• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিত, ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগেঃ  মন্ত্ৰী পীযুষ হাজৰিকা

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিত, ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগেঃ মন্ত্ৰী পীযুষ হাজৰিকা

1 year ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

24 minutes ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

1 hour ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

1 hour ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

2 hours ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

4 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

5 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

5 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

6 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

8 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

8 hours ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

9 hours ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিত, ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগেঃ মন্ত্ৰী পীযুষ হাজৰিকা

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিত, ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগেঃ মন্ত্ৰী পীযুষ হাজৰিকা

editor by editor
May 7, 2025
in অসম, জীৱনশৈলী
0
নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিত, ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগেঃ  মন্ত্ৰী পীযুষ হাজৰিকা
0
SHARES
744
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিতঃ মন্ত্ৰী পীযুষ হাজৰিকা
‘ভাৰতীয়সকল একত্ৰিত হোৱাটো অত্যন্ত জৰুৰী’
‘আমি ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগে’
‘পাকিস্তান আমাৰ শত্ৰু দেশ, পাকিস্তানৰ লগত আমি আপোচ নকৰো’
‘ভাৰতত থাকি পাকিস্তানক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে আমি কঠোৰতকৈ কঠোৰ সিদ্ধান্ত লম’
‘পাকিস্তানত ভাৰতৰ এয়াৰ ষ্টাইক সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰীকাৰ’

‘ভাৰতীয়সকল একত্ৰিত হোৱাটো অত্যন্ত জৰুৰী। আমাৰ ২৭ জন মানুহক পাক সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে হত্যা কৰিছিল। এই হত্যাৰ যোগ্য প্ৰত্যুত্তৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় সেনাই যোৱা নিশা দিছে। ভাৰতে এতিয়া কাৰো ওচৰত শিৰনত নকৰে। ভাৰতে সন্ত্ৰাসবাদীৰ লগত কোনোপধ্যে আপোচ নকৰে।’- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।

আজি মৰিগাঁৱৰ আঁহতগুৰিত সংবাদ মাধ্যমৰ আগত ভাৰতে পাকিস্তান অধিকৃত ৯ টা স্থানত আক্ৰমণ কৰা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰগৰাকীয়ে এইদৰে মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে পাকিস্তানৰ যি অন্যায়-অবিচাৰ, ভাৰতকেন্দ্ৰিক সন্ত্ৰাস আছিল, তাৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি দিয়াত সকলোৱে আনন্দিত হৈছে। মই ছ’চিয়েল মিডিয়াত দেখিছো, নিউজত দেখিছো ইয়াৰ বাবে সকলোৱে ভাৰতীয় সেনা, নৌ সেনা, বায়ু সেনাক প্ৰশংসা কৰিছে। ভাৰতীয় সেনাৰ তিনিওটা বিভাগে যৌথভাৱে পাকিস্তানত যি এয়াৰ ষ্টাইক কৰিছে ইয়াত সকলোৱে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। ভাৰতীয়সকল একত্ৰিত হোৱাটো অত্যন্ত জৰুৰী। আমাৰ ২৭ জন মানুহক তেওঁলোকে বৰ্বৰভাৱে হত্যা কৰিছিল। এই হত্যাৰ যোগ্য প্ৰত্যুত্তৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় সেনাই যোৱা নিশা দিছে। ভাৰতে এতিয়া কাৰো ওচৰত শিৰনত নকৰে। সন্ত্ৰাসবাদীৰ লগত কোনোপধ্যে আপোচ নকৰে।

সকলোৱে ভাৰতীয় সেনা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ এই কামক সমৰ্থন জনোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত ভাৰতীয়সকল একলগ হোৱাটো জৰুৰী বুলি মন্তব্য কৰে। তেওঁ কয় যে পাকিস্তান আমাৰ চিৰবৈৰী। আমাৰ দেশত সোমাই পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ নিৰপৰাধী, নিৰীহ লোকক হত্যা কৰে। গতিকে নিৰীহ লোকক হত্যা কৰাৰ যোগ্য প্ৰত্যুত্তৰ আমাৰ দেশৰ পৰা দিয়া হৈছে। পাকিস্তানৰ কোনো সাধাৰণ নাগৰিকক ভাৰতীয় সেনাই আক্ৰমণ কৰা নাই বুলি উল্লেখ কৰি ভাৰতীয় সেনাই এটা কথাটোত গুৰুত্ব দিয়া বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে যিবিলাক সন্ত্ৰাবাদীৰ ঘাটি, টেৰৰ হাব সেইবিলাকতহে আমাৰ দেশে আক্ৰমণ কৰিছে। গতিকে ভাৰতীয় সেনাই চিন্তা কৰি এই কামটো কৰিছে কাৰণে মই গৌৰাম্বিত।

এই অভিযানটোক ‘অপাৰেচন সেন্দূৰ’ নাম দিয়াক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ বিয়া হৈ যোৱা বোৱাৰীবিলাকৰ গিৰিয়েকবিলাকক যেতিয়া সন্ত্ৰাসবাদীয়ে মাৰিছিল, কেনেকুৱা বেয়া লগা এটা পৰিৱেশৰ সৃষ্টি হৈছিল! আমাৰ জীয়ৰীৰ সেন্দূৰ মচি দিয়া হৈছিল। মই এজন ভাৰতীয় হিচাপে, এজন সাধাৰণ নাগৰিক হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই সবল নেতৃত্ব আৰু তিনিওটা সেনা বাহিনীৰ সবল নেতৃত্বক ধন্যবাদ দিছো আৰু তেওঁলোকক মই অভিনন্দন জনাইছো। ভাৰতীয় সেনাই ভৱিষ্যতে ভাৰতক আৰু সুৰক্ষিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

একাংশ সংবাদ মাধ্যমে এই আক্ৰমণত পাকিস্তানৰ মাদ্ৰাছা, মছজিদ ভঙা বা নিৰীহৰ ওপৰত ভাৰতীয় সেনাই আক্ৰমণ কৰা বুলি বাতৰি প্ৰকাশ কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ পৰা সাংবাদিকে প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে কয় যে কথাটো তেনেকুৱা নহয়। মছজিদৰ কথাতো ইয়াত অহা নাই, পাকিস্তানৰ কিছু কিছু মাদ্ৰাছা টেৰৰ হাব তথা সন্ত্ৰাসবাদীৰ ঘাটি। এই কথা সকলোৱে জানে। মৌলনা মাছুদ আজাহাৰ এজন সন্ত্ৰাসবাদী, এই কথা সকলোৱে জানে। এইজন মৌলনা মাছুদ আজাহাৰক ভাৰতৰ পৰা উলিয়াই নিয়াৰ বাবে কান্দাহাৰ কাণ্ড হৈছিল। এওঁ য’ত থাকে সেই স্থানতো সন্ত্ৰাসবাদীৰ ঘাটি হয়েই। তেওঁ কয় যে পাকিস্তানৰ ক’ৰবাত ক’ৰবাত মাদ্ৰাছাক টাৰ্গেট কৰা হৈছে, যিবোৰ মাদ্ৰাছাত সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া হয়। গতিকে মছজিদক লক্ষ্য কৰি লোৱা হৈছিল বুলি মই নাভাবো। তেওঁ পুনৰ কয় যে ভাৰতীয়সকল একলগ হৈ থাকিব লাগে, আমি ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগে। পাকিস্তানৰ প্ৰৰোচনাত আমি প্ৰৰোচিত হ’ব নালাগে। পাকিস্তান আমাৰ শত্ৰু দেশ, পাকিস্তানৰ লগত আমি আপোচ নকৰো, এই ক্ষেত্ৰত আমি এক হ’ব লাগিব। ইয়াত থাকি কোনোবাই পাকিস্তানৰ সমৰ্থন কৰাটো ভাল নহয়, এইক্ষেত্ৰত আমি অত্যন্ত দৃঢ়, কঠোৰ। যদি কোনোবাই ইয়াত থাকি পাকিস্তানক সমৰ্থন কৰে আমি কঠোৰতকৈ কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হম।

আনহাতে, পঞ্চায়ত নিৰ্বাচনৰ ফলাফল কেনেকুৱা হ’ব বুলি সাংবাদিকে মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত ফলাফল যথেষ্ট ভাল হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে আমাৰ অঞ্চলত ফলাফল বেয়া হোৱাৰ কোনো প্ৰশ্নই নাই। উজনি অসমতো যথেষ্ট ভাল হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিপঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকল বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম
জীৱনশৈলী

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

June 30, 2026
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?
জীৱনশৈলী

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

June 30, 2026
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?
জীৱনশৈলী

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

June 30, 2026
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
জীৱনশৈলী

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

June 30, 2026
Next Post

দৈনিক ৰাশিফল- মোহিনী একাদশীত হৰ্ষণা যোগ, সপোন পূৰণৰ দিন আজি এই ৰাশিৰ

কেৱল ৩ মুছলিম দেশৰ বাহিৰে সমগ্ৰ বিশ্বই লগ দিছে ভাৰতৰ অপাৰেচন সিন্দূৰ অভিযানত

কেৱল ৩ মুছলিম দেশৰ বাহিৰে সমগ্ৰ বিশ্বই লগ দিছে ভাৰতৰ অপাৰেচন সিন্দূৰ অভিযানত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.