৰ ফলত কেইবাটাও ৰাশিৰ জাতক জাতিকাই উন্নতিৰ শিখৰত অৱস্থান কৰিব৷ কোন কোন ৰাশিৰ জাতক জাতিকাৰ বাবে বুধৰ মাৰ্গী শুভ হব জানি থওক৷

বৃষ ৰাশি

বুধ ব্যৱসায়, বুদ্ধি, একাগ্ৰতা, বৌদ্ধিক ক্ষমতা, তৰ্ক বিতৰ্কৰ কাৰক গ্ৰহ৷ বুধৰ ৰাশি পৰিবৰ্তন বৃষ ৰাশিৰ সপ্তম ঘৰত মাৰ্গী হব৷ ইয়াৰ ফলত জাতক জাতিকাৰ জীৱনত বাম্পাৰ লাভ হব৷ ইয়াৰ ফলত এই ৰাশিৰ জাতক জাতিকাৰ হাতলৈ বিৰাট অংকৰ টকা হাতলৈ আহিব৷ বেছি পৰিমাণৰ মুনাফা অৰ্জন কৰিব৷ সমাজত মান সন্মান বাঢ়িব৷ সংগীৰ সৈতে ভাল সময় আহিব৷ সমস্ত সমস্যাৰ অৱসান হব এইবাৰ৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল সময় আহিব৷ তৃতীয় ঘৰত মাৰ্গী হব বুধ৷ জাতক জাতিকাৰ বাবে ভাল মুহূৰ্ত আহিব৷ যিসকলে চাকৰি কৰিছে তেওঁলোকে বিদেশত গৈ চাকৰিৰ প্ৰচেষ্টা কৰিলে সাফল্যৰ সম্ভাৱনা আছে৷ ভায়েক ভনীয়েকৰ মাজৰ সম্পৰ্ক উন্নত হব৷ সকলো ধৰণৰ পাৰ্থিব সুখ পাব জাতক জাতিকাই৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় শুভ৷ বুধ বুদ্ধিদাতা৷ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত আত্মবিশ্বাস থাকিব তুংগত৷ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো অত্যন্ত ভাল সময় আহিব৷ যিসকলে যোগাসন কৰে তেওঁলোকৰ শৰীৰ সুস্থ থাকিব৷ নানান সমস্যাত পৰিলেও সমস্যা দূৰ কৰি আগুৱাবও পাৰিব৷ টকা পইচা বাঢ়িব৷ নতুনকৈ জীৱনটোক সজাবলৈ আৰম্ভ কৰিব এই ৰাশিৰ জাতক জাতিকাই৷ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই সুসংবাদ আহিব৷