ক্ৰিকেটাৰ আৰু ৰূপালী পৰ্দাৰ অভিনেত্ৰীৰ প্ৰেম বহুদিনীয়া৷ সেই প্ৰেমৰেই সাম্প্ৰতিক উজ্জ্বল দম্পতি হৈছে বিৰাট আৰু অনুষ্কা৷ পেছা আৰু পেছাৰ বাহিৰৰ সম্পৰ্ক সকলো ফালেই তেওঁলোকে নানান নজিৰ গঢ়িছে৷ সাধাৰণ অনুৰাগীসকলৰ বাবে তেওঁলোক অনুপ্ৰেৰণা৷
সম্প্ৰতি টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ সিদ্ধান্ত লৈছে বিৰাটে৷ সোমবাৰে চৰকাৰীভাৱে অৱসৰ ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট তাৰকাগৰাকীয়ে৷ তাৰ পূৰ্বে বিৰাট আৰু অনুষ্কাক দেখা গৈছে মুম্বাই বিমান বন্দৰত৷ অনুৰাগীয়ে ধাৰণা কৰিছে হয়তো বিৰাট আৰু অনুষ্কাই লণ্ডনলৈ উভতনি যাত্ৰা কৰিছে অথৱা বিৰাটৰ সৈতে অনুষ্কাই বাংগালুৰুলৈ যাত্ৰা কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















