নাগৰিক অধিকাৰ, আদালতৰ শক্তি আৰু ধাৰাবাহিক বিতৰ্কৰ কেন্দ্ৰ সংবিধানৰ ১৪২ ধাৰা৷ ভাৰতৰ সংবিধান কেৱল এখন আইনগত নথি নহয়, এয়া দেশৰ গণতন্ত্ৰৰ প্ৰাণ৷ এই সংবিধানে নাগৰিক আৰু ৰাষ্ট্ৰৰ পথনিৰ্দেশ কৰে৷ তাতেই সমতা, ন্যায় আৰু স্বাধীনতা হৈছে মূল ভিত্তি৷ সম্প্ৰতি ভাৰতৰ উপৰাষ্ট্ৰপতিৰ মন্তব্যত আকৌ আলোচনাৰ কেন্দ্ৰ হৈছে Article 142৷ Article 142ক পাৰমাণৱিক মিছাইল বুলি সমালোচনা কৰিছে তেওঁ৷ বিষয়টোক লৈ দেশজুৰি আইনী আৰু নাগৰিক চেতনা নতুনকৈ আলোচনাৰ কেন্দ্ৰ হৈ উঠিছে৷
নাগৰিকৰ বাবে সংবিধানত যিসমূহ গুৰুত্বপূৰ্ণ ধাৰা নিৰ্ধাৰণ কৰা হৈছে সেইসমূহৰ মাজত কেইটামান বিশেষভাৱে উল্লেখযোগ্য৷
১. ARTICLE 14 –আইনৰ দৃষ্টিত সমতা
ভাৰতত কোনোৱে আইনত ঊৰ্ধত নহয়৷ কৃষক বা কৰ্পোৰেট কৰ্তা সকলোৱে আইনৰ চকুত সমান৷
২ .ARTICLE 15- বৈষম্যৰ বিৰুদ্ধে সুৰক্ষা
জাতি, ধৰ্ম, লিংগ, জন্মস্থান ইত্যাদিৰ ভিত্তিত বৈষম্য কৰা নিষিদ্ধ৷
৯. ARTICLE 32 – সংবিধানিক প্ৰতিকাৰৰ অধিকাৰ
ডঃ অম্বেদকাৰে ARTICLE 32 –ক সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছিল৷
১০. ARTICLE 44 – ইউনিফৰ্ম ছিভিল কোড
এতিয়াও বিকাশমান এক ধাৰণা৷ যিয়ে ধৰ্ম নিৰ্বিশেষে ব্যক্তিগত আইন সংৰক্ষণ কৰাৰ চেষ্টা কৰে৷
১১. ARTICLE 51A- মৌলিক কৰ্তব্য
এই ধাৰাই আমাক মনত পেলাই দিয়ে আমি কি দায়িত্ব পালন কৰিম৷
১২. ARTICLE 243-পঞ্চায়তীৰাজ শক্তিশালীকৰণ
গণতন্ত্ৰ আৰম্ভ হয় তৃণমূলৰ পৰা৷ এই ধাৰাই গাওঁৰ মানুহক সিদ্ধান্তগ্ৰহণ কৰাৰ সুযোগ দিয়ে৷
১৩. ARTICLE 280-অৰ্থ কমিছন
প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অৰ্থবণ্টনৰ ন্যায়সংগত নিয়ম স্থিৰ কৰে৷
১৪. ARTICLE 324- নিৰ্বাচন কমিছনৰ ক্ষমতা
নিৰ্বাচন পৰিচালনাৰ স্বাধীনতা আৰু স্বচ্ছতা ৰক্ষাৰ বাবে এই ধাৰা অপৰিহাৰ্য৷
১৫. ARTICLE 368 – সংবিধানৰ সংশোধনৰ উপায়
গণতন্ত্ৰ পৰিবৰ্তনশীল- এই ধাৰাই সংশোধনৰ প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰে৷
১৬. ARTICLE 142 –ছুপ্ৰিম কৰ্টৰ সম্পূৰ্ণ ন্যায়বিচাৰ প্ৰদানৰ ক্ষমতা৷
এই ধাৰাই ছুপ্ৰিম কৰ্টক যি কোনো বিচাৰাধীন বিষয়ত সম্পূৰ্ণ ন্যায়বিচাৰ কৰাৰ বাবে প্ৰয়োজনীয় আদেশ বা নিৰ্দেশ জাৰি কৰাৰ অধিকাৰ দিয়ে৷ এয়া এনে এক হাঁথিয়াৰ যি কামত আহে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















