পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই প্ৰত্যাঘাত কৰিছে ভাৰতে৷ ওলোটাই পাকিস্তানৰ আক্ৰমণ সফলভাৱে প্ৰতিহত কৰিছে ভাৰতীয় সেনাবাহিনীয়ে৷ ইয়াৰপাছতেই সেনাবাহিনীৰ অস্ত্ৰৰ সমাহাৰক লৈ আলোচনা আৰম্ভ হৈছে৷ বৰ্তমান বিশ্বৰ মাত্ৰ দুখন দেশৰ হাতত আছে এনে অস্ত্ৰ যি অস্ত্ৰ সমুদ্ৰৰ তলত বিস্ফোৰণ হ’লে ছুনামীও আহিব পাৰে৷ সেই দেশৰ ভিতৰত এখন দেশ ভাৰতৰ খুবেই ভাল বন্ধু৷
ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধু ৰাছিয়াৰ ওচৰত আছে পাৰমাণৱিক শক্তিচালিত স্বয়ংক্ৰিয় টাৰ্পেড৷ যাৰ নাম পছাইডন৷ ২০১৫ চনত ৰাছিয়াৰ বিভিন্ন সংবাদমাধ্যমত এই খবৰ প্ৰকাশ হৈছিল৷ তাতেই ইয়াক ষ্টেটাছ-৬ ৱাছিয়ানিক মাল্টিপাৰপাছ চিষ্টেম হিচাপে বৰ্ণনা কৰা হৈছিল৷
মূলত পছাইডন পানীৰ তলত চলিবলৈ সক্ষম হোৱা এটা ড্ৰোণ৷ যি পাৰমাণৱিক অস্ত্ৰ বহন কৰাত সক্ষম৷ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ ২০১৮ চনত ৬টা নতুন ছুপাৰ ৱেপনৰ মাজত এটা হিচাপে এই অস্ত্ৰই আত্মপ্ৰকাশ কৰিছিল৷ ২০২২ চনৰ মে মাহত এজন ৰাছিয়ান টেলিভিছন সাংবাদিকে দাবী কৰিছিল, এই অস্ত্ৰ ব্যৱহাৰ কৰি ৫০০ মিটাৰ ওখলৈকে তেজস্ক্ৰিয় ছুনামীৰ মাধ্যমেৰে ইংলেণ্ডক ডুবাই দিব পৰা যাব৷
পছাইডন এবিধ আন্তঃমহাদেশীয় পাৰমাণৱিক শক্তিচালিত স্বয়ংক্ৰিয় টৰ্পেডো৷ এই অস্ত্ৰৰ গতি অনান্য সমসাময়িক ক্ষেপণাস্ত্ৰৰ তুলনাত কম৷ কিন্তু এবাৰ নিক্ষেপ কৰিলেই ইয়াক ৰখোৱা অতি কঠিন৷ ই ১০,০০০ কিঃমিঃ দূৰ আৰু ১০০০ মিটাৰ তলত কাম কৰিবলৈ সক্ষম৷ পছাইডনে দুই মেগাটন পাৰমাণৱিক অস্ত্ৰ বহন কৰিব পাৰে আৰু ইয়াৰ বিস্ফোৰণে তেজস্ক্ৰিয় ছুনামীও আনিব পাৰে৷
২০২৪ চনৰ জানুৱাৰী মাহত উত্তৰ কোৰিয়াই জাপান সাগৰৰ হেল-৫-২৩ নামৰ এটা ড্ৰোণৰ পৰীক্ষা কৰিছে৷ ২০২৩ চনত ইয়াৰ প্ৰাথমিক পৰীক্ষা সম্পূৰ্ণ হৈছিল৷ এই ড্ৰোণ উত্তৰ কোৰিয়াৰ পাৰমাণৱিক ক্ষমতাৰ নতুন অগ্ৰগতিৰ প্ৰতিফলন৷ মাৰ্কিন যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া আৰু জাপানৰ যৌথ সামৰিক যুদ্ধৰ প্ৰতিক্ৰিয়াত উত্তৰ কোৰিয়াই নতুন অস্ত্ৰৰ সফল পৰীক্ষাৰ কথা ঘোষণা কৰিছিল৷ সেই দেশৰ প্ৰতিবেদনে দাবী কৰে যে, ড্ৰোণটিয়ে পাৰমাণৱিক অস্ত্ৰ বহন কৰিব পাৰে আৰু ব্যাপক ধ্বংসযজ্ঞ চলাব পাৰে৷ যাৰ ফলত ছুনামীৰ দৰে ঢৌ তৈয়াৰ হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















