বিগত ২২ এপ্ৰিলত পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই ভাৰত-পাকিস্তানৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অপাৰেছন সিন্দূৰৰ মাধ্যমেৰে ভাৰতৰ প্ৰত্যাঘাতত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯ স্থানত সন্ত্ৰাসবাদী ঘাঁটি ধ্বংস কৰিছে ভাৰতে৷ দুই দেশৰ মাজৰ সংঘাতৰ মাজতেই দেশৰ একাধিক চহৰত ব্লেক আউটৰ লগতে হাই এলাৰ্টো জাৰি কৰা হৈছিল৷ শেহতীয়াকৈ দুই দেশে যুদ্ধবিৰতি ঘোষণা কৰিছে৷ যুদ্ধবিৰতি ঘোষণাৰ পাছতেই পৰিস্থিতি কিছু শান্ত হৈছে৷ সংঘাত আৰু সংঘৰ্ষবিৰতিৰ মাজতেই আকৌ দুই দেশৰ পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰক লৈ আলোচনা আৰম্ভ হৈছে৷ কিন্তু জানেনে বিশ্বৰ সকলোতকৈ শক্তিশালী পাৰমাণৱিক বোমা কোন দেশৰ হাতত আছে?
হিৰোছিমাত আঘাত কৰা লিটন বয়ৰ তুলনাত তিনি হাজাৰ গুণ শক্তিশালী পাৰমাণৱিক বোমা মজুত আছে ৰাছিয়াত৷ নাম জাৰ বোম্বা৷ ১৯৬১ চনত ছোভিয়েট ইউনিয়নে এই বোমা তৈয়াৰ কৰিছিল৷ ৫০ মেগাটন টিএনটি বিস্ফোৰকৰ মাজত মজুত আছে৷ জাৰ বোম্বা বিস্ফোৰণত ৬০ কিঃমিঃ ওখ পৰ্যন্ত মাছৰুম ক্লাউড হ’ব পাৰে৷
আন্তৰ্জাতিক সংবাদমাধ্যম সূত্ৰৰ পৰা জনা গৈছে ৰাছিয়াৰ শক্তিশালী পাৰমাণনিক বোমা জাৰ বোম্বা বিস্ফোৰণ হ’লে ৩৫ কিঃমিঃ বৃত্তৰ মাজত সকলোবোৰেই ধ্বংস হৈ যাব৷ ১০০ কিঃমিঃৰ ভিতৰত সকলোবোৰেই পুৰি ছাৰখাৰ হৈ যাব৷ তাতেই বিস্ফোৰণো হ’ব৷ হাজাৰ কিঃমিঃৰ ভিতৰত সকলো কাঁচৰ খিৰিকি, দুৱাৰ ভাঙি চূৰমাৰ হৈ পৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















