নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পাকিস্তানক ভাৰতীয় সেনাই দিয়া যোগ্য প্ৰত্যুত্তৰত মই আনন্দিতঃ মন্ত্ৰী পীযুষ হাজৰিকা
‘ভাৰতীয়সকল একত্ৰিত হোৱাটো অত্যন্ত জৰুৰী’
‘আমি ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগে’
‘পাকিস্তান আমাৰ শত্ৰু দেশ, পাকিস্তানৰ লগত আমি আপোচ নকৰো’
‘ভাৰতত থাকি পাকিস্তানক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে আমি কঠোৰতকৈ কঠোৰ সিদ্ধান্ত লম’
‘পাকিস্তানত ভাৰতৰ এয়াৰ ষ্টাইক সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী পীযুষ হাজৰীকাৰ’
‘ভাৰতীয়সকল একত্ৰিত হোৱাটো অত্যন্ত জৰুৰী। আমাৰ ২৭ জন মানুহক পাক সন্ত্ৰাসবাদীয়ে বৰ্বৰভাৱে হত্যা কৰিছিল। এই হত্যাৰ যোগ্য প্ৰত্যুত্তৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় সেনাই যোৱা নিশা দিছে। ভাৰতে এতিয়া কাৰো ওচৰত শিৰনত নকৰে। ভাৰতে সন্ত্ৰাসবাদীৰ লগত কোনোপধ্যে আপোচ নকৰে।’- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।
আজি মৰিগাঁৱৰ আঁহতগুৰিত সংবাদ মাধ্যমৰ আগত ভাৰতে পাকিস্তান অধিকৃত ৯ টা স্থানত আক্ৰমণ কৰা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰগৰাকীয়ে এইদৰে মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে পাকিস্তানৰ যি অন্যায়-অবিচাৰ, ভাৰতকেন্দ্ৰিক সন্ত্ৰাস আছিল, তাৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি দিয়াত সকলোৱে আনন্দিত হৈছে। মই ছ’চিয়েল মিডিয়াত দেখিছো, নিউজত দেখিছো ইয়াৰ বাবে সকলোৱে ভাৰতীয় সেনা, নৌ সেনা, বায়ু সেনাক প্ৰশংসা কৰিছে। ভাৰতীয় সেনাৰ তিনিওটা বিভাগে যৌথভাৱে পাকিস্তানত যি এয়াৰ ষ্টাইক কৰিছে ইয়াত সকলোৱে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। ভাৰতীয়সকল একত্ৰিত হোৱাটো অত্যন্ত জৰুৰী। আমাৰ ২৭ জন মানুহক তেওঁলোকে বৰ্বৰভাৱে হত্যা কৰিছিল। এই হত্যাৰ যোগ্য প্ৰত্যুত্তৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় সেনাই যোৱা নিশা দিছে। ভাৰতে এতিয়া কাৰো ওচৰত শিৰনত নকৰে। সন্ত্ৰাসবাদীৰ লগত কোনোপধ্যে আপোচ নকৰে।
সকলোৱে ভাৰতীয় সেনা বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ এই কামক সমৰ্থন জনোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত ভাৰতীয়সকল একলগ হোৱাটো জৰুৰী বুলি মন্তব্য কৰে। তেওঁ কয় যে পাকিস্তান আমাৰ চিৰবৈৰী। আমাৰ দেশত সোমাই পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ নিৰপৰাধী, নিৰীহ লোকক হত্যা কৰে। গতিকে নিৰীহ লোকক হত্যা কৰাৰ যোগ্য প্ৰত্যুত্তৰ আমাৰ দেশৰ পৰা দিয়া হৈছে। পাকিস্তানৰ কোনো সাধাৰণ নাগৰিকক ভাৰতীয় সেনাই আক্ৰমণ কৰা নাই বুলি উল্লেখ কৰি ভাৰতীয় সেনাই এটা কথাটোত গুৰুত্ব দিয়া বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে যিবিলাক সন্ত্ৰাবাদীৰ ঘাটি, টেৰৰ হাব সেইবিলাকতহে আমাৰ দেশে আক্ৰমণ কৰিছে। গতিকে ভাৰতীয় সেনাই চিন্তা কৰি এই কামটো কৰিছে কাৰণে মই গৌৰাম্বিত।
এই অভিযানটোক ‘অপাৰেচন সেন্দূৰ’ নাম দিয়াক লৈ মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ বিয়া হৈ যোৱা বোৱাৰীবিলাকৰ গিৰিয়েকবিলাকক যেতিয়া সন্ত্ৰাসবাদীয়ে মাৰিছিল, কেনেকুৱা বেয়া লগা এটা পৰিৱেশৰ সৃষ্টি হৈছিল! আমাৰ জীয়ৰীৰ সেন্দূৰ মচি দিয়া হৈছিল। মই এজন ভাৰতীয় হিচাপে, এজন সাধাৰণ নাগৰিক হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই সবল নেতৃত্ব আৰু তিনিওটা সেনা বাহিনীৰ সবল নেতৃত্বক ধন্যবাদ দিছো আৰু তেওঁলোকক মই অভিনন্দন জনাইছো। ভাৰতীয় সেনাই ভৱিষ্যতে ভাৰতক আৰু সুৰক্ষিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
একাংশ সংবাদ মাধ্যমে এই আক্ৰমণত পাকিস্তানৰ মাদ্ৰাছা, মছজিদ ভঙা বা নিৰীহৰ ওপৰত ভাৰতীয় সেনাই আক্ৰমণ কৰা বুলি বাতৰি প্ৰকাশ কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ পৰা সাংবাদিকে প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে কয় যে কথাটো তেনেকুৱা নহয়। মছজিদৰ কথাতো ইয়াত অহা নাই, পাকিস্তানৰ কিছু কিছু মাদ্ৰাছা টেৰৰ হাব তথা সন্ত্ৰাসবাদীৰ ঘাটি। এই কথা সকলোৱে জানে। মৌলনা মাছুদ আজাহাৰ এজন সন্ত্ৰাসবাদী, এই কথা সকলোৱে জানে। এইজন মৌলনা মাছুদ আজাহাৰক ভাৰতৰ পৰা উলিয়াই নিয়াৰ বাবে কান্দাহাৰ কাণ্ড হৈছিল। এওঁ য’ত থাকে সেই স্থানতো সন্ত্ৰাসবাদীৰ ঘাটি হয়েই। তেওঁ কয় যে পাকিস্তানৰ ক’ৰবাত ক’ৰবাত মাদ্ৰাছাক টাৰ্গেট কৰা হৈছে, যিবোৰ মাদ্ৰাছাত সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া হয়। গতিকে মছজিদক লক্ষ্য কৰি লোৱা হৈছিল বুলি মই নাভাবো। তেওঁ পুনৰ কয় যে ভাৰতীয়সকল একলগ হৈ থাকিব লাগে, আমি ভাৰতত থকা সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈ থাকিব লাগে। পাকিস্তানৰ প্ৰৰোচনাত আমি প্ৰৰোচিত হ’ব নালাগে। পাকিস্তান আমাৰ শত্ৰু দেশ, পাকিস্তানৰ লগত আমি আপোচ নকৰো, এই ক্ষেত্ৰত আমি এক হ’ব লাগিব। ইয়াত থাকি কোনোবাই পাকিস্তানৰ সমৰ্থন কৰাটো ভাল নহয়, এইক্ষেত্ৰত আমি অত্যন্ত দৃঢ়, কঠোৰ। যদি কোনোবাই ইয়াত থাকি পাকিস্তানক সমৰ্থন কৰে আমি কঠোৰতকৈ কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হম।
আনহাতে, পঞ্চায়ত নিৰ্বাচনৰ ফলাফল কেনেকুৱা হ’ব বুলি সাংবাদিকে মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত ফলাফল যথেষ্ট ভাল হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে আমাৰ অঞ্চলত ফলাফল বেয়া হোৱাৰ কোনো প্ৰশ্নই নাই। উজনি অসমতো যথেষ্ট ভাল হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিপঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকল বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ