পানী বিচাৰি হাহাকাৰ পাকিস্তানৰ, সিন্ধুৰ পানীৰ বাবে ভাৰতলৈ অনুৰোধৰ চিঠি
ভাৰত চৰকাৰে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছতে পাকিস্তানত হুলস্থুলৰ সৃষ্টি হৈছে। পানীৰ বাবে এতিয়া হাহাকাৰ পাকিস্তানত। যাৰ বাবে পাকিস্তানৰ শ্বাহবাজ চৰকাৰে ভাৰতক নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আবেদন জনাইছে। একপ্ৰকাৰৰ অনুৰোধ কৰিছে ভাৰতৰ সিন্ধুৰ পানীৰ বাবে।
ভৱিষ্যতৰ সংকটৰ পৰিপ্ৰেক্ষিতত ভাৰতলৈ আহ্বান জনাইছে পাকিস্তানে। শ্বাহবাজ চৰকাৰে কয় যে, ভাৰতৰ সিন্ধু নদী সন্ধি স্থগিত ৰখাৰ সিদ্ধান্তই পাকিস্তানত সংকটৰ সৃষ্টি কৰিব।
পাকিস্তানৰ জলসম্পদ মন্ত্ৰালয়ৰ সচিব চৈয়দ আলী মুৰ্তাজাই জল শক্তি মন্ত্ৰালয়ৰ সচিব দেৱশ্ৰী মুখাৰ্জীলৈ এখন পত্ৰ লিখিছে। এই পত্ৰত সিন্ধু সন্ধি সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে আবেদন জনাইছে।
এই বিষয়ত পাকিস্তানে কথা পাতিবলৈ সাজু বুলি চিঠিখনত কোৱা হৈছে। সূত্ৰ অনুসৰি নিয়ম অনুসৰি এই পত্ৰখন বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে পাক চৰকাৰে।
সূত্ৰ অনুসৰি পাকিস্তানৰ এই অনুৰোধৰ প্ৰতি ভাৰতৰ কোনো সহানুভূতি নাই। সোমবাৰে দেশবাসীক দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে তেজ আৰু পানী একেলগে বৈ যাব নোৱাৰে।
ভাৰতে এতিয়া তিনিখন নদীৰ পানী নিজৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ওপৰত ততাতৈয়াকৈ কাম আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰিও মধ্যম আৰু দীৰ্ঘম্যাদী পৰিকল্পনাও চূড়ান্ত কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















