কোহলীয়ে নাকচ কৰিলে ৩০০ কোটি টকীয়া অফাৰ
টিম ইণ্ডিয়াৰ কিংবদন্তি বেটছমেন কিং কোহলীয়ে জাৰ্মান স্প’ৰ্টছ ব্ৰেণ্ড পুমাৰ সৈতে ১১০ কোটি টকাৰ চুক্তিৰ অন্ত পেলাইছে। অৱশ্যে পুমাই বিৰাট কোহলীক পৰৱৰ্তী এবছৰৰ বাবেও ব্ৰেণ্ড এম্বেছেদৰ কৰি ৰাখিবৰ বাবে ৩০০ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছিল।
তথাপিও খেলুৱৈগৰাকীয়ে টকা নাচাই সেই কথাত সন্মতি প্ৰকাশ নকৰি সেই চুক্তিৰ অন্ত পেলায়। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি বিৰাট কোহলীয়ে এতিয়া থলুৱা ব্ৰেণ্ড এগিলিটাছত বিনিয়োগকাৰী হিচাপে যোগদান কৰিছে।
উল্লেখ্য যে, বিৰাট কোহলীয়ে ২০১৭ চনত পুমাৰ সৈতে ৮ বছৰৰ বাবে চুক্তিবদ্ধ হৈছিল। বিৰাট কোহলিয়ে চুক্তি সমাপ্ত কৰাটো নিশ্চিত কৰিছে পুমা ইণ্ডিয়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















