ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ ঘোষণা হ’লে কেনেকুৱা সাৱধানতা অৱলম্বন কৰিব লাগিব সাধাৰণ জনতাই৷ কাইলৈ দেশজুৰি মকড্ৰিল ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে৷ দেশৰ ২৪৪ খন জিলাত হ’ব মকড্ৰিল৷ ১৯৭১ চনৰ পাছত আকৌ এবাৰ যুদ্ধৰ ছাইৰেণ পৰীক্ষা হ’ব সমগ্ৰ দেশত৷ অসমৰ ২০টাকৈ স্থানত কাইলৈ মকড্ৰিল কৰিব সেনাই৷
ৰাজ্যৰ ২০টাকৈ স্থান স্পৰ্শকাতৰ বুলি ধৰিছে সেনাৰ তৰফৰ পৰা৷ তাৰভিতৰত আছে তৈল খাদ ONGC, শোধনাগাৰ, পেট্ৰকেমিকেলছ থকা স্থানত কৰা হব মকড্ৰিল৷ সেনাৰ ছাউনি থকা এলেকাতো বাজি উঠিব ছাইৰেণ, কৰা হ’ব ব্লেক আউট৷ উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত হ’ব মকড্ৰিল৷
ৰাজ্যৰ বঙাইগাওঁ, ডিব্ৰুগড়, ধুবুৰীত সেনাই চলাব যুদ্ধৰ আখৰা৷ গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়াত সেনাই চলাব যুদ্ধৰ আখৰা৷ তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটীত সেনাই চলাব যুদ্ধৰ আখৰা৷ ৰঙিয়া, নামৰূপ, নাজিৰা, লখিমপুৰ আৰু নুমলীগড়ত চলিব যুদ্ধৰ আখৰা৷ দৰং, গোলাঘাট, কাৰ্বি আংলং, কোকৰাঝাৰতো হ’ব যুদ্ধৰ অনুশীলন৷
উল্লেখ্য যে জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত আজিৰ পৰাই আৰম্ভ হ’ল মকড্ৰিল৷ ডাল লেকত জনতাক দিয়া হৈছে বিপদসংকুল পৰিস্থিতিৰ বাবে প্ৰশিক্ষণ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















